Krishi Jagran Tamil
Menu Close Menu

আপুনি পৰিছে নেকি তৎকালীন ঋণ প্রদান কৰা চক্রৰ জালত, জানি লওঁক কেনেকৈ এই জালৰ পৰা বাছি থাকিব ।

Wednesday, 30 December 2020 06:29 PM
Cautions for instant digital loan Image Credit - Dainik Bhaskar

Cautions for instant digital loan Image Credit - Dainik Bhaskar

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে (RBl) জনসাধাৰণক ঋণ প্ৰদান কৰা ডিজিটেল ম'বাইল এপৰ বিষয়ে সতৰ্ক হ'বলৈ প্রায়ে ব্যৱস্থা গ্রহণ কৰিছে। বর্তমান সময়ত এপৰ জৰিয়তে কোটি কোটি টকাৰ কেলেংকাৰী জড়িত হৈছে কিছুমান দুষ্ট চক্রই। এই দুষ্ট চক্র সমূহে google PlayStore ত বহুতো Apps মুকলি কৰিছে যি সমুহে তৎকালীন লোন দিয়াৰ প্রতিশ্রুতি দিয়ে ৷ যোৱা কেইদিনমান আগতে এনে ধৰণৰ এপৰ পৰা ঋণ লোৱাৰ পিছত অন্ধ্ৰ প্ৰদেশৰ তিনিজন লোক আত্মহত্যা কৰিবলৈ বাধ্য হৈছে ৷  লগে লগে আৰক্ষী প্রশাসন অধিক তৎপৰ হৈ উঠে ৷ 

আচলতে, এনে এপৰ যোগেৰে, বহু উচ্চ সূতৰ হাৰত অতি কম সময়ৰ ভিতৰতে ঋণ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। পিছত, তেওঁলোকে পৰিশোধ কৰাৰ বাবে বহু হাৰাশস্তি কৰি থাকে । বর্তমান এই মহামাৰী সময়ত লোক সকলৰ মাজত এনে সেৱাৰ জনপ্ৰিয়তা বৃদ্ধি পাই আহিছে ।

কেইদিনমান আগতে, আৰক্ষীয়ে গুৰুগ্ৰাম আৰু হায়দৰাবাদত চাৰিটা তৎক্ষণিক ঋণ প্রদানকাৰী এপৰ বিত্ত কাৰ্য্যালয়ত অভিযান কৰিছিল। ইয়াৰে দুটা কাৰ্য্যালয় গুৰুগ্ৰামত আৰু দুটা হায়দৰাবাদত আছে। জানিব দিয়া মতে ইয়াৰ সমগ্ৰ নেটৱৰ্ক জার্কাতাৰ পৰা চলি আছিল।

হায়দৰাবাদৰ যুটীয়া আৰক্ষী আয়ুক্ত অবিনাশ মহান্তই কৈছিল যে এই চাৰিটা কাৰ্য্যালয়ত ৩০ টা ঋণ এপ চলি আছে। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ অনুমোদন অবিহনে, এই এপবোৰৰ পৰা লোকসকলক 35% সূতৰ হাৰত ঋণ দিয়া হৈছিল। অর্থাৎ তিনি মাহত দুগুণ কৰা হৈছিল । এই ম'বাইল এপৰ ঋণ লওঁতাক ভাবুকি দিছিল যেতিয়া তেওঁলোকে সময়ৰ মতে ঋণৰ কিস্তি পৰিশোধ কৰিব অসমর্থ হয় । এই ভাবুকি আৰু উৎপীড়ন সহিব নোৱাৰি যেতিয়া হায়দৰাবাদত তিনিজন লোকে আত্মহত্যা কৰিছিল, এই বিষয়টো শীর্ষ মহলত চর্চা লৈ আহে ৷

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে কি কি সাৱধানতা অৱলম্বন কৰাৰ পৰামর্শ দিছে?

তৎকালীন ঋনৰ প্রতি মানুহ আকর্ষিত হৈ আছে । গতিকে ম'বাইল এপৰ যোগেৰে ঋণ গ্রহণ নকৰিব, কিয়নো আপোনাৰ নথিপত্ৰবোৰ বাবে আৰক্ষীয়ে ব্যবস্থা গ্রহণ কৰিব পাৰি।

  • ঋণ প্ৰদানকাৰী কোম্পানীবোৰৰ অতীতৰ ৰেকৰ্ড পৰীক্ষা কৰি লব ৷ এনে কোম্পানীবোৰে গ্ৰাহকৰ পৰা অধিক সুত আদায় কৰে, লগতে বিভিন্ন গোপন মাচুল, যিবোৰ গ্ৰাহকসকলে আৰম্ভণিতে নাজানে।

  • গ্ৰাহকসকলে কেতিয়াও তেওঁলোকৰ কে.ৱাই. চি. নথিপত্ৰ ইউনিডেন্ট কৰা ব্যক্তি, অনিশ্চিত/অকৰ্তৃত্বশীল এপলৈ প্রদান কৰিব নালাগে।

এনে জালিয়াতিৰ বিৰুদ্ধে ক'ত অভিযোগ কৰিব?

গ্ৰাহকসকলে এনে এপ আৰু বেঙ্ক একাউণ্ট অনলাইনৰ অভিযোগ কৰিব পাৰে। এই অনলাইন পোৰ্টেলৰ নাম সচেত।

এই অনলাইন অভিযোগ দিয়াৰ বাবে https://sachet.rbi.org.in/ ত গৈ কৰিব পাৰে।

ঋণ দিয়া হৈছে নে নাই কেনেদৰে জানিব ?

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ মতে, সকলো ডিজিটেল ঋণ প্ৰদানকাৰী এপে গ্ৰাহকসকলক বেঙ্ক বা এনবিএফচি (NBFC) প্ৰকাশ কৰিব লাগে যাৰ যোগেৰে তেওঁলোকে ঋণ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

পঞ্জীভুক্ত এনবিএফচি-ৰ নাম আৰু ঠিকনা ৰিজাৰ্ভ বেঙ্কৰ ৱেবছাইটলৈ গৈ পৰীক্ষা কৰিব পাৰি। পোৰ্টেলৰ যোগেৰে তেওঁলোকৰ বিৰুদ্ধে অভিযোগো দাখিল কৰিব পাৰি।

Fraud loan Instant money loans Digital loan Apps loan

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.