Krishi Jagran Tamil
Menu Close Menu

ISFR Report: দুটা বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ ১০২০ বৰ্গ কিমি বনাঞ্চল হ্ৰাস

Friday, 14 January 2022 11:53 AM
Forest Cover in North East reduced by over 1020 Sq. KM

Forest Cover in North East reduced by over 1020 Sq. KM

ইণ্ডিয়া ষ্টেট অৱ ফৰেষ্ট ৰিপ'ৰ্ট (ISFR) ৰ শেহতীয়াকৈ প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি বিগত দুটা বছৰত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মুঠ বনাঞ্চল ১,০২০ বৰ্গ কিলোমিটাৰ হ্ৰাস হৈছে । উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ বনাঞ্চল দেশৰ মুঠ বনাঞ্চলৰ ২৩.৭৫ শতাংশ ।

পৰিৱেশ মন্ত্ৰালয়ৰ ইণ্ডিয়া ষ্টেট অৱ ফৰেষ্ট ৰিপ'ৰ্ট (ISFR) ২০২১-ত প্ৰকাশ কৰা হৈছে যে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মুঠ বনাঞ্চল হৈছে ১,৬৯,৫২১ বৰ্গ কিলোমিটাৰ । উত্তৰ পূৱৰ মুঠ ভৌগোলিক এলেকা ২,৬২,১৭৯ বৰ্গ কিলোমিটাৰ যিটো দেশৰ মুঠ ভৌগোলিক এলেকাৰ ৭.৯৮ শতাংশ ।

ইণ্ডিয়া ষ্টেট অৱ ফৰেষ্ট ৰিপ'ৰ্ট (ISFR) ৰ তথ্য অনুসৰি বিগত দুটা বছৰত অৰুণাচল প্ৰদেশে সৰ্বাধিক ২৫৭ বৰ্গ কিলোমিটাৰ, মেঘালয় ২৪৯ বৰ্গ কিলোমিটাৰ, নাগালেণ্ড ২৩৫ বৰ্গ কিমি, মিজোৰাম ১৮৬ বৰ্গ কিমি, মেঘালয় ৭৩ বৰ্গ কিমি, অসম ১৫ বৰ্গ কিলোমিটাৰ, ত্ৰিপুৰা ৪ বৰ্গ কিলোমিটাৰ আৰু ছিকিমে এক বৰ্গ কিলোমিটাৰ বনাঞ্চল হেৰুৱাইছে ।

Forest Cover in North East for Jhum Cultivation

Forest Cover in North East for Jhum Cultivation

প্ৰতিবেদন অনুসৰিদেশৰ এই অঞ্চলটো স্থানান্তৰ/ঝুম খেতিৰ দ্বাৰা চিহ্নিত কৰা হয়, যত বনভূমি কৃষিভূমিলৈ ৰূপান্তৰিত হয় আৰু পথাৰবোৰ তুলনামূলকভাৱে কম সময়ৰ বাবে খেতি কৰা হয়।

তাৰ পিছত এলেকাটো পুনৰুদ্ধাৰ কৰিবলৈ দীঘলীয়া সময়ৰ বাবে পৰিত্যক্ত কৰি ৰখা হয় আৰু নিৰ্দিষ্ট বছৰৰ পিছত এই কাৰ্যকলাপটো পুনৰাবৃত্তি কৰা হয় । দ্বিবাৰ্ষিক প্ৰতিবেদনত কোৱা হৈছে যে এনে কৃষি পদ্ধতিৰ ফলত মুখ্যতঃ এই অঞ্চলত বনাঞ্চলৰ তাৰতম্য হয় ।

লগতে পঢ়ক ঃ ২০২১ বৰ্ষত অসমত চাহ উৎপাদন ৮% হ্ৰাস: NETA

Clerodendrum phlomidis Forest

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2022 Krishi Jagran Media Group. All Rights Reserved.