Krishi Jagran Tamil
Menu Close Menu

ক'ৰ'না সৃষ্ট পৰিৱেশৰ বাবে উচিত দাম নাপাই উৎপাদিত সামগ্রী নষ্ট কৰিবলৈ বাধ্য হৈছে বহু কৃষকে

Wednesday, 12 May 2021 03:10 PM
A huge numbers of tomato and others vegetables been destroyed in sonitpur district of Assam

A huge numbers of tomato and others vegetables been destroyed in sonitpur district of Assam

    ক'ৰ'নাকেন্দ্রিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নিজৰ কৃষিভূমিত উৎপাদিত সামগ্ৰীৰ উচিত বজাৰ মূল্য নাপাই হাহাকাৰ কৰা বহু দুৰ্ভগীয়া যুৱ কৃষকে কুইণ্টলে কুইণ্টলে বিভিন্ন কৃষি সামগ্রী নিজেই এফালৰপৰা নষ্ট কৰি পেলাবলগীয়া হৈছে। উল্লেখ্য যে শােণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ গড়মৰা অঞ্চলৰ যুৱ কৃষক ফুকন বড়ােৱে এই বৰ্ষত নিজৰ প্ৰায় আঢ়ৈ বিঘা কৃষিভূমিত বিলাহী, দুই কঠা মাটিত বেঙেনা আৰু দুই কঠা মাটিত কেপচিকামৰ লগতে অন্যান্য বিভিন্ন খেতি কৰিছিল। নিচেই পুৱাই কৃষিভূমিলৈ ওলাই যােৱা ফুকন বড়ােৰ আঢ়ৈ বিঘা মাটিত বহু পৰিমাণে বিলাহী উৎপাদন হৈছিল। যুৱ কৃষকগৰাকীয়ে উৎপাদিত ১০ কুইণ্টলতকৈ অধিক বিলাহী বজাৰলৈ নিয়ে যদিও বিলাহীৰ উচিত দাম নােপােৱাত হতাশ হৈ পৰে। আনকি গড়মৰাৰপৰা বজাৰলৈ বিলাহী নিয়াৰ ভাৰাৰ টকাকেইটাও নােপােৱাত যুৱ কৃষকগৰাকী দিশহাৰা হৈ পৰে।

আৰু পঢ়ক- আপোনাৰ Aadhar Card খন কেনেকৈ সুৰক্ষিত কৰি ৰাখিব; আপুনি ঘৰত বহিয়েই সহজে লক বা আনলক কৰিব পাৰে, জানক কেনেকৈ

    এই ক্ষেত্ৰত যুৱ কৃষক ফুকন বড়ােৱে কয় কষ্টৰ ফলতে মােৰ কৃষিভূমিত যথেষ্ট পৰিমাণে বিলাহী উৎপাদন হৈছিল। প্রথম দিনাই মই দহ কুইণ্টলৰাে অধিক বিলাহী বজাৰলৈ নিছিলোঁ যদিও উচিত দাম নাপালোঁ। উপায়হীন হৈ কুইণ্টলে কুইণ্টলে বিলাহী গৰুক খুৱাব বাধ্য হৈছিলোঁ। অকল বিলাহী খেতিতে মই প্রায় ৩০ হাজাৰ টকা খৰচ কৰিছিলোঁ যদিও এইবাৰ মােৰ ৫৫-৬০ কুইণ্টলৰাে অধিক বিলাহী লােকচান হয়। উচিত বজাৰ মূল্য নােপােৱাৰ বাবে বেঙেনা আৰু কেপচিকামতাে মই বৃহৎ লােকচানৰ সন্মুখীন হৈছো। ক'ৰণাসৃষ্ট পৰিৱেশৰ বাবে মােৰ সকলাে ফালেই লােকচান সন্মুখীন হৈছো। এতিয়া কিদৰে চলিম, পৰিয়াল ভৰণ-পােষণ দিম সেয়া ভাবি পােৱা নাই। নিজৰ গাঁঠিৰ ধন ভাঙি খেতি কৰি উৎপাদিত সামগ্ৰীৰ উচিত দাম নাপাই লােকচানৰ সন্মুখীন হােৱা আদর্শ কৃষক ফুকন বড়ো দুখত ভাগি পৰিছে।

আৰু পঢ়ক- ধান খেতিত কেনেকৈ অধিক লাভ অৰ্জন কৰিব পাৰি? (Increase production of Rice Farming )

  আনহাতে, গড়মৰা অঞ্চলৰে আন এজন যুৱকে খেতিত ৮০ হাজাৰৰাে অধিক টকা খৰচ কৰি অৱশেষত উৎপাদিত ফচলৰ মূল্য নােপােৱাৰ বাবেই হতাশ হৈ পৰিছে। বিগত বৰ্ষতে ক'ৰ'নাৰ ভয়াৱহ সংক্ৰমণৰ বাবেই ফুকন বড়ােৱে বজাৰ নাপাই বৃহৎ পৰিমাণৰ স্ট্রবেৰী খেতি এফালৰপৰা গৰুক খুৱাই নষ্ট কৰি দিছিল। শিক্ষিত নিবনুৱা যুৱক ফুকন বড়ােৱে বিগত বৰ্ষত ২ বিঘাৰাে অধিক ভূমিত ষ্টবেৰীৰ খেতি কৰিছিল। কিন্তু ভয়াৱহ ক’ৰ'না ভাইৰাছৰ সংক্রমণ প্রতিৰােধৰ বাবেই বাধ্য হৈ চৰকাৰে ঘােষণা কৰা লকডাউনত বজাৰ বন্ধ হােৱাত উৎপাদিত ষ্ট্রবেৰী বিক্ৰী কৰাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছিল। ইয়াৰ পাছতে উচিত মূল্য নাপাই কেইবালাখ টকা মূল্যৰ ষ্টবেৰী গৰুক খুৱাই দিছিল। 

     মন কৰিবলগীয়া এই যে অসম চৰকাৰৰ কৃষি বিভাগে এই ক্ষেত্ৰত গুৰুত্ব নিদিলে কৃষি কর্মৰে স্বাৱলম্বিতাৰ পথ বিচৰা এনে বহু আদর্শ যুৱ কৃষকে নিজৰ উৎপাদিত কৃষি সামগ্রী বিক্ৰী কৰাত ব্যাপক সমস্যাৰ সন্মুখীন হ'ব।

আৰু পঢ়ক- এই ক'ৰনা মহামাৰীৰ সময়ত আৰম্ভ কৰক এই খেতি; মাত্ৰ ১৫ হাজাৰ টকা বিনিয়োগ কৰি প্রতিমাহে উপার্জন কৰক অতিকমেও৫০ হাজাৰ টকা 
Tomato Farming Tomato Cultivation Assam Agriculture news Agri news

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.