Krishi Jagran Tamil
Menu Close Menu

14 মে'ত দেশৰ সকলো কৃষকে লাভ কৰিব ২০০০কৈ টকা, প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে ঘোষনা

Thursday, 13 May 2021 11:43 AM
Pm kisan 8th installment disburse on 14may, 2021

Pm kisan 8th installment disburse on 14may, 2021

   বর্তমান সমগ্ৰ দেশৰ কৃষকসকলে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অষ্টম কিস্তিৰ বাবে অপেক্ষা কৰি আছে। এক দীঘলীয়া অপেক্ষাৰ অন্তত, কৃষকসকলে অৱশেষত প্ৰধানমন্ত্ৰী কিষান আঁচনিৰ অষ্টম কিস্তি লাভ কৰিবলৈ গৈ আছে, ভাল খবৰটো হ'ল এই যে তাৰিখটো প্ৰধানমন্ত্ৰী মোডীয়ে নিজেই নিৰ্ধাৰণ কৰিছে।

   বর্তমান, প্ৰধানমন্ত্ৰী মোডীয়ে ১৪ মে' তাৰিখে অষ্টম কিস্তি মুকলি কৰি দিম বুলি তাৰিখ দিছে। যিহেতু সেইদিনা মুছলমান ধর্মাৱলম্বী লোকসকলৰ পৱিত্র ঈদ, তাৰ লগত সংগতি ৰাখি মোদীয়ে এক অনুস্থানত ভাগ লব বুলি PMO অফিচৰ ফালৰ পৰা কোৱা হৈছে। লগতে কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোডীয়ে কৃষকসকলৰ সৈতে কেইবাটাও বিষয়আলোচনা কৰিব।

   উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অন্তিম কিস্তিটো 25 ডিচেম্বৰ, 2020 তাৰিখে মুকলি কৰি দিছিল। এই কিস্তিত সমগ্র দেশত প্রায় ₹18,000 কোটি টকা কৃষকৰ একাউন্টত জমা কৰা হৈছিল।

আৰু পঢ়ক- HAV S1: অত্যাধুনিক প্রযুক্তিৰ ভাৰতৰ প্ৰথম স্বয়ংক্ৰিয় হাইব্ৰিড ট্ৰেক্টৰ মুকলি, যিয়ে বর্তমানৰ তুলনাত 50% লৈকে ইন্ধন ৰাহি কৰিব পাৰে

আপোনাৰ নাম কেনেদৰে পৰীক্ষা কৰিব (how to chek your name)

1. প্রথমতে আপুনি https://pmkisan.gov.in/ ত লগ ইন (Log in) কৰক।

2. ইয়াৰ পিছত আপুনি 'Farmers Corner' বুলি বিকল্প দেখা পাব, তাত ক্লিক কৰিব।

3. এতিয়া 'Farmers Corner'ৰ পৰা ''Beneficiary List" বিকল্প বাছনি কৰক।

4. ''Beneficiary List" বিকল্পত ক্লিক কৰক।

5. এই পৃষ্ঠাত, ড্ৰপ ডাউন তালিকাৰ পৰা ৰাজ্য, জিলা, উপ-জিলা, ব্লক আদি তথ্য বিচৰা ধৰণে প্রৱিষ্ট কৰক। তাৰ পিছতে ইয়াত হিতাধিকাৰীসকলৰ সম্পূৰ্ণ তালিকা আপোনাৰ আগত প্ৰদৰ্শন কৰা হ'ব।

এই আঁচনিৰ অধীনত কৃষকসকলে লোন পাব পাৰে (loan through PMkisan)

    মনত ৰাখিব, প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি আঁচনিৰ অধীনত কৃষকসকলক আত্মনিৰ্ভৰশীলতাৰ লগতে ঋণৰ বাবে পুঁজি প্ৰদান কৰা হয় যাতে তেওঁলোকে আর্থিকভাৱে উন্নতি কৰিব পাৰে। এই ঋণ কিষাণ ক্ৰেডিট কাৰ্ডৰ অধীনত, ভাৰত চৰকাৰৰ আত্মনির্ভৰশীল অভিযানৰ অধীনত কৃষকসকলক আৱণ্টন কৰা হয়। চৰকাৰে যোৱা বছৰ কৃষকসকলক এই আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰিছিল যাতে আমাৰ কৃষক বন্ধুসকলে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে। ইয়াৰ বাবে, কৃষকসকলে এক নিৰ্দিষ্ট পদ্ধতি অৱলম্বন কৰিব লাগিব।

KCC কার্ড PMkisanৰ সৈতে সংযোগ কৰক

    কৃষক ক্ৰেডিট কাৰ্ডবোৰ প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি যোজনাৰ সৈতে সংযোগ কৰক। ফলস্বৰূপে, কৃষকসকলে কিষাণ ক্ৰেডিট কাৰ্ডৰ অধীনত সহজ কিস্তিত ঋণ লাভ কৰিব সক্ষম হব।

আৰু পঢ়ক- সুকন্যা সমৃদ্ধি যোজনা: আপোনাৰ ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত কৰক (Sukanya Samriddhi Yojana: Secure Your Daughter’s Future)

PM kisan আঁচনি কি?

   কেন্দ্ৰীয় চৰকাৰে আত্মনিৰ্ভৰশীল আৰু অৰ্থনৈতিকভাৱে দেশৰ অন্নদাতা কৃষকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে কিষাণ সন্মান নিধি যোজনা ২০১৫ চনত আৰম্ভ কৰিছিল। আঁচনিখনে কৃষকসকলক প্ৰতি বছৰে 6,000 টকা পৰিশোধ কৰাৰ ব্যৱস্থা কৰিছে। ওপৰোক্ত টকাখিনি কৃষকবন্ধু সকলক প্রত্যেক চাৰিমাহৰ মূৰে মূৰে তিনিটা কিস্তিত 2,000 টকাকৈ কৃষক সকলৰ একাউন্টত জমা কৰে। 

অভিযোগ (Complaint)-

আপোনাৰ নামটো নাথাকিলে কি কৰিব

   যদি আপোনৰ একাউন্টত সময় মতে পইচা জমা হোৱা নাই আগতে দুই-তিনিটা কিস্তি পোৱাৰ পিছত বন্ধ হৈ আছে আৰু যিকোনো ধৰণৰ সহায়ৰ প্রয়োজন তেন্তে তলত দিয়া নম্বৰ কেইটাত যোগাযোগ কৰিব পাৰে -

PM Kissan Toll Free Number -18001155266

PM kissan Helpline Number - 155261

Email ID- pmkissan-ict@gov.in

আৰু পঢ়ক- আপুনি ভেকচিন গ্রহণ কৰিলে নে? কোনটো বেছি কার্য্যকৰী- কভাক্সিন নে কভিশ্বিল্ড (Covid Vaccine: Which is Better - Covaxin or Covishield?)
PM KISAN PM Kisan 8th installment Assam news

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.