Krishi Jagran Tamil
Menu Close Menu

PM Kisan- ইয়াৰ নৱম কিস্তিত ডাঙৰ আপডেট, কেনেকৈ টকা পাব

Wednesday, 21 July 2021 04:41 PM
PM Kisan update

PM Kisan update

  প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (Prime Minister Kisan Samman Nidhi Yojana) সন্দৰ্ভত ডাঙৰ আপডেট আহি পৰিছে। যদি আপুনি আঁচনিখনৰ নৱম কিস্তিৰ বাবে অপেক্ষা কৰি আছে, এই বাতৰিটো জনাটো অতি গুৰুত্বপূৰ্ণ৷ কেন্দ্রীয় চৰকাৰে আগষ্ট-নৱেম্বৰৰ ভিতৰত প্ৰায় ১২ কোটি কৃষকৰ বেংক একাউন্টত প্ৰধানমন্ত্ৰী কিষাণ ৯ম কিস্তিৰ (PM kisan 9th installment) ধন জমা কৰিব৷ এই যোজনাৰ অধীনত কৃষকসকলক কেন্দ্ৰীয় চৰকাৰে বার্ষিক ৬০০০ টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰে৷ কেৱল যিসকলৰ নামত কৃষিভূমি আছে তেওঁলোকেহে এই আঁচনিৰ সুবিধা লাভ কৰিব, অৱশ্যে অসমৰ ক্ষেত্রত কেৱল তিনিবছৰ বা তাতকৈ অধিক কাল খেতি কৰা কৃষকে ইয়াৰ সুবিধা লব পাৰে।

   ৭ জুলাইলৈকে প্ৰধানমন্ত্ৰী কিষাণ পৰ্টেলত প্ৰাপ্ত তথ্য অনুসৰি, আঁচনিখনৰ অধীনত ১২ কোটিতকৈও অধিক কৃষকে ইতিমধ্যে পঞ্জীয়ন কৰিছে৷ এক বিশেষ সুত্রত জানিব পৰা মতে নৱম কিস্তিটো কেন্দ্ৰীয় চৰকাৰে আগষ্টত জাৰী কৰিব৷ এই আঁচনিৰ অধীনত ধন পোনপটীয়াকৈ কৃষকৰ একাউণ্টলৈ জমা কৰা হয়৷

তালিকাত আপোনাৰ নাম আছে নে নাই পৰীক্ষা কেনেদৰে কৰিব

  • কিষাণ যোজনাৰ ৱেবছাইটত https://pmkisan.gov.in দৰ্শন কৰক
  • আপুনি হোমপেজত ফাৰ্মাৰ্ছ কৰ্ণাৰ বিকল্পত ক্লিক কৰিব লাগিব
  • ফাৰ্মাৰ্ছ কৰ্ণাৰ শাখাৰ ভিতৰত হিতাধিকাৰীতালিকা বিকল্পত ক্লিক কৰক
  • ৰাজ্য, জিলা, খণ্ড আৰু গাওঁ ড্ৰপডাউন তালিকাত বাছনি কৰিব লাগে
  • তাৰ পিছত Get Reportত ক্লিক কৰক
  • এইবাৰ হিতাধিকাৰীসকলৰ সম্পূৰ্ণ তালিকা ওলাই আহিব। ইয়াত আপোনাৰ নাম আছে নে নাই পৰীক্ষা কৰক

   প্ৰধানমন্ত্ৰী কিষাণ পৰ্টেলৰ মতে, আঁচনিখনৰ প্রতি বছৰৰ প্ৰথম কিস্তি ১ ডিচেম্বৰৰ পৰা ৩১ মাৰ্চৰ ভিতৰত দিয়া হয়৷ দ্বিতীয় কিস্তি ১ এপ্ৰিলৰ পৰা ৩১ জুলাইৰ ভিতৰত দিয়া হয়৷ তৃতীয় কিস্তি১ আগষ্টৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত দিয়া হয়৷ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা ২৪ ফেব্ৰুৱাৰী, ২০১৯ত মোডী চৰকাৰে প্ৰতি বছৰে কৃষকসকলক ৬০০০ টকাৰ বিত্তীয় সাহায্য তিনিটা কিস্তিত প্ৰদান কৰি আহিছে৷

PM KISAN PM Kisan 8th installment

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.