Krishi Jagran Tamil
Menu Close Menu

ছট্টিশগড়ৰ দূধর্ষ সন্রাসবাদী মাওবাদীৰ আহ্বান; সন্তানক সেনা বাহিনীত ভর্তি হ'বলৈ নপঠাব লগতে 26 এপ্রিলত ভাৰত বন্ধৰ আহ্বান

Saturday, 10 April 2021 10:30 AM
Naxals terrorism supported Farmers Act

Naxals terrorism supported Farmers Act

    যোৱা কেইদিনমান আগতে ঘেৰাও কৰি ২২ জনকৈ CRPF জোৱানক হত্যা কৰাৰ পিছত প্রথম বাৰৰ বাবে মুখ খুলিছে সন্ত্রাসবাদী সংগঠনটোই ৷ উল্লেখযোগ্য যে নক্সালবাদীৰ আক্ৰমণত ২২ গৰাকী জোৱান নিহত হোৱাৰ পিছতে সোমবাৰে ছট্টিশগড় অভিমুখে ৰাওনা হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

   তাত উপস্থিত হৈ গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল যে আমাৰ এই নক্সালবাদ বিৰোধী যুঁজক ‘নিৰ্ণায়ক ৰূপ’ দিয়াৰ বাবে ২২ গৰাকী ছহিদৰ ত্যাগ স্মৰণীয় হৈ থাকিব আৰু এই যুঁজখনৰ সমাপ্তিৰ বাবে আমাৰ অভিযান আৰু অধিক তীব্ৰতৰ আৰু কঠোৰ কৰা হ’ব।

   গৃহমন্ত্ৰীৰ এই ঘোষণাৰ পিছত দূদর্ষ মাওবাদী সংগঠনটোৱে এক বিবৃতি প্রকাশ কৰি স্পষ্ট কৰে যে তেওঁলোকৰ এই যুঁজ নিৰাপত্তা বাহিনীৰ জোৱানৰ বিৰুদ্ধে নহয়, এই যুঁজ পুঁজিবাদ আৰু দেশত অব্যাহত থকা ব্ৰাহ্মণ্যবাদৰ বিৰুদ্ধে বুলি উল্লেখ কৰে।

   মাওবাদীৰ মুখপাত্ৰ অভয়ে সোমবাৰে বিবৃতিটোত প্রশ্ন কৰে যে তেঁওলোকে “অমিত শ্বাহে কাৰ ওপৰত প্ৰতিশোধ ল’ব? নিপীড়িত লোক আৰু মাওবাদী একে৷ তেনেস্থলত প্ৰতিশোধৰ প্রসংগটো অস্পষ্ট।

   বিবৃতিটোত মাওবাদী সন্ত্রাসবাদী সংগঠনটোই অনুৰোধ কৰে যে অভিভাৱক সকলেযাতে সন্তানক নিৰাপত্তা বাহিনীলৈ নপঠায়। কিয়নো তেওঁলোকে ভালদৰে জানে যে নিৰাপত্তা বাহিনীত নিযুক্তি পোৱাসকল সমাজৰ শোষিত শ্ৰেণীৰে অংশ আৰু যেতিয়া নিৰাপত্তাবাহিনীৰ লোক তেওঁলোকৰ বিৰুদ্ধে যুঁজিবলৈ হাতত অস্ত্ৰ লৈ আহে তেতিয়া আত্মাৰক্ষাৰ স্বার্থত নিৰাপত্তাবাহিনীৰ সৈতে যুদ্ধত লিপ্ত হবলৈ বাধ্য হয়৷ তাৰোপৰি তেওঁলোকে মৃতকৰ পৰিয়ালৰ সশ্রদ্ধ প্রনিপাত জনায়৷

   ইতিমধ্যে যোৱা চাৰি মাহত ২৮ গৰাকী মাওবাদীয়ে প্ৰাণ হেৰুৱা বুলি দাবী কৰি বিবৃতিটোত উল্লেখ কৰে যে এই সময়ছোৱাত নক্সালবাদীয়ে আত্মৰক্ষাৰ বাবে চলোৱা প্রত্যাক্ৰমণত প্ৰায় ১০০ গৰাকী সেনা জোৱান নিহত ও আহত হৈছে।

   ইফালে কেন্দ্ৰীয় চৰকাৰে যোৱা ছেপ্টম্বৰত সংসদত গৃহীত কৰা বিতৰ্কিত তিনিখন কৃষি আইন বাতিলৰ দাবীত চলি থকা কৃষক আন্দোলনক সম্পূর্ণ সমৰ্থন থকা বুলি মত ব্যক্ত কৰি মাওবাদী সংগঠনটোৱে অহা ২৬ এপ্ৰিলত দেশজোৰা ভাৰত বন্ধৰ আহ্বান কৰিছে। এতিয়া এই আহ্বান জনসাধাৰণে মানি চলে নে নচলে লক্ষ্যনীয় হ'ব।

আৰু পঢ়ক- আপুনি ডালিম খাই ভাল পায় নেকি? তেন্তে আপোনাৰ বাবে আছে ভাল খৱৰ। নিয়মিত ডালিম খালে দূৰ কৰে হৃদৰোগ

Naxals Chattisgarh naxals Farmers act 2020-2021

Share your comments

More on this section

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.