Krishi Jagran Tamil
Menu Close Menu

কৃষকসকলৰ বাবে ভাল খবৰ: ৩১ মাৰ্চৰ আগতে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ বাবে পঞ্জীয়ন কৰক আৰু দুগুণ লাভালাভ লাভ কৰক

Monday, 08 March 2021 10:00 AM
PM Kisan yojana

PM Kisan yojana

   চৰকাৰে অতি সোনকালে প্ৰধানমন্ত্ৰী কিষান সন্মান নিধি যোজনাৰ ৮ম কিস্তি মুকলি কৰিবলৈ গৈ আছে। আপোনালোকৰ বহুতে ইতিমধ্যে জানিব পাৰে যে প্ৰধানমন্ত্ৰী কিষান আঁচনিৰ অধীনত, কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক তিনিটা কিস্তিত প্ৰতি বছৰে ৬০০০ টকাৰ বিত্তীয় সহায় প্ৰদান কৰে। অন্তিম বা ৭ম কিস্তি ২০২০ চনৰ ২৫ ডিচেম্বৰত মুকলি কৰা হৈছিল।

দুটা কিস্তি লাভ কৰিবলৈ 31 মাৰ্চৰ আগতে পঞ্জীয়ন কৰক

   যদি আপুনি এতিয়াও প্ৰধানমন্ত্ৰী কিষান যোজনাৰ অধীনত নিজকে পঞ্জীয়ন কৰা নাই, তেন্তে আপোনাৰ 31 মাৰ্চৰ আগতে আবেদন কৰাৰ সুযোগ আছে। যদি আপোনাৰ আবেদন 31 মাৰ্চৰ আগতে গ্ৰহণ কৰা হয়, তেন্তে আপুনি একেলগে দুটা কিস্তি অৰ্থাৎ 7ম আৰু 8ম কিস্তি পাব পাৰে। আপুনি আঁচনিটোৰ বাবে অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমেৰে আবেদন কৰিব পাৰে।

 

পিএম কিষাণৰ বাবে অনলাইনত কেনেকৈ পঞ্জীয়ন কৰিব

 

   এনেদৰে কৃষকসকলে ঘৰত বহি আঁচনিটোৰ বাবে সহজে পঞ্জীয়ন কৰিব পাৰে;

প্ৰথমে পিএম কিষানৰ অফিচিয়েল ৱেবছাইটলৈ যাওক

  • https://pmkisan.gov.in/
  • তাৰ পিছত কৃষক শাখাত যাওক।
  • 'নতুন কৃষক পঞ্জীয়ন' (New Farmer Registration)ত ক্লিক কৰক আৰু আধাৰ নম্বৰৰ দৰে প্ৰয়োজনীয় বিৱৰণ সমূহ পূৰণ কৰক
  • তাৰ পিছত আপোনাৰ ৰাজ্য বাছনি কৰক আৰু কেপচা কোড প্রদান কৰক।
  • বেঙ্ক একাউণ্টৰ বিৱৰণ আৰু ভূমিৰ তথ্যও দিয়ক
  • অৱশেষত প্ৰপত্ৰখন দাখিল(Submit) কৰক।

Direct link to register

 

    ইয়াৰ উপৰিও, আপুনি স্থানীয় কমন চাৰ্ভিচ চেণ্টাৰলৈ গৈ এই আঁচনিৰ বাবে আবেদন কৰিব পাৰে।

    যোৱা কেইমাহত প্ৰধানমন্ত্ৰী কিষান আঁচনিৰ অধীনত বহুতো কেলেংকাৰীৰ খবৰ বাতৰি কাকতত পোৱা গৈছিল সেয়েহে এতিয়া চৰকাৰে সকলো বোৰ সঠিকভাৱে হোৱাটো বিচাৰে। ইতিমধ্যে চৰকাৰে আঁচনি খনত স্বচ্ছতা আনিবলৈ কেইটামান পদক্ষেপও হাতত লৈছে। এতিয়া আঁচনিখনৰ বাবে পঞ্জীয়ন কৰা কৃষকসকলে আবেদন প্ৰপত্ৰত তেওঁলোকৰ প্লট/ভূমি নম্বৰ উল্লেখ কৰিব লাগিব। অৱশ্যে, নতুন নিয়মবোৰে আঁচনিটোৰ সৈতে সম্পৰ্কিত পুৰণি হিতাধিকাৰীসকলক প্ৰভাৱিত নকৰিব।

   অধিক তথ্যৰ বাবে চাব পাৰে – https://pmkisan.gov.in/ বা ফোন কৰিব পাৰে PM-Kisan Helpline No. 011-24300606

pm kisan scheme PM Kisan 8th installment Assam pm kisan Benefits of Kisan Credit Card

Share your comments

More on this section

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.