Krishi Jagran Tamil
Menu Close Menu

ডাঙৰ খবৰ! কৃষি মন্ত্ৰালয়ে জিঅ', আইটিচি কে ধৰি 5 টা ফাৰ্মৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে।

Saturday, 18 September 2021 01:56 PM
The MoUs were signed in presence of Agriculture Minister Narendra Singh Tomar (Twitter/Narendra Singh Tomar)

The MoUs were signed in presence of Agriculture Minister Narendra Singh Tomar (Twitter/Narendra Singh Tomar)

কেন্দ্রীয় চৰকাৰে কৃত্ৰিম বুদ্ধিমত্তা (artificial intelligence), ব্লকচেইন (Blockchain) আৰু আইঅ'টি (IoT)ৰ দৰে নতুন প্ৰযুক্তিৰ ওপৰত আধাৰিত কৰি ২০২১-২০২৫ বৰ্ষৰ বাবে এক ডিজিটেল কৃষি মিছন আৰম্ভ কৰিছে।

কৃষি মন্ত্ৰালয়ৰ মতে, কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে যোৱা মঙলবাৰে কৃষি ভৱনত ডিজিটেল কৃষিৰ অগ্ৰগতিৰ বাবে বৃহৎ ব্যক্তিগত নিগমসমূহৰ সৈতে ৫খন বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। 

এই নিগমবোৰৰ ভিতৰত আছে আই.টি.চি লিমিটেড (ITC Limited), জিঅ' প্লেটফৰ্ম লিমিটেড (Jio Limited), চিচকো (CISCO), নিনজাকাৰ্ট (Ninjacart), আৰু এনচিডিইএক্স ই-মাৰ্কেটছ লিমিটেড (NeML)। কৃষকৰ ৰাজহ বৃদ্ধি আৰু তেওঁলোকৰ শস্য উৎপাদন সুৰক্ষিত কৰাৰ বাবে এনে ধৰণৰ পদক্ষেপ লোৱা হৈছে বুলি উল্লেখ কৰা হৈছে।

প্ৰতিবেদন অনুসৰি, কেন্দ্ৰীয় কৃষি মন্ত্ৰী তোমাৰে কয়, "এই পাইলট প্ৰকল্পবোৰৰ ওপৰত আধাৰিত কৰি, কৃষকসকলে কি শস্য খেতি কৰিব লাগে, কি ধৰণৰ বীজ ব্যৱহাৰ কৰিব লাগে, আৰু উৎপাদন সৰ্বাধিক কৰাৰ বাবে কি সৰ্বশ্ৰেষ্ঠ পদ্ধতি গ্ৰহণ কৰিব লাগে সেই বিষয়ে অৱগত হব আৰু সঠিক সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব।" তেওঁ লগতে কৈছিল যে কৃষকসকলে সামগ্ৰীবিলাক বিক্ৰী কৰিলে লাভ হব নে সংৰক্ষণ কৰিলে লাভ হব, সেই বিষয়ে সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব। "তেওঁলোকে আনকি কেতিয়া আৰু ক'ত বিক্ৰী কৰিব লাগে, লগতে মূল্যৰ মাপকাঠি আদি সকলো বিষয়ে অৱগত হব।

ডিজিটেল কৃষি মিছন (Latest Technologies):

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ মতে, ডিজিটেল কৃষি মিছন (২০২১-২০২৫) হৈছে এ.আই (artificial intelligence), ভৌগোলিক তথ্য প্ৰণালী প্ৰযুক্তি (GlS), ব্লকচেইন প্ৰযুক্তি (Blockchain Technology), ৰিম'ট চেঞ্চিং (Remote Sensing), আৰু ড্ৰোন আৰু ৰবটিক্স (Robotics)ৰ ব্যৱহাৰ, আৰু বহুতো শেহতীয়া প্ৰযুক্তিৰ ওপৰত আধাৰিত।

মন্ত্ৰালয়ৰ বিবৃতি অনুসৰি, ডিজিটেল কৃষি মিছনত কৃষি উৎপাদনৰ ইনপুট আৰু সেৱাৰ লগতে পৰিবহতনত ৰাজহুৱা আৰু বাণিজ্যিক ব্যৱসায়ীক প্রণালীও অন্তৰ্ভুক্ত কৰা হৈছে। 

সংযোগ, তথ্যৰ মানদণ্ড, তথ্য ব্যৱস্থাপনা, গুনগত ব্যৱস্থাপনা, সুৰক্ষা আৰু গোপনীয়তা, লগতে উদ্ভাৱন বৃদ্ধি আদি কৃষিৰ বাবে ডিজিটেল পৰিস্থিতিতন্ত্ৰ বিকশিত কৰাৰ সময়ত সকলোবোৰ বিবেচনা কৰিব লাগিব।

তদুপৰি, মন্ত্ৰালয়ে কয় যে ফেডাৰেটেড কৃষক ডাটাবেছ প্ৰণালী সমগ্ৰ দেশৰ কৃষকসকলৰ ভূমি পঞ্জীয়নৰ দ্বাৰা সংযোজিত কৰা হ'ব, আৰু তাৰ পৰা এক অনন্য কৃষক আইডি (ID) সৃষ্টি কৰা হ'ব।

এই ডাটাবেছ প্ৰণালীৰ সহায়ত, বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিৰ সকলো সা-সুবিধা আৰু লাভালাভৰ বিষয়ে দেশৰ সকলো কৃষকে ইয়াৰ তথ্য লাভ কৰি থাকিব। আৰু এই ডাটাবেচটো চৰকাৰে ভৱিষ্যতে কৃষক সমাজক বহুতো লাভালাভ প্ৰদান কৰাৰ বাবে তথ্য লাভ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব। এই ডাটাবেচত বর্তমানলৈকে দেশৰ প্ৰায় ৫.৫ কোটি কৃষকৰ তথ্য অন্তৰ্ভুক্ত কৰা হৈছে।

Assam Agricultural news Farmers Agriculture Ministry Signs MoUs with 5 Firms including Jio, ITC & more

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.