Krishi Jagran Assam
Menu Close Menu

এছিয়াৰ মুগা মেঘ

Monday, 17 December 2018 06:06 PM

ভিক্টোৰিয়ান যুগৰ প্ৰথিতযশা কবি পাৰ্ছী বীছি শ্যেলীয়ে (১৭৯২-১৮২২) ঔদ্যোগীকৰণৰ ফলত সৃষ্টি হোৱা তদানীন্তন লণ্ডনৰ নৰকসদৃশ পৰিৱেশৰ বৰ্ণনা কৰিছিল কাব্যিকতাৰে-"Hell is a city much like London/A populous and a smoky city. There are all sorts of people undone/And there is little or no fundone”। পৰৱৰ্তী শতিকাত লণ্ডন বিশ্বৰে নিকা চহৰ হ’ল। ২০০৮ চনৰ বেইজিং অলিম্পিকৰ আগে-পাছে সেই পৰিৱেশ আহিল চীনলৈ। শেহতীয়াকৈ চীনতো প্ৰদূষণৰ প্রশমন ঘটিল। এইবাৰ পালেহি ভাৰতবৰ্ষ। নাছাৰ উপগ্রহীয় আলোকচিত্ৰত ভাৰত আৰু পাকিস্তানৰ আকাশত অহৰহ এছটা মুগা মেঘ দেখা যায়, যাক কোৱা হয় 'এছিয়ান ব্রাউন ক্লাউড"। অসমৰ মুগা সাজটোলৈ মনত পেলাই কাৰোবাৰ মন ভাল লাগিলেও দৰাচলতে ই হল ধুঁৱলিহে, অর্থাৎ ধোঁৱামিশ্রিত কুঁৱলী । ২ আৰু ৩ নৱেম্বৰত ভাৰতৰ ৰাজধানী চহৰ দিল্লীত এনে এক কদর্যময় পৰিৱেশৰ সৃষ্টি হ'ল যে উশাহ লব নোৱাৰি মহানাগৰিকসকল উচপ খাই উঠিল। স্কুলবোৰ বন্ধ কৰি দিবলগীয়া হল। অসুস্থ আৰু বৃদ্ধ লোকক বাহিৰলৈ ওলাবলৈ মানা কৰা হল। অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাই ২০১৪ চনতেই দিল্লীক বিশ্বৰ আটাইতকৈ দূষিত চহৰ আখ্যা দিছিল।

Asian Brown Cloud

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2019 Krishi Jagran Media Group. All Rights Reserved.