Krishi Jagran Tamil
Menu Close Menu

কোভিড-19 ভেকছিন লাভ কৰাৰ পিছত এই ৫টা কথা মনত ৰাখিব কৰিব (5 Important Do's and Don't after getting Covid-19 Vaccine)

Sunday, 02 May 2021 03:51 PM
Covid 19 vaccine

Covid 19 vaccine

    ভাৰতে ইতিমধ্যে 18 বছৰৰ অধিক বয়সৰ সকলোৰে বাবে 1 মে' আজিৰ পৰা Covid-19 টিকাকৰণ অভিযানৰ তৃতীয় পৰ্যায় আৰম্ভ কৰিছে। কিন্তু ছ'চিয়েল মিডিয়াত কৰোনাভাইৰাছ ভেকছিনৰ বিষয়ে বহুতো উৰাবাতৰি আৰু ভুৱা বাতৰি চলি আছে, যাৰ ফলত মানুহৰ মনত ভয় আৰু শংকাৰ সৃষ্টি হৈছে। কিন্তু আপোনালোকে চিন্তা নকৰিব, ক'ভিড ভেকছিন একেবাৰে সুৰক্ষিত, নিশ্চিত মনে COVID-19 ৰ পৰা হাত সাৰিবলৈ গ্রহণ কৰক।

1. কোভিড-19 ভেকছিনপাৰ্শ্বক্ৰিয়াৰ বিষয়ে আতংকিত নহ'ব:

    যদি আপুনি ভেকছিনৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে উদ্বিগ্ন আৰু চিন্তা অনুভৱ কৰে,আজিৰ পৰা বাদ দিয়ক৷ কিয়নো চিকিৎসকৰ মতে ক'ভিড ভেকছিনৰ মানৱ শৰীৰত কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নাই। আৰু মানুহে ইয়াক লৈ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আৰু ই সুৰক্ষিত আৰু ইয়াৰ পৰা যথেষ্ট ভাল ফল লাভ কৰিছে। কিন্তু এইটোও সঁচা যে ভেকছিনৰ পাৰ্শ্বক্ৰিয়া হিচাপে আপোনাৰ ঠাণ্ডা, পেশীৰ বিষ, জ্বৰ আৰু ভাগৰ লাগিব পাৰে। কিন্তু এইটো এটা ভাল লক্ষণ কিয়নো ই দেখুৱায় যে আপোনাৰ দেহৰ ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে ভাইৰাছটোৰ প্ৰতি প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিছে। আৰু এইটো সম্পূৰ্ণ স্বাভাৱিক আৰু ইয়াৰ বিষয়ে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। ফাৰ্মাচিষ্টৰ মতে, ভেকছিনৰ প্ৰথম পালিটোৱে ৰোগ প্ৰতিৰোধ সঁহাৰি প্ৰাইম কৰে আৰু তাৰ পিছত এণ্টিবডী প্ৰস্তুত কৰে যি প্ৰকৃত ভাইৰাছৰ সৈতে কেনেদৰে যুঁজিব লাগে সহায় কৰে।

   দ্বিতীয় পালিৰ সময়ত, আপোনাক ইতিমধ্যে ভেকছিনে ভাইৰাছৰ স্পাইক প্ৰ'টিন লক্ষ্য কৰি এণ্টিবডীৰ সৃষ্টি কৰি কিছু পৰিমাণৰ সুৰক্ষা দি থাকিব। ই আপোনাৰ ৰোগ প্ৰতিৰোধ প্ৰণালীক ভেকছিনটোৰ প্ৰতি অধিক শক্তিশালী আৰু দ্ৰুত সঁহাৰি দিবলৈ অনুমতি দিয়ে, যাৰ ফলত সঁহাৰি হিচাপে অধিক প্ৰদাহ হ'ব পাৰে। এইটো এটা লক্ষণ যে আপোনাৰ ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে ভাইৰাছটোৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰিবলৈ কাম কৰি আছে।

2. বিশ্ৰাম লওক আৰু পানী খাই থাকক:

   ভেকছিনৰ পালি গ্ৰহণ কৰাৰ পিছত, বিশ্ৰাম ল'বলৈ পৰামৰ্শ দিয়া হয়। ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে ভালদৰে কাম কৰাৰ বাবে টোপনি হৈছে এক গুৰুত্বপূৰ্ণ কাৰক, সেয়েহে পালিৰ পিছত আপুনি পৰ্যাপ্ত বিশ্ৰাম পোৱাটো নিশ্চিত কৰিব। তাৰোপৰি যথেষ্ট পৰিমাণে পানী আৰু অন্যান্য তৰল আহাৰ খাবলৈও পৰামৰ্শ দিয়া হয় কিয়নো ই জ্বৰ আৰু অন্যান্য পাৰ্শ্বক্ৰিয়াৰ পৰা অসুবিধা হ্ৰাস কৰাত সহায় কৰিব পাৰে। যদি আপুনি কেইদিনমানৰ পিছত ভাল অনুভৱ কৰা আৰম্ভ নকৰে, তেন্তে আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

আৰু পঢ়ক- আপোনাৰ Aadhar Card খন কেনেকৈ সুৰক্ষিত কৰি ৰাখিব; আপুনি ঘৰত বহিয়েই সহজে লক বা আনলক কৰিব পাৰে, জানক কেনেকৈ

3. ব্যায়াম কৰক:

   বেজী দিয়া স্থানত পেশীৰ বিষ হৈছে এক বিশেষভাৱে সচৰাচৰ ভেকছিনৰ পাৰ্শ্বক্ৰিয়া। সেয়েহে, আপোনাৰ ভেকছিন দিয়া বাহু যিমান সম্ভৱ সঘনাই নৰচৰ আৰু আপুনি চলাচল কৰি থাকিব লাগে। ডক্টৰে ইয়াৰ বাবে ব্যায়াম কৰাৰ পৰামৰ্শ দিয়ে। আপোনাক ভেকচিন দিয়া হাতখন অত্যাধিক জঠৰ হ'বলৈ নিদিব আৰু ইয়াৰ উপৰিও, আপুনি বেজী দিয়া ঠাইখিনি পৰিষ্কাৰ, শীতল, তিতা ধোৱা কাপোৰ প্ৰয়োগ কৰি বিষ হ্ৰাস কৰিব পাৰে।

4. আপোনাৰ টিকাকৰণ কাৰ্ড লগত ৰাখিব- ইয়াক সামাজিক মাধ্যমত পোষ্ট কৰাৰ প্ৰয়োজন নাই:

   যিহেতু কিছুমান ভ্ৰমণ গন্তব্যস্থানত যোৱাৰ বাবে টিকাকৰণৰ প্ৰমাণৰ প্ৰয়োজনৰ কথা চৰকাৰে কয় আছে, আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটো ডিজিটেলাইজ কৰিবলৈ এপ'ৰ সংখ্যা বৃদ্ধি কৰা হৈছে। সেয়েহে, আপুনি সামাজিক মাধ্যমত ইয়াৰ ফটো শ্বেয়াৰ কৰা উচিত নহয়। কিয়নো আপোনাৰ তথ্যৰে প্রতাৰক সকলৰ বাবে তেওঁলোকৰ নিজা কাৰ্ড তৈয়াৰ কৰা সহজ হ'ব পাৰে, সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰিলে আপোনাৰ পৰিচয় চুৰিৰ আশংক বৃদ্ধি পায়৷ এক কথাত ক'বলৈ গলে আপুনি অসুৰক্ষিত।

5. ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিব:

   মাস্ক আৰু শাৰীৰিক দূৰত্ব মানি চলাটো আপোনাৰ লগতে আনৰ বাবেও ভাল। যিসকলক সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হৈছে তেওঁলোকে মধ্যমীয়া আৰু ডাঙৰ সমাৱেশ পৰিহাৰ কৰি চলিব লাগে আৰু যিসকলক টিকাকৰণ কৰা হোৱা নাই তেওঁলোক বেছি বিপদ সীমাৰ মাজত আছে। সেয়েহে, এইটো পৰামৰ্শ দিয়া হৈছে যে আপুনি সম্পূৰ্ণৰূপে মাস্ক পিন্ধি থাকিব লাগে আৰু সকলো ৰাজহুৱা স্থানত সামাজিক দূৰত্ব ৰখাৰ অভ্যাস কৰিব লাগে।

আৰু পঢ়ক- আপুনি COVID ভেকচিন লোৱা নাই যদি আজিয়ে কৰক পঞ্জীয়ন; আপোনাৰ মোবাইলৰ পৰা অনলাইন মাধ্যমেৰে

Covid 19 in assam Covid vaccine Corona virus assam Covid vaccine side affects

Share your comments

More on this section

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.