1. অন্যান্য

পুনৰ বিশ্ববাসী এক বিৰল ঘটনাৰ সাক্ষী হ'ব! এইবাৰ নাছাই উৰুৱাব মঙল গ্রহত হেলিকপ্তাৰ

KJ Staff
KJ Staff

  ৰঙা গ্রহ মঙললৈ পাৰছেভাৰেন্স ৰ'ভাৰ প্ৰেৰণ কৰি গ্ৰহটো সন্দৰ্ভত বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাই থকা আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই আগন্তুক এপ্রিল মাহৰ আৰম্ভণিৰে পৰা গ্ৰহটোৰ আকাশত হেলিকপ্টাৰ উৰুওৱাৰ এক পৰিকল্পনা হাতত লৈছে। নাছাৰ বিশেষজ্ঞসকলে ইতিমধ্যে মঙলত হেলিকপ্টাৰ উৰুওৱাৰ প্ৰস্তুতি সম্পূর্ণ কৰি তুলিছে।

   উল্লেখনীয় যে পাৰছেভাৰেন্স ৰ’ভাৰেই মঙলপৃষ্ঠলৈ কঢ়িয়াই নিছিল এখন ক্ষুদ্র হেলিকপ্টাৰ। এমাহ পূর্বে মঙলৰ জেজে'ৰ গহ্বৰ অঞ্চলত ৰ'ভাৰটোৱে অবতৰণ কৰাৰ পিছৰে পৰা এই হেলিকপ্টাৰখন ইয়াৰ লগতেই আছে। ১.৮ কিলােগ্রাম ওজনৰ এই হেলিকপ্টাৰখনৰ নাম “ইঞ্জিনুইটি”। টুইন-ৰটৰ এই হেলিকপ্টাৰখনে মঙলত গৱেষণাত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি নাছাৰ বিজ্ঞানীয়ে দাবী কৰিছে। 

আৰু পঢ়ক- কৃষিৰ বাবে মাটী পৰীক্ষা কিয় অত্যাৱশ্যকীয়- জানো আহক বিশদ তথ্য

   যদি হেলিকপ্টাৰখনে ইয়াৰ উৰণ সফলভাবে সম্পন্ন কৰিবলৈ সক্ষম হয়, তেন্তে ৰাইট ভাতৃদ্বয়ৰ সময়ৰ দৰে বিৰল ঘটনা দেখিবলৈ পােৱা যাব বুলি নাছাই এক বিবৃতিত প্রকাশ কৰিছে। 

   গুৰত্বপূর্ণ যে ১৯০৩ চনত অভিল আৰু উইলবাৰ ৰাইটে প্রথমবাৰলৈ হেলিকপ্টাৰ উৰাই অভিলেখ সৃষ্টি কৰিছিল। পৃথিৱীৰ পৰা বিমান কেনেদৰে আকাশত উৰিব পাৰে তাৰ প্রাথমিক তত্ত্ব ৰাইট ভাতৃদ্বয়ৰ কাৰ্যক লৈয়েই সৃষ্টি হৈছিল। মঙলপৃষ্ঠটো হেলিকপ্টাৰ উৰুৱাবলৈ সক্ষম হােৱা ঘটনা ৰাইট ভাতৃদ্বয়ৰ সফলতাৰ দৰেই ঐতিহাসিক কার্যত পৰিণত হ'ব বুলিও নাছাৰ বিশেষজ্ঞসকলে মন্তব্য কৰিছে। ৰঙা গ্ৰহটোত হেলিকপ্টাৰ উৰাবলৈ নাছা সাজু হােৱাৰ পৰিপেক্ষিতত বিশ্বৰ জ্যোতির্বিজ্ঞানীসকলৰ মাজত কৌতূহল আৰু উৎকণ্ঠা বৃদ্ধি পাইছে।

আৰু পঢ়ক- আমাৰ দেহৰ বাবে দালচেনি কিয় ইমান প্রয়োজনীয়? জানো আহক ইয়াৰ উপকাৰিতাসমূহ

English Summary: NASA fly to helicopter on Mars next month

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.