1. অন্যান্য

Big Breaking!! নির্বাচনৰ পিছতেই জাৰি কৰা হব নেকি লকডাউন! কেন্দ্রৰ পৰা নতুন নির্দেশনা ৰাজ্যসমূহলৈ কি পঠালে!

KJ Staff
KJ Staff

   ৰাজ্যত পুনৰ লক ডাউন জাৰি কৰা হ'ব নেকি? সমাগত বহাগ বিহু আৰু ফাকুৱা পালন কৰাত প্রতিবন্ধকতা আৰোপ কৰা হব নেকি? এনে বহু প্ৰশ্নৰ উত্তৰ দিলে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই৷ কি কলে চাওক -

‘‘কোনে কৈছে ৰাজ্যত পুনৰ মহামাৰীৰ ৰূপ লৈছে কোভিড০১৯–এ৷ এয়া মিছা কথা, ভিক্তিহীন৷ ৰাজ্যত ক’তো কোভিড নাই৷ আছে যদি দুই এজনৰ আছে৷ য’ত হাজাৰ হাজাৰ লোকৰ কোভিডৰ সংক্ৰমণৰ সময়ত ভয় কৰা নাছিলো, এতিয়া কিহৰ ভয়৷’’ – এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

‘‘ৰাজ্যত এইবাৰ পূৰ্বৰ দৰেই হোলী, বিহু উদযাপন কৰিব পাৰিব৷ ফাকুৱা, বিহু উদযাপন কৰাত কোনো প্রতিবন্ধকতা আৰোপ কৰা নহয়৷ বিহু উদযাপন নকৰিলে শিল্পীসকলৰ বহুত সমস্যা হয়৷ শিল্পীৰ পেটৰ ভাতৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব৷ সেয়ে উৎসৱ উদযাপন হ’ব৷ অৱশ্যে এইক্ষেত্রত নিজকে বচাই ৰখাৰ স্বাৰ্থত কোভিডৰ নীতি নিয়ম আংশিকভাৱে পালন কৰি যাব লাগিব।’’ – মন্ত্ৰীগৰাকীয়ে এইদৰে কয়৷

হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘নিৰ্বাচনী সভা হ’ব পাৰিলে বিহু উদযাপনত কিহৰ বাধা। অসমত বর্তমানলৈ লকডাউনৰ কোনো চিন্তা চর্চা কৰা হোৱা নাই।’’

যোৱা কেইদিনমানৰ পৰা দেশত ভয়ংকৰ ৰূপত ক’ভিড-১৯ৰ দ্বিতীয় জোৱাৰ আৰম্ভ হােৱাৰ পৰিপেকিতত ৰাজ্যৰ জনসাধাৰণ পুনৰ লকডাউন জাৰি হব পাৰে বুলি এক চৰম উৎকণ্ঠাত আছিল৷ এই সন্দৰ্ভত কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে উৎসৱ আয়ােজনত ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ চৰকাৰসমূহলৈ নতুন নির্দেশনা জাৰি কৰিছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব আৰতি আহুজাই যোৱাকালি ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা এখন পত্রযােগে সমাগত উৎসৱসমূহ উদ্যাপনৰ ক্ষেত্ৰত সীমাবদ্ধতা তথা প্রতিবন্ধকতা আৰােপ, জনসমাগম বন্ধ অথবা সীমিত ৰখাৰ বিষয়টো বিবেচনা কৰিবলৈ নির্দেশ দিছে। পত্ৰখনত স্পষ্টভাৱে বিহু, ফাকুৱা, গুড ফ্রাইডে' আৰু ঈদ-উল-ফিটৰৰ কথা উল্লেখ কৰা হৈছে।

 দুর্যোগ ব্যৱস্থাপনা আইন-২০০৫ৰ ২২নং ধাৰাৰ অধীনত এই উৎসৱসমূহ উদ্যাপনৰ ক্ষেত্ৰত স্থানীয় প্রতিবন্ধকতা আৰােপত কর্তৃত্ব কেন্দ্রীয়শাসিত অঞ্চল আৰু ৰাজ্য চৰকাৰক প্ৰদান কৰিছে।

English Summary: Himanta biswa sarma said there is no possibility to implement lockdown in assam celebrate bihu and holi

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.