1. অন্যান্য

মাক ক'বা মই অসমৰ মুখ্যমন্ত্ৰী হ'ম'- কলেজত পঢ়ি থকা সময়তে প্ৰেমিকা ৰিণিকী ভূঞাক এনেদৰে কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

KJ Staff
KJ Staff
"Himanta Biswa Sarma have dream to become cm of assam when he was 22 years old" says Riniki Bhuyan Sarma
"Himanta Biswa Sarma have dream to become cm of assam when he was 22 years old" says Riniki Bhuyan Sarma

   কলেজত পঢ়ি থকা বয়সৰ পৰাই মুখ্যমন্ত্রী হোৱাৰ সপোন পুহি ৰাখিছিল! আনকি এবাৰ মুখ্যমন্ত্রী হ'ম বুলি তেতিয়াৰ প্ৰেমিকা তথা বৰ্তমানৰ পত্নী ৰিণিকী ভূঞাক কওতে আচৰিত হৈছিল! কিন্তু এতিয়া সেই সপোন যেন বাস্তৱত আখৰে আখৰে ৰূপায়িত হ'ল হিমন্ত  বিশ্ব শৰ্মাৰ। আৰু সেইকাৰণেই শপত লোৱাৰ আগদিনা পুৱা ৫.৩০ বজালৈকে পত্নীৰ সৈতে কথা পাতি হিমন্ত বিশ্ব শৰ্মাই কৈ দিছিল- 'মই ভবাই নাছিলো, ইমান গধুৰ দায়িত্ব পাম।'

   এইফালে স্বামী ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত যথেষ্ট আৱেগিক হৈ পৰিছিল পত্নী ৰিণিকী ভূঞা শৰ্মা। এতিয়াও স্বামী যে মুখ্যমন্ত্ৰী হ'ল সেই কথা মানি লব পৰা নাই পত্নীয়ে। ৰিণিকী ভূঞাই কয় যে হিমন্ত বিশ্বক মন্ত্রীৰ পৰা মুখ্যমন্ত্রী হিচাপে নিজকে উন্নীত বা প্রকাশ কৰিবলৈ সময় লাগিব, তেখেতৰ বিশ্বাস লাহে লাহে সকলো ঠিক হব। তাৰোপৰি ৰিণিকী ভূঞাই কয় যে আমাৰ যেতিয়া চিনাকী হৈছিল, তেতিয়া মোৰ বয়স ১৭ বছৰ, তেওঁৰ বয়স ২২ বছৰ। যেতিয়া মই সুধিছিলো, 'মাক মই তুমি কি কৰা বুলি ক'ম?', তেতিয়া তেওঁ কৈছিল, মই অসমৰ মুখ্যমন্ত্ৰী হ'ম বুলি ক'বা। আৰু আজি যেতিয়া শপত লৈছে, তেতিয়া সেই কথা মনত বাৰে বাৰে আহিছে যে মুখ্যমন্ত্রী হম বুলি কৈছিল, লক্ষ্যস্থিৰ কৰি ৰাখিছিল, আৰু এতিয়া সফল হৈছে।'

আৰু পঢ়ক- মহাকাশত NASA ই গড়িলে ইতিহাস! অলপতে NASAৰ মহাকাশচাৰীয়ে মহাকাশত অংকুৰণ ঘটালে দুবিধ উদ্ভিদৰ

    ৰিণিকী ভূঞাই লগতে কয় যে, 'তেওঁলোকৰ বিবাহৰ সময়ত প্ৰথমবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল হিমন্ত বিশ্ব শৰ্মা। আৰু সেই সময়ৰ পৰাই হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱনৰ উখান-পতন সকলো দেখি আহিছে পত্নীয়ে। আৰু পত্নীৰ বিশ্বাস, মুখ্যমন্ত্ৰী হিচাপেও অসমখনক উন্নতিৰ শিখৰত এক নতুন মাত্রা দিবলৈ সক্ষম হব হিমন্ত বিশ্ব শর্মাই।

    ইয়াৰ উপৰিও পত্নীয়ে কয় য়ে, ' ৰাজনৈতিক নেতাৰ সমস্যা আৰু প্ৰত্যাহ্বান থাকে। সমগ্র অসমক কৰণাৰ বিৰুদ্ধে যোৱা বছৰ যিদৰে যুঁজি সাময়িক ভাৱেহলেও সকাহ দিবলৈ সক্ষম হৈছিল, পৰিস্থিতি যিদৰে নিয়ন্ত্ৰণ কৰিছিল,  সেইফালৰ পৰা চাল তেওঁ মুখ্যমন্ত্রী হিচাপেও নিশ্বয় সফল হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ অসমখনকলৈ বহুত সপোন আছে। আৰু সেই সপোন বাস্তৱৰূপ দিবলৈ তেওঁ দৃঢ়প্রতিজ্ঞাবদ্ধ বুলি উল্লেখ কৰে পত্নী ৰিণিকী ভূঞা শৰ্মাই।

আৰু পঢ়ক- আপোনাৰ জ্বৰ চৰ্দি হৈ আছে নেকি? কিদৰে চিনাক্ত কৰিব সাধাৰণ জ্বৰ চৰ্দি নে Covid -19 (Corona Virus Symptoms)
English Summary: himanta Biswa Sarma have dream to become cm of assam when he was 22 years old

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.