1. অন্যান্য

দিল্লীৰ কৃষকৰ আন্দোলন প্রতিকীৰূপত প্রদর্শন কৰা হব কলকাতাৰ পূজা মণ্ডপত

KJ Staff
KJ Staff
Delhi farmers' movement to be showcased in Kolkata's puja mandap
Delhi farmers' movement to be showcased in Kolkata's puja mandap

শাৰদীয় দুর্গা পূজাৰ বাবে খ্যাত কলকাতাত এইবাৰ এখন ব্যতিক্রমী পূজা চাবলৈ পাব দর্শক-ভক্তই। বিগত প্রায় এবছৰ ধৰি বহু বিতর্কিত কৃষি.আইনৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰখা কৃষকসকলৰ সংগ্ৰামৰ প্রতি সন্মান প্রদর্শনেৰে বিশেষ পূজা মণ্ডপৰ ব্যৱস্থা কৰিছে উত্তৰ কলকাতাৰ সংঘ এটাই। কৃষি আইনৰ বিৰােধিতাৰে অব্যাহত ৰখা আন্দোলনৰ প্রতি সমর্থন আগবঢ়োৱাৰ লগতে শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত হিংসাৰ কঠোৰ সমালােচনাৰে বৃহৎ চিত্ৰ আৰু শিল্প (আর্ট ইনষ্টলেচন) প্রদর্শন কৰা হৈছে মণ্ডপত।

 উল্লেখ্য যে ‘দমদম পার্ক ভাৰত চক্র পেণ্ডেল’ নামৰ এই জনপ্রিয় দুর্গা পূজাখনৰ মণ্ডপটোৰ প্রৱেশ পথতে কৃষিকৰ্মত ব্যৱহাৰ কৰা ট্ৰেক্টৰৰ বৃহৎ প্রতিকৃতি.এটা স্থাপন কৰিছে। আনহাতে, শেহতীয়াকৈ কৃষকৰ গাৰ ওপৰেদি মন্ত্ৰীৰ পুত্ৰই গাড়ী চলাই নিয়াৰ ফলত চাৰিজন কৃষকসহ আঠজন লােকে প্রাণ হেৰুওৱা লখিমপুৰ খেৰীৰ ঘটনাটোক লৈও বিশেষ চিত্র (গ্রাফিটি) স্থাপন কৰা হৈছে। চিত্ৰত পথত বাগৰি পৰি থকা কৃষকৰ ওপৰেদি গাড়ী চলাই নিয়াৰ দৃশ্য আছে। চিত্ৰত বাংলাত এষাৰি বাক্য লিখা আছে যাৰ অর্থ— ‘মটৰ গাড়ীয়ে ধূলি উলে, কৃষক চকাৰ তলত পৰে। আনহাতে, শ শ চেণ্ডেলৰ ছবিয়ে আৰক্ষীৰ আতিশয্যত আন্দোলনৰত কৃষকে পলাই যােৱাৰ ইংগিত কৰিছে। মূল মণ্ডপটো চালৰপৰা ওলমি থকা শস্যৰে বিশেষভাৱে সজোৱা হৈছে। গাড়ীৰ চেপাত প্রাণ হেৰুওৱা কৃষকসকলৰ নাম ট্রেক্টৰখনৰ ওপৰত লিখা হৈছে। দুখন প্রকাণ্ড ডেউকা থকা ট্রেক্টৰখনৰ ডেউকাৰে বান্ধোনৰ পৰা মুক্তিৰ প্ৰয়াসকে প্রতীকীৰূপত উপস্থাপন কৰা হৈছে।

উল্লেখ্য যে এই অভিনৱ প্রতিবাদী পৰিকল্পনাৰ আঁৰৰ মূল ব্যক্তি হৈছে শিল্পী অনির্বাণ দাস। মণ্ডপত আঁৰি থােৱা আন এখন প'ষ্টাৰত ‘আমি কৃষক, সন্ত্রাসবাদী নহয়/কৃষকসকল খাদ্য সৈনিক’ বুলি আন এক গান লিখা হৈছে। পূজা সমিতিখনৰ সম্পাদক প্রতীক চৌধুৰীয়ে এই সন্দৰ্ভত কয় যে কৃষকৰ ওপৰত চলি থকা শােষণ, অত্যাচাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ এইদৰে সামান্য প্রয়াস কৰা হৈছে।

মন কৰিবলগীয়া যে লখিমপুৰ খেৰীত সংঘটিত ঘটনাৰ সময়লৈ পূজা পেণ্ডেলটোৰ কাম প্রায় সম্পূর্ণ হৈছিল যদিও শিল্পীসকলে অশেষ পৰিশ্ৰমেৰে বিষয়টো মূৰকত প্রতিবাদী শিল্প-কৰ্মত সন্নিৱিষ্ট কৰিবলৈ সমর্থ হয়।

English Summary: Delhi farmers' movement to be showcased in Kolkata's puja mandap

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.