1. অন্যান্য

কৃষক সকলৰ মূৰত ৰামটাঙোন বৃদ্ধি হল ৰাসায়নিক সাৰৰ দামৰ লগতে বহুতো অত্যারশ্যকীয় সামগ্ৰীৰ

KJ Staff
KJ Staff
Central govt decided to hiked price many essential goods from 1 April,2021
Central govt decided to hiked price many essential goods from 1 April,2021

 এপ্রিলৰ পৰা প্রতি মাহতে সলনি হব চিলিণ্ডাৰৰ মুল্য লগতে বৃদ্ধি কৰা ঘৰুৱা খোৱা তেল, মোবাইল ফোন, টিভি, ফ্রিজ, বিমান টিকটৰ মূল্য!

    দেশত ক'ৰণা মহামাৰীয়ে জনসাধাৰণক কোঙা কৰি পেলােৱাৰ সময়তে কেন্দ্রীয় চৰকাৰে পুনৰ খােৱা তেলৰ পৰা আৰম্ভ কৰি ঔষধ, দাইল, সুৰা, সাৰ আদি বহুসংখ্যক সমাগ্রীৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। অহা এক এপ্রিলৰ পৰাই অর্থাৎ বজাৰত পর্যায়ক্রমে এই সমগ্ৰীসমূহৰ দাম বৃদ্ধি পাব।

   মন কৰিবলগীয়া কথা যে কৰ’নাই দেশৰ অর্থনীতি কোঙা কৰি পেলােৱাত পুনৰাই উদ্ধাৰ কৰাৰ স্বাৰ্থত কেন্দ্রীয় চৰকাৰে বিভিন্ন সামগ্ৰীৰ ওপৰত কৰ বৃদ্ধি কৰিছিল। সেই অনুসৰি বর্ধিত কৰৰ বাবেই এপ্রিলৰ পৰা বৃদ্ধি পাব বহুতাে নিত্য প্রয়োজনীয় সামগ্ৰীৰ দাম। সকলােতকৈ ডাঙৰ কথা যে আগন্তুক বিত্রীয় বর্ষত এপ্রিলৰ পৰা প্রতি মাহতেই ৰন্ধন গেছৰ দাম হ্রাস-বৃদ্ধি হৈ থাকিব। ইন্ধনৰ আন্তর্জাতিক বজাৰ মূল্যৰ ওপৰত নিৰ্ভৰ কৰি কেন্দ্রীয় চৰকাৰে ৰন্ধন গেছৰ দাম প্রতি মাহতে নির্ধাৰণ কৰিব।

  আনহাতে, ফেব্রুৱাৰী মাহত ঘােষিত বাজেট অনুসৰি এক এপ্রিলৰ পৰা আৰম্ভ হ'বলগীয়া নতুন বিত্তীয় বৰ্ষত সর্বাধিক দাম বৃদ্ধি পাব খােৱা তেলৰ। চৰকাৰে কৃষিজাত সামগ্ৰীৰ পৰা উৎপাদিত খােৱা তেলত কৃষি উপকৰ লগােৱাৰ ফলত এতিয়া অভানীয়ভাৱে তেলৰ দাম বৃদ্ধি পােৱাটো নিশ্চিত হৈ পৰিছে। আনহাতে, ঔষধৰ ক্ষেত্ৰতাে এপ্রিলৰ পৰাই দাম বৃদ্ধি হ’ব। ঔষধ অনুসৰি দহৰ পৰা বিশ শতাংশ পর্যন্ত হ’ব দাম বৃদ্ধি। ইফালে, ছানা দাইলৰ ক্ষেত্ৰতাে কৃষি উপকৰ লগােৱাত অহা মাহৰ পৰাই ছানা দাইলৰ দামাে কমেও পাঁচ শতাংশ বৃদ্ধি পাব। অৱশ্যে স্থান ভেদে ছানা দাইলৰ দাম সুকীয়া সুকীয়া হ’ব। ইফালে, চৰকাৰে ইউৰিয়াৰ দাম বৃদ্ধি কৰাৰাে সিদ্ধান্ত লৈছে। কৃষি কার্যত সকলােতকৈ প্রয়ােজনীয় সামগ্ৰী হিচাপে বিবেচিত সাৰৰ দাম বৃদ্ধিয়ে কৃষকসকলৰ মূৰত যে ৰামটাঙোন শােধাব সেয়া নিশ্চিত। আনহাতে, গ্রীষ্ম কালত মধ্যবিত্তসকলৰ বাবে অতিশয় প্রয়ােজনীয় এ চি আৰু ফ্রীজৰাে দাম বৃদ্ধি হ’ব এপ্রিলৰ পৰাই। একেদৰে কপাহী কাপােৰৰ দামাে বৃদ্ধি পাব।

    আধুনিক জীৱনৰ অতি প্রয়ােজনীয় ম'বাইলৰ ফ'নৰ দামাে এপ্রিলৰ পৰাই বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে মােদী চৰকাৰে। অৱশ্যে পােনপটীয়াকৈ সুৰাৰ দাম বৃদ্ধি কৰা হােৱা নাই যদিও সুৰা প্ৰস্তুত কৰা সামগ্ৰীৰ ওপৰত কৰ বৃদ্ধি কৰা হৈছে। যাৰ ফলত নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিৰে পৰাই সুৰাৰ দাম বৃদ্ধি পােৱাৰাে সম্ভাৱনা আছে।

   ইফালে, গাড়ীৰ দামাে বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে গাড়ী নির্মাণ কৰা প্রতিষ্ঠানসমূহে। ইয়াৰ উপৰি বিমানৰ ভাৰাৰ লগতে জীৱন বীমাৰ পলিচি আৰু ইলেক্ট্রনিক সামগ্রীসমূহৰ দামাে বৃদ্ধি পাব নতুন বিত্তীয় বৰ্ষৰ পৰাই। ইতিমধ্যে কেন্দ্রীয় চৰকাৰে টোলগেটৰ মাচুল বৃদ্ধি কৰাৰ কথা প্ৰকাশ কৰিছেই। এনে পৰিস্থিতিত এপ্রিলৰ পৰাই বজাৰত জুই লাগিব। যাৰ ফলত অনাগত দিনত সর্বসাধাৰণ লােক জীয়াই থকাটোৱেই হৈ পৰিব কঠিন।

English Summary: Central govt decided to hiked price many essential goods from 1 April,2021

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.