Krishi Jagran Tamil
Menu Close Menu

হপ শ্বুটৰ দাম বিশ্বৰ আটাইতকৈ কিয় বেছি ? মানৱ দেহৰ বাবে ই কিয় উপকাৰী? (Why Hop shoots costliest vegetables in the world? How can it helps us?)

Sunday, 21 February 2021 10:42 AM
Hop Shoots health benefits

Hop Shoots health benefits

   আপুনি জানে নে সমগ্ৰ বিশ্বৰ আটাইতকৈ ব্যয়বহুল আৰু দামী পাচলি বা শস্যবিধ কি? আপুনি এইবিধ পাচলিৰ দাম শুনিলে আচৰিত হৈ পৰিব। ''হপ শ্বুটচ" নামৰ পাচলি বিধ বিশ্বৰ সবাতোকৈ দামী পাচলি হিচাপে বিবেচনা কৰা হয়। আন্তৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য প্ৰতি কিলো ৮২ হাজাৰ টকা। উল্লেখ্য যে, এই খেতি বিশেষকৈ ইউৰোপত কৰা হয়। এতিয়া লাহে লাহে বিশ্বৰ আন প্রান্তত ও কৰিবলৈ আৰম্ভ কৰা হৈছে৷ কিছুদিন আগতে বিহাৰত প্ৰথম বাৰৰ বাবে ইয়াৰ খেতি আৰম্ভ কৰা হৈছে।

  এতিয়া জানো আহক ইমান দামী পাচলবিধে আমাৰ দেহত কি কি উপকাৰ কৰিব পাৰে -

ছাল উজ্বল ৰাখক:

হপ শ্বুট হৈছে এণ্টিঅক্সিডেণ্টৰ এক ভাল উৎস, যিয়ে শৰীৰক মুক্ত ৰেডিকেলৰ বিৰুদ্ধে যুঁজ কৰাত সহায় কৰে, ফলত আপোনাৰ ছালখন দেখিবলে উজ্জ্বল আৰু বয়সৰ চাপ দেখা নাযায়। 

ছালৰ প্ৰদাহৰ চিকিৎসা কৰে:

এইটো সাধাৰণতে বিয়েৰ বনোৱাত মুখ্য উপাদান হিচাপে ব্যৱহাৰ হয় যদিও কিন্তু ছালৰ চিকিৎসাৰ বাবে বিভিন্ন প্ৰসাধনী সামগ্ৰীত ব্যৱহাৰ কৰা হয়। উদ্ভিদৰ তেল আৰু খনিজবোৰে ছালৰ ওপৰত প্ৰদাহ-বিৰোধী প্ৰভাৱ প্ৰদান কৰে।

স্নায়ুচাপজনিত সমস্যা দূৰ কৰে:

টোপনি নহা চিকিৎসাৰ বাবে হপ শ্বুট ব্যৱহাৰ কৰা হয়। যিহেতু সেইবোৰ "Cannabis"ৰ লগত সম্বন্ধিত, সেইবোৰ পেশী শিথিল কৰা আৰু উদ্বেগত ভুগি থকা লোকসকলৰ চিকিৎসাৰ বাবে ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।

পেশী শিথিল আৰু শান্ত কৰে:

হপ শ্বুট বোৰে পেশী বিষ আৰু শৰীৰৰ বিষ নিৰাময় কৰাত সহায় কৰে। সহজে উপলব্ধ, ইয়াক কেইবাটাও বিষৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।

বিভিন্ন আলচাৰৰ চিকিৎসা কৰে:

ইয়াৰ আন এটা আচৰিত উপকাৰিত হৈছে যে ইয়াক বিভিন্ন প্ৰকাৰৰ আলচাৰৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। এইটো নিশ্চিত কৰা হৈছে যে অন্যান্য অত্যাৱশ্যকীয় ভেষজৰ সৈতে ইয়াক মিহলি কৰি বিভিন্ন আলচাৰ সৃষ্টিকাৰী বেক্টেৰিয়াৰ চিকিৎসাত ব্যৱহাৰ কৰে।

পাচন প্ৰণালী উন্নত কৰে:

হপ শ্বুটে পাচন প্ৰণালী উন্নত কৰে শৰীৰৰ বিপাক বন্ধ কৰে। বিভিন্ন পাচন বিকাৰত ভুগি থকা লোকসকলে এই ভেষজ ঔষধ গ্রহণ কৰিব পাৰে।

বিহাৰৰ কৃষকে বিশ্বৰ আটাইতকৈ দামী শস্য 'হপ-শ্বুট' খেতি কৰিছে, প্রতি কেজিৰ দাম শুনিলে আপুনি আচৰিত হৈ পৰিব

 

Why Hop shoots costliest Hop shoots Farming Hop shoots health benefits Krishi jagran assamese

Share your comments

More on this section

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.