Krishi Jagran Tamil
Menu Close Menu

আপোনাৰ নিজৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে কিন্তু হাতত টকা নাই? তেন্তে চিন্তাৰ কোনো কাৰণ নাই! দুখীয়াৰ বাবে নতুন আঁচনি আৰম্ভ কৰিছে বলিউডৰ চুপাৰ ষ্টাৰ চনো সুডে (Want to Do Your own Business but Have No Money? Sonu Sood to Launch New Scheme for Poor)

Thursday, 25 February 2021 09:57 AM
Bollywood Superstar Sonu Sood

Bollywood Superstar Sonu Sood

  বলিউডৰ চুপাৰ ষ্টাৰ অভিনেতা চনো সুডে পুনৰবাৰ দৰিদ্ৰ আৰু দুখীয়াৰ বাবে অসাধাৰণ পদক্ষেপৰ বাবে প্রশংসাৰ পাত্র হৈ পৰিছে। তেঁও পুনৰ এবাৰ দুখীয়াক সহায় কৰিবলৈ এটা বিশেষ পদক্ষেপ হাতত লৈছে। তেওঁ কৰোনা মহামাৰীৰ লক ডাউনৰ সময়ৰ পৰা মানুহক সহায় কৰি আহিছে আমি দেখিছো। লক ডাউনৰ সময়ত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক ঘৰলৈ লৈ যোৱাৰ পৰা বিদেশত আৱদ্ধ শিক্ষাৰ্থীসকলৰ ঘৰলৈ ঘূৰাই অনালৈ, অভিনেতাজনে বহুতো প্রশংসনীয় কাম কৰিছে।

   কিন্তু সময় আৰু প্ৰয়োজনঅনুসৰি, চনোৱে পুনৰবাৰ দুখীয়া শ্রেণীটোক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। অভিনেতাজনে নিবনুৱাসকলক, বিশেষকৈ মহামাৰীৰ বাবে ভুগি থকা লোকসকলক সহায় কৰিবলৈ এই উদ্যোগ আৰম্ভ কৰিছে। এতিয়া চণুৱে কেৱল মানুহক এটা ঠাইৰ পৰা আন ঠাইলৈ পঠিয়াবলৈ কাম কৰা নাই, বৰং দৰিদ্ৰলোকক বিনামূলীয়া চিকিৎসা দিয়াৰ ব্যৱস্থা গ্রহণ কৰিছে আৰু তাৰ পিছত দুখীয়া যুৱক-যুৱতীসকলক কর্ম সংহাপনৰ ব্যৱস্থা কৰি দি আছে।

চনো সুডৰ যুৱ সৱলীকৰণ

   এতিয়া চনো সুডে নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এটা নতুন আঁচনি আনিবলৈ চিন্তা চর্চা কৰি আছে। তেঁও কোৱা অনুসৰি এই আঁচনিত, যদি আপোনাৰ ব্যৱসায় কৰিবলৈ টকা নাই, আপুনি তেতিয়াও আপোনাৰ নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। তেতি আপুনি এজন মালিক হিচাপে কাম কৰিব সুবিধা পাব পাৰে। চনোই নিজেই এই বিষয়ে সামাজিক মাধ্যমত উল্লেখ কৰি কৈছে। অভিনেতাজনে এই নতুন আঁচনিৰ এটা পোষ্টাৰ সামাজিক মাধ্যমত ভাগ বতৰা কৰিছিল আৰু কৈছিল- "Get Ready"।

  সেই পোষ্টাৰত স্পষ্টভাৱে লিখা হৈছে যে যদি আপোনাৰ বিনিয়োগ ধন নাই, আপুনি তেতিয়াও এজন মালিক হ'ব পাৰে। এই নতুন অভিযানৰ জৰিয়তে গাওঁ অঞ্চলত বহি থকা প্ৰতিজন যুৱকক সৱলীকৰণ কৰাৰ চুপাৰ ষ্টাৰজনে চেষ্টা কৰি আছে।

চণুৰ নতুন আঁচনিৰ প্ৰতি মানুহৰ প্ৰতিক্ৰিয়া 

  যেতিয়াৰ পৰা চনোৱে টুইটাৰৰ জৰিয়তে মানুহৰ সৈতে এই খবৰটো ভাগ বতৰা কৰিছে, বিভিন্ন প্ৰতিক্ৰিয়া দেখা গৈছে। সামাজিক মাধ্যম সমূহত এক খলকনি সৃষ্টি হৈছে৷ এজন ব্যৱহাৰকাৰীয়ে লিখিছে - যদি মানুহে মঙ্গলৰ ওপৰত বিশ্বাস কৰে, তেন্তে একমাত্র আপোনাৰ কাৰণেই, চাৰ!

   আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে- এই কঠিন পৰিস্থিতিত, আপুনি এটা আদৰ্শ হিচাপে উদ্ভৱ হৈছে। ঈশ্বৰে আপোনাক সদায় আশীৰ্বাদ দিয়ক।

  এনে ধৰণৰ বহুতো টুইট দেখা গৈছে, সকলোৰে মুখত সেই এটাই কথা। বর্তমান সময়ত চনো সূড এক ভগাৱান স্বৰূপ হৈ পৰিছে।

প্লাষ্টিক ভক্ষণকাৰী কৃমিয়ে প্ৰদূষণৰ পৰা ৰক্ষা কৰিব বিশ্বক

Sonu soods Youths empowerment Youths empower by Sonu soods Sonu soods new scheme

Share your comments

More on this section

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.