Krishi Jagran Tamil
Menu Close Menu

মোদীয়ে স্পষ্ট কৰি দিলে, কোনো কাৰণতে বাতিল কৰা নহয় কৃষি আইন!

Wednesday, 10 February 2021 10:29 PM
PM Modi said that New Agricultural Act will be implemented any how

PM Modi said that New Agricultural Act will be implemented any how

   নতুন কৃষি আইন বিৰোধী আন্দোলন প্ৰায় ডেৰ মাহ ধৰি চলি থকাৰ সময়তে দেশৰ প্রধান মন্ত্রী গৰাকীয়ে স্পষ্ট কৰি দিলে কোনো কাৰণত নতুন কৃষি আইন বাতিল কৰা নহয়৷ ইপিনে এই আন্দোলনত বৰ্তমানলৈ ১০০ জনৰো অধিক কৃষকৰ মৃত্যু হৈছে। আন্দোলনৰ মাজত দিল্লী আৰু হাৰিয়ানাত হিংসাত্মক মূলক কাৰ্যকালাপো সংঘটিত হৈছে, তথাপিও বর্তমানলৈকে উমিহতীয়া সমাধান উলোৱা নাই। কিন্তু এতিয়াও কৃষক সকলে নিজৰ স্থিতিত অটল আছে ৷ ইপিনে কৃষক সংগঠন সমুহে এইবছৰৰ অক্টোবৰৰ ২ তাৰিখৰ ভিতৰত এই আইন বাতিল কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰে অন্যাথা পৰিস্থিতি অধিক ভয়ংকৰ কৰি তুলিব বুলি হুংকাৰ দিয়ে। 

   ইয়াৰ মাজতে চৰকাৰৰ লগত বহুবাৰ কৃষক সকল আলোচনাও হয় কিন্তু সমাধান একো নোলায়। লক্ষ্যনীয়ভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্ট কৰি দিছে যে কোনো কাৰণতে নতুন কৃষি আইন উঠাই লোৱা নহয় বুলি কোৱা কার্য্যই যথেষ্ট তাৎপর্য্য বহন কৰিছে ৷ এতিয়া কৃষকসকলে কি ভূমিকা গ্রহণ কৰে লক্ষ্যনীয় হব। সোমবাৰে ৰাজ্যসভাত নিজৰ সম্বোধনত প্ৰধানমন্ত্ৰী গৰাকীয়ে আইন খন সংশোধনৰ ওপৰতহে গুৰত্ব দিয়া দেখা যায়।

   লগতে মোদীয়ে কৃষক সকলক আলোচনাৰ মাজলৈ আহিবৰ বাবে আহ্বান জনাই। মোদীয়ে কয় যে ”এই আন্দোলনত বয়োজ্যেষ্ঠ লোকসকলো আছে। আন্দোলন শেষ কৰি তেওঁলোক ঘৰত যাব লাগে। চৰকাৰৰ লগত আলোচনা চলি থাকিব” ৷

 

দুঃ খবৰ দিল্লীৰ কৃষকৰ টেক্টৰ ৰেলীত এগৰাকী প্রতিবাদকাৰী কৃষক এজনৰ মৃত্যু

Modi statement on agriculture Pm statement agriculture act Delhi protest

Share your comments

More on this section

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.