
Petrol price hiked again after reduced in assam
কোভিড–১৯ মহামাৰীৰ বাবে পে'ট্ৰল-ডিজেলৰ মূল্যত আৰোপ কৰা ৫টকা উপ কৰ যোৱা শুক্র বাৰৰ মাজ নিশাৰ পৰা হ্ৰাস কৰাৰ কথা ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল আৰু ইয়াৰ বাবে বিজেপি চৰকাৰখনে জনসাধাৰনৰ পৰা বাহ বাহ পবিলৈ সক্ষম হৈছিল৷ কিন্তু মূল্য হ্ৰাস কৰা দুদিন নৌহওতেই পুনৰ বাঢ়িল পে'ট্ৰল-ডিজেলৰ দাম। দেওবাৰ পৰা কার্য্যকৰী হোৱাকৈ বৃদ্ধি কৰা হৈছিল এই মূল্য। দেওবাৰৰ দিনটোত প্ৰতি লিটাৰ পে'ট্ৰলত বৃদ্ধি হৈছিল ২২ পইচা। সেইদৰে ডিজেলত বৃদ্ধি কৰা হৈছিল ২৮ পইচা। ইফালে পাঁচ টকাকৈ দাম হ্ৰাস কৰাৰ পিছত এই পৰ্যন্ত প্ৰতি লিটাৰ পে'ট্ৰলত বৃদ্ধি পালে ৪২ পইচা। আনহাতে প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পালে ৫৩ পইচা।
উল্লেখ্য যে, শুকুৰবাৰে মাজনিশাৰ পৰা হ্ৰাস পাইছিল প্ৰতিলিটাৰ পেট্ৰল, ডিজেলৰ মূল্য 5 টকাকৈ।
৫ টকা হ্ৰাস পোৱাৰ পিছত গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৮৫.৫৮ টকা হোৱাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছিল ৭৯.৫৭ টকা।
শুকুৰবাৰে বিধানসভাত লেখানুদান বাজেট দাখিল কৰি এই ঘোষণা কৰিছিল ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে, সুৰাৰ ওপৰত আৰোপ কৰা গড় হিচাপত প্ৰায় ২৫% অতিৰিক্ত উপ-কৰো প্রত্যাহাৰ কৰা হৈছে। কোভিড–১৯ৰ সময়ছোৱাত আৰোপ কৰা হৈছিল এই কৰ।
হিমন্ত বিশ্ব শৰ্মাৰ মতে, এই হ্রাসৰ পিছত অসমত পেট্ৰ'ল-ডিজেলৰ মূল্য গুজৰাটৰ পিছতে সৰ্বনিম্ন হ'ল। এই কৰ প্ৰত্যাহাৰ কৰাৰ ফলত অসম চৰকাৰৰ বছৰি ১১০০ কোটি টকাৰ লোকচান হ'ব বুলি জনায় মন্ত্রী গৰাকীয়ে।