Krishi Jagran Tamil
Menu Close Menu

সু:খবৰ !!! এতিয়াৰ পৰা এটিএম কার্ড লগত নাথাকিলেও উলিয়াব পাৰিব নগদ ধন; জানক কেনেকৈ -

Saturday, 03 April 2021 08:13 PM
Withrew cash without debit card

Withrew cash without debit card

কৃষি জাগৰণ ডিজিটেল ডেক্স: বেংকত স্লিপ পূৰণ কৰি বা এটিএমত কাৰ্ড স্ৱাইপ কৰি নগদ ধনৰ উলিওৱা পদ্ধতি এতিয়া পুৰনা হ'ল। কাৰণ এতিয়াৰ পৰা আপুনি ডেবিট কাৰ্ডখন আপোনাৰ সৈতে নাৰাখিলেও আপুনি এটিমৰ পৰা টকা উলিয়াব পাৰিব I আপুনি সহজে ফোনৰ পৰা টকা উলিয়াব পাৰে।

এটিএম কোম্পানী এনচিআৰ কৰ্পোৰেচনে শেহতীয়াকৈ কাৰ্ডবিহীন নগদ ধন প্ৰত্যাহাৰ কৰিবলৈ UPl ৰ ওপৰত আধাৰিত কৰি এটা প্ৰণালী আনিছে। নতুন প্ৰণালীৰ জৰিয়তে আপুনি আপোনাৰ ফোনৰ যিকোনো UPI পৰিশোধ এপ যেনে- গুগল পে, ফোন পে, আমাজন পে, পেটিএম, Bhim আদিৰ সহায়ত নগদ টকা উলিয়াব অনুমতি পাৰিব।

আৰু পঢ়ক- বাৰিষা কালত তিঁতা কেৰেলাৰ কৃষি প্রণালী জানো আহক (Bitter gourd Farming in Summer)

এতিয়াৰ পৰা ইউ.পি.আই. এপৰ জৰিয়তে QR কোড স্কেন কৰি এটিএমৰ পৰা টকা উলিয়াব পাৰিব। চিটিইউনিয়ন বেঙ্কে ইতিমধ্যে এই সুবিধাৰ সৈতে ১৫০০ এটিএম উন্নীত কৰিছে।

ডেবিট কাৰ্ড অবিহনে কেনেকৈ নগদ ধন উলিয়াব লাগে প্রনালীটো জানক

1.প্ৰথমে আপুনি আপোনাৰ স্মাৰ্টফোনত যিকোনো UPI পৰিশোধ এপ খুলিব লাগিব। 2. তাৰ পিছত QR কোডটো ATM স্ক্ৰীণত স্কেন কৰিব লাগিব। 3. আপুনি ফোনত ইউ.পি.আই. এপত কিমান টকা উলয়াব পৰিমাণ দিয়ক।

মনত ৰাখিব বৰ্তমান আপুনি এই সুবিধাৰ জৰিয়তে সৰ্বাধিক 5,000 টকালৈ উলিয়াব বেংকে অনুমতি প্রদান কৰিছে। 4. তাৰ পিছত Process বুটামত ক্লিক কৰি নিশ্চিত কৰক। 5. এতিয়া 4 বা 6 সংখ্যাৰ ইউ.পি.আই. পিন নম্বৰ প্রবিষ্ট কৰক। 6. এটিএমৰ পৰা নগদ ধন ওলাই আহিব।

আৰু পঢ়ক- কম মূল্যতে লাভ কৰক মহিন্দ্রা ফাইনেন্সৰ পৰা টেক্টৰ, কেনেকৈ কত লাভ কৰিব পাৰে চাওক

Withrew cash without debit card Upi cash withdrawal ATM Debit card

Share your comments

More on this section

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.