
pakistan defers decision to import sugar cotton from india on Wednesday
ভাৰতৰ পৰা কপাহ আৰু চেনী আমদানি পুনৰ আৰম্ভ কৰাৰ পৰিকল্পনা ঘোষণা কৰাৰ ঠিক এটা দিন পিছতে, পাকিস্তানৰ চৰকাৰে কয় যে এই সিদ্ধান্তটো "স্থগিত" ৰখা হৈছে আৰু জম্মু আৰু কাশ্মীৰক লৈ নতুন দিল্লীৰ সৈতে চলিথকা আলোচনা যিকোনো "স্বাভাৱিককৰণ" নোহোৱালৈ পাকিস্তান চৰকাৰে এই ক্ষেত্রত আগনাবাঢ়ে। উল্লেখযোগ্য যে পাকিস্তানৰ প্রধান মন্ত্রী ইমৰান খান আৰু নৱনিযুক্ত বিত্ত মন্ত্ৰী হামমাদ আজহাৰে, যোৱা বুধবাৰে এক সংবাদমেলসম্বোধন কৰি ভাৰতৰ পৰা কপাহ আৰু চেনি আমদানিৰ বাবে অৰ্থনৈতিক সমন্বয় পৰিষদ (ECC)ৰ পৰা অনুমোদন লাভৰ কথা ঘোষণা কৰিছিল, যিটো যোৱা আগষ্ট ২০১৯ৰ পৰা স্থগিত হৈ আছিল।
তাৎপৰ্যপূৰ্ণভাৱে, ইমৰান খানে তেওঁৰ কেবিনেটত বাণিজ্য মন্ত্রী হিচাপে বুধবাৰে ECCলৈ ভাৰতৰ পৰা পুনৰ কপাহ আৰু চেনি আমদানি প্রক্রিয়া আৰম্ভ কৰাৰ প্ৰস্তাৱ প্ছি কৰিছিল। যদিও প্রধান মন্ত্রী হিচাপে অগ্রাহ্য কৰে। আৰু বর্তমান ইয়াক স্থগিত ৰখা হৈছে বুুলি জনায় ৷ ইয়াৰ লগতে সংবাদ মাধ্যমৰ সৈতে কথা পাতি আজহাৰে কৈছিল যে যোৱা বছৰ পাকিস্তানত উচ্চ মূল্য আৰু কম উৎপাদনৰ বাবে এই পদক্ষেপটো ভাৰতীয় চেনী আৰু কপাহৰ বাণিজ্যিকভাৱে দৃষ্টি ৰখাৰ প্ৰয়োজনীয়তা আছিল। এইফালে ECCৰ সিন্ধান্তৰ বিপৰীতে বৃহস্পতিবাৰে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মেহমুদ কুৰেছিয়ে ভিডিঅ' বিবৃতিত কৈছিল যে বিষয়টো "পুনৰ বিৱেচনাৰ" প্ৰয়োজন।
কুৰেছীয়ে কয় "বর্তমান ভাৰতৰ সৈতে সম্পৰ্ক স্বাভাৱিককৰণৰ দিশত আগবাঢ়ি আছে আৰু বাণিজ্য মুকলি কৰা হৈছে। আমি এই বিষয়ে আলোচনা কৰিছিলো, আৰু কেবিনেটৰ সৰ্বসন্মত মতামত আছিল যে ২০১৯ চনৰ ৫ আগষ্টত ভাৰতে লোৱা একপক্ষীয় সিদ্ধান্তবোৰ পুনৰ বিবেচনা নকৰালৈকে, ভাৰতৰ সৈতে সম্পৰ্ক স্বাভাৱিক কৰাটো অসম্ভৱ হ'ব,"I
পাকিস্তানত সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, কুৰেছীয়ে, আভ্যন্তৰীণ মন্ত্ৰী শ্বেখ ৰচিদ আৰু মানৱ অধিকাৰ মন্ত্ৰী শিৰেন মাজাৰীৰ সৈতে ভাৰতৰ লগত পুনৰ বাণিজ্য মুকলি কৰাৰ বিৰোধিতাত আটাইতকৈ সৰৱ হৈছিল। কেবিনেট বৈঠকৰ কিছু ঘণ্টা আগতে ভাৰতীয় আমদানিৰ সিদ্ধান্তৰ বিৰুদ্ধে শিৰেন মাজাৰীয়ে টুইট কৰিছিল, য'ত উল্লেখ কৰা হৈছিল যে আমদানিক লৈ কেবিনেটৰ ভিতৰত পাৰ্থক্য আছিল।
"কেবিনেটে স্পষ্টভাৱে ভাৰতৰ সৈতে কোনো বাণিজ্য নাই বুলি উল্লেখ কৰে," লগতে জম্মু আৰু কাশ্মীৰত ভাৰতৰ "অবৈধ পদক্ষেপ"ৰ কথা উল্লেখ কৰি বৃহস্পতিবাৰে বৈঠকৰ পিছত কুৰেছীয়ে এক টুইট কৰে। ৰছিদে সংবাদ মাধ্যমক কৈছিল যে সংবিধানৰ অনুচ্ছেদ ৩৭০ সলনি কৰাৰ ভাৰতৰ সিদ্ধান্ত যিকোনো ব্যস্ততাৰ বাবে আগৰ কথা।
আৰু পঢ়ক- আপুনি নিৰামিষভোজী নেকি? নিৰামিষ আহাৰৰ কেইটামান অন্যতম লাভালাভ-
নতুন দিল্লীয়ে ২০১৯ চনৰ আগষ্টত লোৱা কেইবাটাও পদক্ষেপৰ পৰা অনুচ্ছেদ ৩৭০ ৰ ওপৰত সিদ্ধান্ত সলনি নকৰিব বুলি স্পষ্ট কৰি দিছিল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজহুৱাভাৱে কৈছে যে বৰ্তমান কেন্দ্ৰীয় শাসিত অঞ্চললৈ অৱনমিত হোৱা জম্মু আৰু কাশ্মীৰৰ ৰাজ্যিক স্থিতি "উপযুক্ত" সময়ত পুনৰুদ্ধাৰ কৰা হ'ব।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আমদানি খোলাৰ আগৰ সিদ্ধান্ত আৰু বাণিজ্য সম্পৰ্ক ৰখাৰ বাবে শেহতীয়া দুয়োটা সিদ্ধান্তৰ ওপৰত মন্তব্য কৰিবলৈ অস্বীকাৰ কৰে।