
Petrol price
পেট্রলৰ মূল্যবৃদ্ধিয়ে অনাকাংক্ষিত অভিলেখ গঢ়িলে। দেশত প্ৰথমবাৰৰ বাবে প্রতিলিটাৰ পেট্র'লৰ মূল্যই চেঞ্চুৰী মাৰিলে। অর্থাৎ প্রতিলিটাৰ পেট্ৰ'লৰ মূল্য ১০০ টকা অতিক্ৰম কৰিলে। বিগত ৯ দিন ধৰি পেট্রলৰ মূল্য ধাৰাবাহিক বৃদ্ধি পাই আহিছে। দেশৰ প্ৰতিখন ৰাজ্যতেই প্ৰতিদিনে পইচা পইচাকৈ ইন্ধনৰ বিশেষকৈ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈ আছে। ৰাজহুৱা খণ্ডৰ ইন্ধনৰ পাইকাৰী কোম্পানীয়ে নির্ধাৰণ কৰি থকা পেট্ৰ'ল আৰু ডিজেলৰ মূল্য আজি পুনৰ ২৫ পইচাকৈ বৃদ্ধি পােৱাত কেইবাখনাে ৰাজ্যত প্রতিলিটাৰ পেট্ৰ'লৰ মূল্যই ১০০ টকা অতিক্ৰম কৰিছে। প্রতিলিটাৰ পেট্র’লত ১০০ টকা অতিক্রম কৰা ৰাজ্যকেইখন হৈছে, ৰাজস্থান, মধ্য প্রদেশ আৰু মহাৰাষ্ট্ৰ। ৰাজস্থানৰ শ্ৰীগংনগৰত আজি প্রতিলিটাৰ পেট্রলৰ মূল্য ১০০.১৩ টকা। চহৰখনত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৯২.২৩ টকা।
উল্লেখ্য যে ইন্ধনৰ মূল্য ৰাজ্যসমূহে প্ৰয়ােগ কৰা স্থানীয় কৰ বিশেষকৈ ভেট আৰু পৰিবহণ মাচুলৰ ওপৰত নিৰ্ভৰ কৰে। দেশৰ ভিতৰতে কংগ্ৰেছশাসিত ৰাজস্থান সর্বাধিক ভেট আৰােপ কৰা হয়। মন কৰিবলগীয়া যে ৰাজস্থানে বিগত মাহত পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত ভেট ২ শতাংশ কর্তন কৰিছিল যদিও দেশৰ ইতিহাসত ৰাজস্থানত প্ৰথমবাৰৰ বাবে প্রতিলিটার পেট্র’লব মুল্যই শ টকা অতিক্রম কৰিছে। আনপিনে শিৱসেনা-কংগ্ৰেছ-এন চি পিৰ মিত্ৰজোঁটৰ চৰকাৰ থকা মহাৰাষ্ট্ৰতাে কেইবাটাও অঞ্চলত প্ৰতিলিটাৰ পেট্রল মূল্যই ১০০ টকা অতিক্রম কৰিছে।
তেনেদৰে বিজেপিশাসিত মধ্যপ্রদেশৰ কেইখনমান চহৰত পেট্ৰ'লৰ মূল্যই ১০০ টকা স্পর্শ কৰিছে। দেশৰ ৰাজধানী দিল্লীত প্রতিলিটাৰ পেট্রলৰ মূল্য ৮৯.৫৪ টকা আৰু ডিজেলৰ মূল্য ৭৯, ৯৫ টকা। তেনেদৰে মুম্বাইত পেট্রল ৯৬ আৰু ডিজেলৰ ৮৬, ৯৮ টকা। উনুকিয়াব লাগিব যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পেট্র’লত ৬০ শতাংশ কৰ আৰােপ কৰাৰ বিপৰীতে প্রতিলিটাৰ ডিঙোলত ৫৪ শতাংশতকৈ অধিক কৰ সংগ্ৰহ কৰি আছে। কেন্দ্রীয় চৰকাৰে প্রতিলিটাৰ পেট্র’লত আবকাৰী শুল্ক ৩২, ৯০ টকা আৰু প্ৰতিলিটাৰ, ডিজেল'ত ৩১.৮০ টকা সংগ্রহ কৰে। ২০২০ চনৰ মাৰ্চৰ মাজভাগৰ পৰা আৰম্ভ হৈ
এতিয়ালৈকে প্রতিলিটাৰ পেট্র’লত ১৯, ৯৫ টকা আৰু প্ৰতিলিটাৰ ডিজেলত ১৭.৬৬ টকাকৈ বৃদ্ধি হৈছে। আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি কিম্বা হ্রাস পােৱাক লৈ কেন্দ্রীয় চৰকাৰে কৰৰ হাৰ বৃদ্ধি কৰে।