
NRL distributed tractor to farmers groups under CSR scheme
কৃষি জাগৰণ ডিজিটেল ডেক্সঃ এন আৰ এলে কোম্পানীটোৰ কৰ্প'ৰেট সামাজিক দায়বদ্ধতা (Corporate Social Responsibility) আঁচনিৰ অধীনত কৃষি ক্ষেত্ৰত জড়িত “অসম নৱনির্মাণ যুটীয়া কৃষি সমবায় সমিতি', চমুৱাপাৰা, দৰং আৰু 'ইণ্ডিজেনাছ ফার্মাচ প্রডিউচাৰ কোম্পানী লিমিটেড, দিছপুৰ, গুৱাহাটীস্থিত নামৰ দুটা প্রতিষ্ঠানক যোৱা কালি ৫০ এইচ পি ক্ষমতাযুক্ত ট্ৰেক্টৰ সাহার্য্য প্রদান কৰে। যোৱা কালি গুৱাহাটীস্থিত কৰ্প'ৰেট কার্যালয়ত এক অনুষ্ঠান আয়োজন কৰি হিতাধিকাৰী সংগঠন দুটাৰ প্রতিনিধি অনুপ চেতিয়াক আনুষ্ঠানিকভাবে ট্রেক্টৰৰ চাবি প্রদান কৰে। উল্লেখযোগ্য যে অনুষ্ঠানটোত উপস্থিত থাকে NRLৰ পৰিচালন সঞ্চালক এছ কে বৰুৱা লগতে নিকুঞ্জ বৰঠাকুৰ, CGM প্রজেক্ট (পাইপলাইন) মনােজ পেগু, কোম্পানী সচিব এইচ কে শর্মা, DGM কৰ্প'ৰেট কমিউনিকেশনৰ মধুচন্দা অধিকাৰী, এছ এম (চি এছ আৰ), বিশ্বমােহন বুঢ়াগােহাঁইৰ লগতে কোম্পানীটোৰ অন্যান্য জ্যেষ্ঠ বিষয়া সমূহ উপস্থিত থাকে।
এই সম্বন্ধত NRLৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাই সাংবাদিকৰ আগত উল্লেখ কৰে যে তেওঁলােকৰ Corporate Social Responsibility আঁচনি খনৰ জৰিয়তে অসমৰ মানুহক সদায়ে কোনোবা নহয় কোনোবা দিশত সহায় কৰি আহিছে আৰু এই আঁচনিখনৰ মুখ্য উদ্দেশ্যই হৈছে অসমৰ ৰাইজক উপকৃত কৰা। এইক্ষেত্রত আঁচনিখনে এইবাৰ অসমৰ কৃষিখণ্ডক অধিক গুৰত্ব দিয়া বুলি জনায়৷ তেওঁ আশা প্রকাশ কৰিছে যে হিতাধিকাৰী সংগঠনকেইটাই কৃষিকার্যত ট্রেক্টৰ কেইখন সুব্যৱহাৰেৰে তেওঁলােকৰ ক্ষেত্র বিকশিত কৰিবলৈ সক্ষম হ'ব আৰু লগতে জীৱিকাৰ এক উৎস হিচাপে কৃষিকর্ম হাতত লােৱাৰ তেওঁলােকৰ এই প্ৰচেষ্টাক প্রশংসা কৰে।
আনহাতে হিতাধিকাৰী অনুপ চেতিয়াই এন আৰ এলক তেওঁলোকলৈ আগবঢ়োৱা মহান বৰঙনিৰ বাবে কৃতজ্ঞতা লগতে এনে আঁচনি অসমৰ ৰাইজৰ হিতৰ বাবে হাতত লোৱা বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু অসমৰ যুৱক-যুৱতীসকলে অসমৰ উন্নয়নৰ বাবে কৃষি খণ্ডৰ ওপৰত গুৰুত্ব আৰােপ কৰিব বুলিও আশা প্রকাশ কৰে। জি কুমাৰ দেৱ গােস্বামী, লীলাকান্ত শর্মা, নিপুঞ্জিত দত্ত, মণিকা বৰগােহাঁই বৰুৱা আৰু দুয়ােটা সংগঠনৰ অন্যান্য প্রতিনিধিবৃন্দয়ে এই অনুষ্ঠানত উপস্থিত থাকে।