Krishi Jagran Tamil
Menu Close Menu

কাকতী ফৰিঙৰ উপদ্ৰৱৰ কথা উল্লেখ ‘মন কী বাত’ত

Monday, 01 June 2020 11:38 AM

মহামাৰী ক’ৰোনা ভাইৰাছক ৰোধ কৰিবলৈ অব্যাহত থকা লক ডাউনত বিভিন্ন ধৰণৰে ক্ষতিগ্ৰস্ত হোৱা দেশৰ কৃষিখণ্ডত শেহতীয়াভাৱে আৰ্ভিভাৱ হোৱা কাকতী ফৰিঙৰ সমস্যাটোৱে বিশেষ স্থান লাভ কৰে ৩১ মে’ৰ ‘মন কী বাত’ত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বিতীয়টো কাৰ্যকালৰ এবছৰ পূৰ্তিৰ পাছৰ প্ৰথমটো মাহেকীয়া দেওবৰীয়া ৰেডিঅ’ অনুষ্ঠানটোত তেওঁ এই সন্দৰ্ভত কয় যে কাকতী ফৰিঙৰ উপদ্ৰৱৰ ফলত ক্ষতিগ্ৰস্ত হোৱাসকলক চৰকাৰে সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়াব।  তেওঁ কয় যে যোৱা তিনিটা দশকত ভাৰত প্ৰব্ৰজনকাৰী কীট-পতংগৰদ্বাৰা অতিশয় বেয়াকৈ ক্ষতিগ্ৰস্ত হৈ আহিছে।

যোৱা দুটা সপ্তাহতো কাকতী ফৰিঙে শস্যৰ অধিক বিনষ্টসাধন কৰিছে। ইয়াৰ ফলত দেশৰ সাতখন ৰাজ্য যথা মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, পঞ্জাৱ, ৰাজস্থান, গুজৰাট, মধ্য প্ৰদেশ আৰু হাৰিয়ানা ব্যাপকভাৱে প্ৰভাৱিত হৈছে। তেওঁ কয়, ‘যিসময়ত দেশৰ পূৰ্বাঞ্চলে ঘূৰ্ণীবতাহ আম্ফানৰ বিভীষিকাৰে সাহসেৰে মোকাবিলা কৰি আছে, সেইসময়তে কেইবাখনো ৰাজ্যত কাকতী ফৰিঙৰ উপদ্ৰৱ অব্যাহত আছে। এই প্ৰভাৱে আমাক এটা সৰু পতংগই কৰিবপৰা অনিষ্টসাধনৰ কথা মনত পেলাই দিছে। এই অনিষ্টসাধন প্ৰক্ৰিয়া আগন্তুক কেইবাদিনলৈয়ো অব্যাহত থাকিব পাৰে তথা ইয়াৰ ফলত আৰু অধিক ক্ষতি হ’ব পাৰে।’

তেওঁ আকৌ কয়, ‘এই পতংগবিধক নিৰ্মূল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰসমূহ তথা কৃষি বিভাগ আৰু প্ৰশাসনে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিছে। আমি উদ্ভাৱনীমূলক ব্যৱস্থা গ্ৰহণত তৎপৰতা অৱলম্বন কৰিছো। মই বিশ্বাসী যে আমি সকলো একত্ৰিত হৈ সাহসৰে এই পৰিস্থিতি অতিক্ৰম কৰিব পাৰিম।’ তেওঁ আৰু কয়, ‘ইয়াৰদ্বাৰা ক্ষতিগ্ৰস্ত হোৱসকলক সহায় আগবঢ়োৱা হ’ব।’

উল্লেখযোগ্য যে শাক-পাচলি আৰু মাহজাতীয় শস্যৰ প্ৰতি ভাবুকি সৃষ্টিকাৰী কাকতী ফৰিঙে দেশৰ ৰবি শস্যত বিশেষ কু-প্ৰভাৱ পেলোৱা নাই যদিও অহা দিনসমূহত যদি ইয়াৰ প্ৰভাৱ অব্যাহত থাকে, তেন্তে খাৰিফ শস্য ক্ষতিগ্ৰস্ত হোৱাটো ধুৰূপ। এই সন্দৰ্ভতেই কাকতী ফৰিঙৰ বিৰুদ্ধে সতৰ্কতা অৱলম্বনৰ সমগ্ৰ বিষয়টো নিৰীক্ষণ কৰি থকা এটা সংস্থাই শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ আগত কয় যে অহা খাৰিফ শস্যৰ বতৰত যাতে কাকতী ফৰিঙে ক্ষতিসাধন কৰিব নোৱাৰে, তাৰ বাবেই চৰকাৰে যুদ্ধকালীন ক্ষীপ্ৰতাৰে ইয়াক বাৰিষাৰ পূৰ্বেই নিৰ্মূলৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ফৰিং গোত্ৰৰে এটা প্ৰজাতি কাকতী ফৰিঙৰদ্বাৰা সচৰাচৰ শস্যৰ বিশেষ এটা ক্ষতিসাধন নহয় যদিও বাৰিষা কাল আৰু অধিক বৃষ্টিপাতৰ ফলত ইয়াৰ অধিক বংশবৃদ্ধি হ’ব পাৰে। এই পতংগবিধ অতিশয় গতিশীল আৰু এটা দিনত ৫০ৰপৰা ১০০ কিমিৰৰো অধিক দূৰত্ব অতিক্ৰম কৰিব পাৰে।

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা চমুকৈ এফএঅ’য়ে কৰা পূৰ্বানুমান অনুসৰি, অহা জুলাইৰ ভিতৰত এই কাকতী ফৰিঙে বিহাৰ আৰু উৰিষ্যাত প্ৰৱেশ কৰিব পাৰে। ইফালে, এই প্ৰব্ৰজনকাৰী পতংগবিধে দক্ষিণ ভাৰতত প্ৰৱেশ কৰাৰ সম্ভাৱনা অতি ক্ষীণ। আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে কৰা সতৰ্কবাণীত এইবুলি উল্লেখ কৰা হৈছে, ‘জুলাই পৰ্যন্ত ৰাজস্থানত ইয়াৰ ক্ৰমাগত আক্ৰমণৰ সম্ভাৱনা দেখা পোৱা গৈছে। ঠিক সেইদৰে, বিহাৰ আৰু উৰিষ্যাকে সামৰি সমগ্ৰ উত্তৰ ভাৰতত ইয়াৰ আক্ৰমণৰ সম্ভাৱনা দেখা পোৱা যায়।’ বাৰিষাৰ প্ৰাকক্ষণত বলা বতাহৰ ওপৰত ভিত্তি কৰিয়েই সংস্থাটোৱে কাকতী ফৰিঙৰ গতি-বিধি লক্ষ্য কৰিছে।

এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ভাৰত-পাকিস্তান সীমন্তয়েদি দেশত কাকতী ফৰিঙৰ আৰ্বিভাৱ ঘটিছিল যদিও যোৱা দিনকেইটাত নতুনকৈ পতংগবিধৰ প্ৰৱেশ বন্ধ হৈছে বুলি জানিবপৰা গৈছে। ইফালে, এই প্ৰত্যাহ্বানৰে মোকাবিলা কৰিবলৈ ৰণকৌশল প্ৰস্তুতৰ অৰ্থে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়ে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছে। মন্ত্ৰণালয়টোৱে কাকতী ফৰিঙৰদ্বাৰা প্ৰভাৱিত ৰাজ্যকেইখনৰ চৰকাৰৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰখাৰ সমান্তৰালভাৱে, ৰাজ্যসমূহৰ প্ৰয়োজনীয়তা অনুসৰি কাকতী ফৰিং ৰোধ কৰিবলৈ প্ৰয়োজনীয় কীটনাশককে ধৰি সকলোধৰণৰ সা-সৰঞ্জাম যোগান ধৰিছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যক্ষ হস্তক্ষেপতে এই ৰাজ্যসমূহত নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে আৰু ইয়াত পৰ্যাপ্ত পৰিমাণে মানৱ সম্পদ নিয়োগ কৰা হৈছে। একেদৰে, বহুকেইটা অস্থায়ী নিৰীক্ষণ কেন্দ্ৰও স্থাপন কৰা হৈছে। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত, কীটনাশকৰ প্ৰয়োগত ব্যৱহৃত ট্ৰেক্টৰ, ইয়াৰ যোগানৰ বাবে ব্যৱহৃত যান-বাহন তথা আন-আন সা-সৰঞ্জামৰ ব্যৱস্থা কৰা হৈছে।

উল্লেখযোগ্য যে ‘মন কী বাত’ত প্ৰধানমন্ত্ৰীয়ে কোৱাৰ দৰে, কাকতী ফৰিঙৰ নিয়ন্ত্ৰণ কৰিবলৈ আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ অংশ হিচাপে অতিশয় দুৰ্গম আৰু ওখ গছ-গছনিত কীটনাশক ছটিয়াবলৈ শীঘ্ৰেই মানৱবিহীন আকাশীযান (ড্ৰোণ) ব্যৱহাৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়। ইতিমধ্যে, চৰকাৰৰ অধীনস্থ দুটা সংস্থাক ইয়াৰ দায়িত্ব প্ৰদান কৰা হৈছে। কাকতী ফৰিং নিৰ্মূল অভিযানত ড্ৰোণ ব্যৱহাৰৰ অৰ্থে অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে সেউজ সংকেত প্ৰদান কৰিছে। ইয়াৰোপৰি, পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি হেলিকপ্টাৰৰ জৰিয়তেও কীটনাশক ছটিওৱাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। একেদৰে, অহা সপ্তাহৰ ভিতৰত ব্ৰিটেইনৰপৰা কেইবাটাও স্প্ৰেয়াৰ আহি পোৱাৰ কথা।    

Narendra Modi Mann Ki Baat’ locust

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2020 Krishi Jagran Media Group. All Rights Reserved.