
Know the coding meaning of food stickers
ফল-মূল খাই বেয়া পোৱা মানুহ এই জগতত খুইব কমেই উলাব। অৱশ্যে কোনো ৰোগত আক্রান্ত হলে ডক্টৰে হয়তো বাধা দিলে নাখাবও পাৰে। তাতে যদি আৰু সতেজ, সুস্বাদু আৰু সুগন্ধিযুক্ত ফলমূল হয়, আপোনাৰ হয়তো মনটোক বান্ধি ৰাখিব বৰ কঠিন হয় ৷ সেইবাবেই বজাৰত বিধে বিধে সজাই থোৱা সতেজ ফলমূলবোৰ নিজৰ পছন্দ অনুযায়ী প্ৰায়েই আমাৰ কিনিবলৈ মন যায় আৰু আমি কোনো কথা নাভাবি কিনিও আনো। আমাৰ বজাৰবোৰত বেছিভাগেই স্হানীয় ফলমূলতকৈ আমদানিকৃত ফলমূলহে বেছিকৈ উপলব্ধ হয় আৰু এই আমদানিকৃত ফলমূল বিলাকৰ কিছুমান ফলমূলত হয়তো আপুনি সৰু সৰু ষ্টীকাৰ লগাই থোৱা দেখিছে। কিন্তু কেতিয়াও জানিবলৈ ইচ্ছা কৰা নাই আচলতে সেই ষ্টীকাৰ সমূহ ফলটোৰ উপৰত কিয় লগাই দিয়ে বা ইয়াৰ প্রয়োজনীয়তা কিহত? কিন্তু আপুনি জানি আছৰিত হব যে এই ষ্টীকাৰ সমূহ এটা গুৰত্বপূর্ণ কাৰণতহে ফলৰ উপৰত লগাই দিয়ে বা লগোৱা জৰুৰী ৷
সাধাৰণতে এই ষ্টীকাৰ সমূহত উৎপাদনকাৰী প্রতিষ্ঠান বা আমদানিকাৰীৰ নাম, উৎপাদনকাৰী দেশৰ নাম বা PLU (Price look-up) ক’ড থাকে । উৎপাদনকাৰী সংস্হা সমূহে নিজৰ প্রতিষ্ঠান প্ৰচাৰৰ লগতে PLU ক’ড সমূহত কিছুমান তথ্য নিহিত হৈ থাকে। গতিকে জানো আহক কোনকেইটা নম্বৰে কি তথ্য প্রকাশ কৰে। তলত এই বিষয়ে আলেচনা কৰা হল -
মন কৰিব যদি ষ্টীকাৰত চাৰিটা সংখ্যাযুক্ত ক’ড বা নম্বৰ থাকে আৰু আৰম্ভণিৰ সংখ্যাটো ৩ বা ৪ হয় তেন্তে জনা উচিত যে ফলবিধ আধুনিক কৃষি প্ৰযুক্তিৰ সহায়ত উৎপাদন কৰা হৈছে আৰু ফলবিধ উৎপাদন কৰাৰ বাবে পৰ্যাপ্ত পৰিমাণে কৃত্ৰিম সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা হৈছে ৷
ষ্টীকাৰৰ ক’ড বা নম্বৰসমূহ পাঁচটা সংখ্যাযুক্ত হ’লে আৰু আৰম্ভণিৰ সংখ্যাটো যদি আঠ হয় বুজিব লাগিব যে সেই ফলবিধ জেনেটিক ভাবে সংশোধিত বা পৰিবৰ্তন কৰি উৎপাদন কৰা হৈছে। এই পদ্ধতিক ইংৰাজীত GMO (Genetically Modified Organisms) বুলি কোৱা হয়। তেনে খাদ্য সামগ্রী আপুনি ভুলতো ক্রয় নকৰিব। এই ধৰণৰ ফলমূল দেহৰ বাবে হানিকাৰক বুলি বিবেচিত হৈছে ৷ ইতিমধ্যে পৃথিৱীৰ প্ৰায় ২৬ খন ৰাষ্ট্ৰই ইতিমধ্যে GMO পদ্ধতিৰে উৎপাদিত ফলমূল বা খাদ্য সামগ্ৰীৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।
পাঁচটা সংখ্যাযুক্ত ষ্টীকাৰ থাকিলে আৰু আৰম্ভণিৰ সংখ্যাটো ৯ হ’লে আপুনি জনা উচিত যে সেই ফলবিধ জৈৱিক পদ্ধতিৰে কোনো ৰাসায়নিক সাৰ বা কীটনাশক ব্যৱহাৰ নকৰাকৈ উৎপাদন কৰা হৈছে। কিন্তু এনে ফলমূলৰ দাম অকণমান বেছি হয় যদিও প্রচুৰ পৰিমাণে পুষ্টিকৰ গুণেৰে সমৃদ্ধ।
Third party image reference কি?
PLU ক’ড বা ষ্টীকাৰ নথকা আমদানিকৃত ফলমূল কিনোতে সদায় সাবধানতা অৱলম্বন কৰিব লাগে। সাধাৰণতে স্হানীয় ফলমূল আৰু লগতে কিছুমান আমদানিকৃত ফলমূলতো ষ্টীকাৰ নাথাকে। তেনে ফলমূল কিনাৰ সময়ত ফলমূল বিক্ৰী কৰা মানুহজন বা প্রতিষ্ঠানখন যদি আপোনাৰ একেবাৰে বিশ্বাসী নহয় বা মনত যদি সন্দেহ থাকে তেনে ফলমূল ক্ৰয় নকৰাই আপোনাৰ বাবে ভাল। অৱশ্যে PLU ক’ড চৰকাৰৰ ফালৰ পৰা বাধ্যতামূলক কৰা হোৱা নাই। এনে ষ্টীকাৰসমূহ প্রতিষ্ঠান সমূহে স্বয়ংক্ৰিয় ভাবে ব্যৱহাৰ কৰে।
উল্লেখযোগ্য যে এই ষ্টীকাৰ সমূহৰ ব্যৱহাৰ ১৯৯০ চনৰ পৰাই চলি আহিছে। গতিকে ফলমূল কিনাৰ সময়ত সর্তক হৈএই ষ্টীকাৰসমূহ পরীক্ষা কৰি ক্ৰয় কৰা উচিত।
আপোনাৰ ঘৰত আছে নেকি এইবিধ গছ? আছে যদি জানি লওক এইখিনি কথা l জীবনত কেতিয়াও ডক্টৰৰ ওচৰত যাব লগা নহয়।