Krishi Jagran Tamil
Menu Close Menu

বন্ধ হৈছে ভাৰত-পাক সীমান্তয়দি কাকতী ফৰিঙৰ প্ৰৱেশ

Saturday, 30 May 2020 06:11 PM

প্ৰভাৱিত ৰাজ্যসমূহত কীটনাশক ছটিয়াবলৈ ব্যৱহাৰ কৰা হ’ব ড্ৰোণ, হেলিকপ্টাৰ

কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ বৈঠক

শস্যৰ অনিষ্টসাধনকাৰী কাকতী ফৰিঙৰ উপদ্ৰৱক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। দেশৰ ভিন্ন প্ৰান্তত এই কাকতী ফৰিঙে কৃষকৰ সমস্যা বৃদ্ধি কৰা সময়তে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়ে ইয়াক ৰোধিবলৈ সঘনাই মিলিত হৈছে আলোচনাত। বৃহস্পতিবাৰৰ দিনটোতো কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীদ্বয় পৰষোত্তম ৰূপালা আৰু কৈলাশ চৌধাৰী তথা কৃষি, সহযোগিতা আৰু কৃষক কল্যাণ বিভাগৰ সচিব সঞ্জয় আগৰৱালাৰে বৈঠকত মিলিত হৈ কাকতী ফৰিং নিয়ন্ত্ৰণৰ অৰ্থে ইতিমধ্যে গ্ৰহণ কৰা ব্যৱস্থাৰ পৰ্যালোচনা কৰে।ইয়াত কেন্দ্ৰীয় কৃষিমন্ত্ৰী টোমৰে কয় যে এই সমস্যাটোৰ প্ৰতি চৰকাৰে অধিক মনোযোগ দিছে আৰু পৰিস্থিতিৰে ক্ষীপ্ৰতাৰে মোকাবিলা কৰিছে।কাকতী ফৰিঙৰদ্বাৰা প্ৰভাৱিত ৰাজ্যকেইখনৰ চৰকাৰৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিছে আৰু ইয়াৰপৰা পৰিত্ৰাণৰ নিমিত্তে যাৱতীয় পৰামৰ্শাৱলী আগবঢ়াইছে।ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ অহা ১৫ দিনৰ ভিতৰত ব্ৰিটেইনৰপৰা ১৫ টাকৈ স্প্ৰেয়াৰৰ আমদানি আৰম্ভ হ’ব বুলি তেওঁ জনায়। তদুপৰি, অহা এমাহ বা ডেৰমাহৰ ভিতৰত আৰু ৪৫ টা স্প্ৰেয়াৰ দেশ আহি পাবহি বুলি তেওঁ লগতে কয়।তেওঁ কয় যে কাকতী ফৰিঙৰে ফলপ্ৰসূ মোকাবিলা কৰিবলৈ ওখ গছ-গছনি থকা আৰু দুৰ্গম অঞ্চলসমূহত কীটনাশক ছটিয়াবলৈ ড্ৰোণ ব্যৱহাৰ কৰা হ’ব। প্ৰসংগক্ৰমে, কীটনাশক ছটিয়াবলৈ হেলিকপ্টাৰো ব্যৱহাৰ কৰাৰ পৰিকল্পনা ৰূপায়ণ হোৱাৰ পথত আগবাঢ়িছে। 

তেওঁ জানিবলৈ দিয়া অনুসৰি, কাকতী ফৰিঙৰ উপদ্ৰৱ পৰ্যবেক্ষণ কৰিবলৈ ইতিমধ্যে ১১ টা আঞ্চলিক নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে আৰু ইয়াত অধিক মানৱ সম্পদ মোতায়েনৰে বিশেষ দল গঠন কৰা হৈছে।তেওঁ ন দি কয় যে ইয়াৰদ্বাৰা ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যকেইখনক প্ৰয়োজন সাপেক্ষে অধিক প্ৰতিৰোধী সমল যোগান ধৰাৰ ওপৰিও বিত্তীয় সাহায্য আগবঢ়োৱা হ’ব।

ইয়াত বিভাগীয় সচিবজনে মন্ত্ৰীত্ৰয়ক অৱগত কৰে যে সম্প্ৰতি কাকতী ফৰিং নিয়ন্ত্ৰণৰ অৰ্থে স্থাপন কৰা নিয়ন্ত্ৰণ কাৰ্যালয়সমূহত ২১ টা মাইক্ৰণএয়াৰ আৰু ২১ টা আলভামাষ্ট (মুঠ ৪৭ টা স্প্ৰে সঁজুলি) ব্যৱহাৰ কৰি থকা হৈছে আৰু কাৰ্যালয়সমূহত ২০০ কৰ্মচাৰী নিয়োগ কৰা হৈছে।তাৰোপৰি ৰাজস্থানৰ জয়পুৰ, চিত্তৰগড়, ডাউছা, মধ্য প্ৰদেশৰ ছেওপুৰ, নীমুঞ্চ, উজ্জয়িনী আৰু উত্তৰ প্ৰদেশৰ ঝান্সীত অস্থায়ী নিয়ন্ত্ৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে।ৰাজস্থান, পঞ্জাৱ, গুজৰাট আৰু মধ্য প্ৰদেশৰ ৩৩৪ টা স্থানৰ মুঠ ৫০,৪৬৮ হেক্টৰ মাটিত ইতিমধ্যে কাকতী ফৰিং নিয়ন্ত্ৰণ কৰা হৈছে।

এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে গত ২১ মে’ত অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে “কাকতী ফৰিং প্ৰতিৰোধী অভিযানত দূৰৰপৰা নিয়ন্ত্ৰিত বিমান প্ৰণালী ব্যৱহাৰৰ অৰ্থে চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত সংস্থালৈ চৰ্তসাপেক্ষে নিয়মৰ শিথিল”ত অনুমোদন জনাইছিল আৰু এই নিৰ্দেশৰ অধীনতেই কাকতী ফৰিং নিয়ন্ত্ৰণৰ অৰ্থে ড্ৰোণৰ জৰিয়তে কীটনাশক ছটিয়াবলৈ টেণ্ডাৰৰ জৰিয়তে দুখন ফাৰ্মক দায়িত্ব দিয়া হৈছে।ইয়াৰোপৰি, পৰিস্থিতিৰ ভয়াৱহতা সাপেক্ষে প্ৰয়োজনীয় সা-সামগ্ৰীৰ যোগান প্ৰক্ৰিয়াতো ত্বৰান্বিত কৰিবলৈ অতিৰিক্ত ৫৫খন গাড়ী ইয়াত মোতায়েন কৰাৰো ব্যৱস্থা কৰা হৈছে।বৰ্তমান কাকতী ফৰিং নিয়ন্ত্ৰণৰ অৰ্থে কাম কৰি থকা সংস্থাসমূহৰ সৈতে ৫৩ হাজাৰ লিটাৰ মালাথিয়ান (কীটনাশক) মজুত আছে।কৃষি পৰিকাঠোমোৰ অধীনস্থ সংস্থাসমূহৰ অধীনত ২.৮৬ কোটি টকা ব্যয় সাপেক্ষে ৰাজস্থানত ৮০০ খন ট্ৰেক্টৰৰে নিয়ন্ত্ৰণৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। একেদৰে, ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত ১৪ কোটি টকা ব্যয় সাপেক্ষে ৰাজস্থানত নিয়ন্ত্ৰণ ব্যৱস্থাটো অধিক গতিশীল কৰি তুলিবলৈ গাড়ী আৰু ট্ৰেক্টৰ ভাড়াত লোৱাৰ লগতে কীটনাশক ক্ৰয়ৰ কাৰণে অনুমোদন জনোৱা হৈছে।একেখিনি কামৰ কাৰণেই এই আঁচনিৰ অধীনত গুজৰাটলৈও ১.৮০ কোটি টকা মোকলাই দিয়া হয়।

উল্লেখৰ প্ৰয়োজন যে প্ৰভাৱিত ৰাজ্যসমূহৰ এই নিয়ন্ত্ৰণ অভিযানত ৰাজ্যিক কৃষি বিভাগ, স্থানীয় প্ৰশাসন আৰু সীমান্ত সুৰক্ষা বাহিনী (বিএছএফে) প্ৰতিনিয়ত সহায় আগবঢ়াইছে।জানিবপৰামতে, বৃহস্পতিবাৰৰ দিনটোত ভাৰত-পাকিস্তান সীমান্তইদি কাকতী ফৰিঙৰ দেশত প্ৰৱেশ বন্ধ হৈছে।

মন কৰিবলগীয়া যে ইয়াৰ যথোপযুক্ত নিয়ন্ত্ৰণৰ অৰ্থে বিভাগটোৰ অতিৰিক্ত সচিবৰ অধ্যক্ষতাত এখন সমিতিও গঠন কৰা হৈছে।

স্মতৰ্ব্য, দেশত কাকতী ফৰিঙৰ উপদ্ৰৱৰ পৰিপ্ৰেক্ষিতত কৃষিপ্ৰধান ৰাজ্য অসমৰ কৃষকসকলো শংকিত হৈ পৰিছে। অৱশ্যে, এই শংকাৰ আঁত ধৰিয়েই অসম চৰকাৰৰ কৃষি বিভাগৰ সৈতে যোগাযোগ কৰাত জানিব পৰা যায় যে অসমত এই কাকতী ফৰিঙৰ প্ৰৱেশক লৈ কোনো তথ্য লাভ কৰা হোৱা নাই। বিভাগটোৱে এই সন্দৰ্ভত কেন্দ্ৰীয় কৃষি মন্ত্ৰণালয়ৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিছে। অৱশ্যে, দুৰ্ভাগ্যবশতঃ অসমত কাকতী ফৰিঙে প্ৰৱেশ কৰিলেই ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ বিভাগটো সাজু হৈ আছে বুলি জানিবপৰা গৈছে। বিভাগটোৱে কৃষক ৰাইজক শংকিত নহৈ ইয়াক প্ৰত্যক্ষ কৰা মাত্ৰকে গাঁওসেৱকৰ জৰিয়তে মহকুমা বা জিলা কৃষি বিষয়াসকলক অৱগত কৰিবলৈ আহ্বানো জনাইছে।

locust agriculture Indo-Pak crisis

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2020 Krishi Jagran Media Group. All Rights Reserved.