
Bollywood Superstar Bibek Oberoi
বলিউডৰ প্ৰখ্যাত অভিনেতা বিবেক অৱেৰয়ে ছাত্ৰ ছাত্ৰীৰ ভবিষ্যত সুৰক্ষাৰ বাবে আৰম্ভ কৰিছে এক অভিযানৰ। ইয়াৰ জৰিয়তে তেওঁ যোগ্য ছাত্ৰক প্ৰদান কৰিব ১৬ কোটি টকা পৰ্যন্ত স্কলাৰশ্বিপ। তেওঁৰ এই অভিযানৰ উদ্দেশ্য হৈছে দেশৰ দৰিদ্ৰ খেতিয়ক শ্ৰেণীক সহায় কৰা।
মূলত কৃষকৰ সন্তান সকলক সহায় কৰিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে অভিনেতাজনে। এই স্কলাৰশ্বিপে ছাত্ৰ সকলক JEE আৰু NEET ৰ দৰে পৰীক্ষাত উত্তীৰ্ণ হোৱাটো সহায় কৰিব। এই বিষয়ে মন্তব্য আগৱঢ়াই অভিনেতাজনে কয় যে দুখীয়া ছাত্ৰ-ছাত্ৰীক সহায় কৰাটো তেওঁৰ এক সপোন সদৃশ আছিল।
তেওঁ কয় যে দেশত বহু শিক্ষাৰ্থী আছে যিসকলে কেৱল ধনৰ অভাৱতে মেধাৱী হোৱা স্বতেও উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হৈ আছে। তেওঁ লগতে কয় যে তেওঁ নিবিচাৰে যে ভৌগোলিক অথবা অৰ্থনৈতিক কাৰকৰ বাবে এই সকল শিক্ষার্থীৰ ভবিষ্যত তথা আশাবোৰ মৰহি যাৱক। এই সকল শিক্ষাৰ্থীৰ কথা চিন্তা কৰিয়েই তেওঁ এই পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য কৰিছে।
কৃষি মন্ত্রী অতুল বৰাৰ কেইবাখনাে অভিলাষী আঁচনি উদ্বোধনঃ কৃষি খণ্ডৰ উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্য
উৎস - অসমীয়া প্রতিদিন