Krishi Jagran Tamil
Menu Close Menu

অসমৰ প্ৰথমটো বানত হাহাকাৰ কৃষকৰ

Saturday, 30 May 2020 05:17 PM

১০০৭ হেক্টৰ কৃষিভূমিৰ শস্য বিনষ্ট

কৃষি প্ৰধান ৰাজ্য অসমত বাৰিষাৰ আগমনৰ লগে লগে প্ৰথমটো বানত ইতিমধ্যে জাহ গৈছে কৃষকৰ শ-শ হেক্টৰ মাটি। মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ ফেনে-ফুটুকাৰে বাঢ়িব ধৰাতেই বাঢ়নী পানীয়ে নষ্ট কৰিছে কৃষিভূমিসমূহ। মূলতঃ কৃষকে এই সময়ছোৱাত শালি খেতিৰ কাৰণে মাটি চহোৱাৰ কাম আৰম্ভ কৰিছিলহে মাথোন, ইয়াৰ বিপৰীতে কৃষিভূমিত বাঢ়নী পানী সোমোৱাত কেতিয়ালৈ এই মাটি চাহ প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিব পৰা যাব তাকে লৈ তেওঁলোক সন্দিহান হৈ পৰিছে। একেদৰে, আহু খেতিও চপাবলৈ বাকী থাকোতেই পানীত বুৰ যোৱাত আহুকালৰ সৃষ্টি হৈছে। ৰাজ্যৰ প্ৰথমটো বানৰ কাৰণে যোৱা প্ৰায় এসপ্তাহে অব্যাহত থকা ধাৰাষাৰ বৰষুণকে চিহ্নিত কৰা হৈছে। পশ্চিমবংগ আৰু উৰিষ্যাত কালৰূপ ধাৰণ কৰা ঘূৰ্ণী বতাহ ‘আম্ফান’ৰ প্ৰভাৱত অসমত বৃষ্টিপাতৰ পূৰ্বানুমান কৰা গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰিয়েই আগন্তুক দুই-চাৰিদিনলৈ ৰাজ্যখনত ইয়াৰ প্ৰভাৱ অব্যাহত থাকিব বুলি জানিব পৰা গৈছে। মহামাৰী ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ৰোধৰ কাৰণে লক ডাউনৰ জৰিয়তে সংগ্ৰাম অব্যাহত ৰখা ৰাজ্য চৰকাৰখনৰ সন্মুখত বানপানীৰ সমস্যাই ভূতৰ ওপৰত দানহ পৰাৰ লেখীয়া পৰিস্থিতিৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, নলবাৰীৰ অতি খৰস্ৰোতা বুঢ়াদিয়া নৈৰ মথাউৰি মঙলবাৰৰপৰা বুধবাৰলৈকে তিনি স্থানত ছিগাৰ ফলত জিলাখনৰ এই পৰ্যন্ত প্ৰায় ১৫ হাজাৰ হেক্টৰ কৃষিভূমিৰ অনিষ্ট সাধন হৈছে। চৰকাৰী সূত্ৰমতে জিলাখনত শেহতীয়াভাৱে ১২শ টা পশুধনৰ অনিষ্ট সাধন হৈছে।

ইফালে, নদীদ্বীপ মাজুলীৰ নামনি মাজুলীৰ অন্তৰ্গত চিলাকলা কৃষি বান্ধটো বুধবাৰে খেৰকটীয়া-সোৱণশিৰিৰ বাঢ়নী পানীয়ে তচ-নচ কৰি পেলোৱাত বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ উদ্ভৱ হৈছে। বান্ধটোৰ ছিগা অংশৰে পানী সোমাই থকাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ সমীপৱৰ্তী প্ৰায় ২০ খন গাঁৱৰ খেতিপথাৰ পানীত বুৰ গৈছে। তথ্য মতে, চিলাকলা, অৰ্জুনগুৰি, বিৰিণাবাৰী, পাটনা গাঁও, পহুমৰা, কাকৰিকতা, ১ আৰু ২ নং বৰগঞা, চিতাদাৰচুক, চাপৰিগাঁও, বৰুণচুক, ঢেকীয়াজুলি, বালিগাঁও আৰু বোকাৰা গাঁৱৰ আহু আৰু বৰো ধানৰ পথাৰসমূহ বানত বুৰ গৈছে।

একেদৰে, মধ্য অসমৰ ৰহাত কপিলী, বৰপানীৰ জলপৃষ্ঠ বাঢ়িব ধৰাত কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন হৈছে। জানিবপৰা মতে, বিধান সভা সমষ্টিটোৰ অন্তৰ্গত ফলিহামাৰী, ২ নং গৰুবন্ধা, ত্ৰিপুৰা বস্তি, মিছামাৰী, বৰুণগুৰি, কৃষ্ণ নগৰ, পুঠিমাৰী, ৰামপুৰবস্তি, সিন্ধুৰাআটি, গৌৰাংগপাৰ, বালিজুৰি, বাবুৰাআটি, ডালিমবাৰী, ধৰমুখ, খাফৰি জাৰণি, চৰাইজুৰীয়া, বাজ বাটমাৰি অঞ্চলৰ কেইবাশ বিঘা বৰো ধানৰ খেতি পানীত বুৰ গৈছে।

তদুপৰি, কলিয়াবৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰঘুলিত ব্ৰহ্মপুত্ৰই ভয়াৱহ খহনীয়া সৃষ্টি কৰাৰ ফলত বহু পৰিমাণে কৃষিভূমি লুইতৰ বুকুত জাহ গৈছে।

আকৌ, কালদিয়া নৈয়ে বৰপেটাৰ দক্ষিণ বজালী অঞ্চলৰ বনগাঁও আৰু কাৱৈমাৰীৰ দুঠাইত মথাউৰি ভঙাৰ ফলত ইৰি আৰু বৰো ধানৰ বিস্তৰ ক্ষতিসাধন হৈছে। জিলাখনৰ সৰুক্ষেত্ৰী বিধান সভা সমষ্টিৰ পাকা মৌজা অঞ্চলৰ খেতিপথাৰসমূহ নেৰানেপেৰা বৰষুণৰ বাবে পানীৰে ভৰি পৰাৰ ফলত এবুকু পানীত নামি কৃষক ৰাইজে ইৰি আৰু বৰো ধান চপাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে অসমৰ প্ৰথমটো বানত সৰ্বাধিক আক্ৰান্ত হৈছে গোৱালপাৰা। একেদৰে, ধাৰাষাৰ বৰষুণ আৰু ‘নীপকো’ৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি থকাৰ ফলত লখিমপুৰৰ নৈ-উপনৈসমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত জিলাখনৰ বহুকেইখন গাঁও বানৰ কৱলত পৰিছে। বানৰ কৱলতপৰা জিলাখনৰ ৫ টা ৰাজহ চক্ৰ যথা উত্তৰ লখিমপুৰ, বিহপুৰীয়া, নাৰায়ণপুৰ, কদম আৰু নাওবৈচাৰ ৪৪৩.৬ হেক্টৰ শস্যভূমি বানত ক্ষতিগ্ৰস্ত হৈছে। একেদৰে জিলাখনৰ খৰস্ৰোতা পাহাৰী নৈ শিঙৰাৰ বাঢ়নী পানীয়ে নাওবৈচাৰ বিস্তৃত পৰিমাণৰ বৰো ধানৰ খেতি ডুবাই পেলোৱাত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে নাওবৈচাৰ এইসকল কৃষক ৰাইজে নদীখনৰ বানৰ কাৰণেই বাৰিষা শালি খেতি কৰিব নোৱাৰে।

ইয়াৰোপৰি, শোণিতপুৰৰ বৰছলা বিধান সভা সমষ্টিৰ অন্তৰ্গত বেলশিৰিমুখ, ধিৰাইমুখ আৰু ২ নং পিৰাকটাত বেলশিৰি নদীৰ বাঢ়নীপানীয়ে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰাৰ লগতে মথাউৰিটোলৈ ভাবুটি কঢ়িয়াই আনিছে। খহনীয়াৰ ফলত বহু পৰিমাণৰ কৃষিভূমি নদীত জাহ গৈছে।

অসম চৰকাৰৰ তথ্য অনুসৰি, বছৰৰ প্ৰথমটো বানত এতিয়ালৈকে ৰাজ্যখনৰ ৯খন জিলাৰ ২২৯ খন গাঁৱৰ প্ৰায় ২ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ফলতেই ৰাজ্যখনৰ ১০০৭ হেক্টৰ কৃষিভূমিৰ শস্য এই বানৰ ফলত বিনষ্ট হৈছে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব যে বুধবাৰৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক সাক্ষাৎ কৰি ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত অৱগত কৰে। ইয়াত মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালক এইবুলি অৱগত কৰে যে ৰাজ্যখনৰ জিলাসমূহৰ উপায়ুক্তসকলক বানপীড়িত জনসাধাৰণৰ উদ্ধাৰ অভিযান তথা প্ৰয়োজনীয় সাহায্য প্ৰদানৰ দিশত তৎপৰতাৰে ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰা হৈছে। বান পৰিস্থিতি সংক্ৰান্ততে মুখ্যমন্ত্ৰীজনে একেদিনাই অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

flood farmer banat

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2020 Krishi Jagran Media Group. All Rights Reserved.