Krishi Jagran Tamil
Menu Close Menu

গােৱালপাৰাত আৰু চিৰাঙত ৬০ বিঘা ভূমিৰ আফিং খেতি উচ্ছেদ কৰে জিলা প্রশাসনে

Monday, 15 February 2021 01:20 PM
Asaam Police devastated aafing cultivation in Goalpara district and Chirang on Saturday

Asaam Police devastated aafing cultivation in Goalpara district and Chirang on Saturday

   যোৱা শনিবাৰে গােৱালপাৰা জিলাৰ চুনাৰী থানাৰ অন্তর্গত হোজোৱাৰ চৰ, কালিজানী গেন্দাবাৰী চৰত গােৱালপাৰা জিলা প্রশাসনে প্রায় ৬০ বিঘা ভূমিত কৰা আফিং খেতি উচ্ছেদ কৰে। আজি পুৱা গােৱালপাৰাৰ দণ্ডাধীশ তথা লক্ষীপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দ্বিপনজ্যোতি নাথে আৰক্ষীৰ সহায়ত চুনাৰী আৰক্ষী চকীৰ অধীনস্থ হােজোৱাৰ চৰ আৰু কালজানী-গেন্দাবাৰী চৰত উপস্থিত হৈ ফুলি থকা পথাৰভর্তি অবৈধ আফিঙৰ খেতি ধ্বংস কৰে। উল্লেখযােগ্য যে চৰাঞ্চলত এচাম অসাধু লােকে প্রশাসনৰ অগােচৰে আফিং খেতি কৰি প্ৰচুৰ ধন সংগ্রহ কৰাৰ অভিযোগ আহি আছিল আৰু তাৰ পৰিপেক্ষিততে জিলা প্রশাসনে উচ্ছেদ কৰাৰ সিন্ধান্ত লই বুনি জানিব পৰা গৈছে।

  এইফালে আকৌ চিৰাঙৰ বাসুগাঁও থানাৰ অন্তৰ্গত তিলকগাঁও – চৰাইখোছৰা গাঁৱৰ চম্পাৱতী নৈৰ পাৰত সন্দেহজনক লোকৰ দ্বাৰা বৃহৎ এলেকা জুৰি নিষিদ্ধ আফিং খেতি কৰাৰ অভিযোগৰ ভিত্তিত তাৎক্ষণিক ভাৱে চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধীৰ নেতৃত্বত উপ আৰক্ষী অধীক্ষক প্ৰতাপ দাস আৰু কাৰ্য্যবাহী দণ্ডাধীশ কুশল কলিতা সহযোগত শনিবাৰে দুপৰীয়াৰ ভাগত পুলিচ বাহিনীৰে আফিং খেতিডৰাত অভিযান চলায়।

  কিন্তু অভিযানকাৰী আৰক্ষীৰ দলক দেখি নিষিদ্ধ আফিং খেতি কৰা লোক সকল পলায় যাবলৈ সক্ষম হয়। অভিযানকাৰী আৰক্ষীৰ দলটোয়ে নিষিদ্ধ আফিং খেতিৰ ওপৰেদি ট্ৰেক্টৰ চলাই নষ্ট কৰে বুলি বাতৰি প্রকাশ পাইছে।

স্থানীয় লোকৰ মতে অচিনাকী এই আফিং গছক নতুন পাচলি বুলি মিছা কথা কৈ চম্পাৱতী নৈৰ পাৰত লোকসকলে কৰিছিল বুলি জনাইছে। বর্তমানলৈ কিন্তু আফিং খেতি কৰা মাটিডৰাৰ প্ৰকৃত মালিকক চিনাক্ত কৰিব পৰা নাই যদিও তদন্ত অব্যাহত আছে।

বিহাৰৰ কৃষকে বিশ্বৰ আটাইতকৈ দামী শস্য 'হপ-শ্বুট' খেতি কৰিছে, প্রতি কেজিৰ দাম শুনিলে আপুনি আচৰিত হৈ পৰিব

উৎস - অসমীয়া প্রতিদিন

Affing cultivation Assam police raid Farming afing

Share your comments

More on this section

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.