
Petrol price reduced in assam as coming election in next month
সন্মুখত থকা নির্বাচন প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে পেট্রল আৰু ডিজেলৰ দাম হ্রাস কৰিছে। আনহাতে, হ্রাস পাব সুৰাৰ দাম। যোৱা কালি মাজনিশাৰ পৰা কাৰ্যকৰী হােৱাকৈ পেট্ৰল আৰু ডিজেলৰ দাম ৫ টকাকৈ হ্রাস কৰা হৈছে। কভিড-১৯ মহামাৰীৰ সংক্রমণ তুংগত থকাৰ সময়ত ৰাজ্য চৰকাৰে পেট্রল, ডিজেল আৰু সুৰাৰ ওপৰত অতিৰিক্ত উপকৰ আৰােপ কৰিছিল। যাৰ ফলত কভিডৰ সময়ত আৰােপ কৰা অতিৰিক্ত উপকৰৰ বাবে পেট্রল আৰু ডিজেলৰ প্রতি লিটাৰত ৫ টকাকৈ দাম বৃদ্ধি পাইছিল। মহামাৰীৰ প্রকোপ হ্রাস পােৱাৰ লগতে ৰােগীৰ সংখ্যাও কমি যােৱাত স্বাস্থ্য খণ্ডত ব্যয়ৰ পৰিমাণ হ্রাস পাইছে।
সেয়েহে কেবিনেটে কভিডৰ সময়ত আৰােপ কৰা উপকৰ আৰু উঠাই দিবলৈ সিদ্ধান্ত গ্রহণ কৰাৰ পাছত আজি বিধানসভাত লেখানুদান বাজেট দাখিল কৰি বিত্ত মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উপকৰ উঠাই দিয়াৰ কথা ঘােষণা কৰে।
যাৰ ফলত আজি মাজনিশাৰ পৰা কার্যকৰী হােৱাকৈ প্রতি লিটাৰ ডিজেল আৰু পেট্রলত ৫ টকাকৈ দাম হ্রাস পাব আৰু লাখ লাখ গ্রাহক উপকৃত হ'ব। মন্ত্রী শর্মাই কয় যে ইয়াৰ ফলত প্রতি মাহে ৮০ কোটি টকাকৈ বছৰি প্রায় ১১০০ কোটি টকা ৰাজ্য চৰকাৰৰ লােকচান হ'ব। বিভিন্ন সুৰাৰ ওপৰত আৰােপিত গড় হিচাপত প্রায় ২৫ শতাংশ উপকৰ উঠাই দিয়াৰ কথাও আজি বিত্ত মন্ত্রী শর্মাই ঘােষণা কৰে। তেওঁ কয় যে ট্রেলৰ দাম ৫ টকাকৈ কমি যােৱাত দেশৰ ভিতৰত ট্রেলৰ দাম কম হােৱা ৰাজ্যৰ তালিকাত অসম দ্বিতীয় স্থানত থাকিব। গুজৰাটত পেট্রলৰ দাম সবাতােকৈ কম আনহাতে, হাৰিয়ানা, উত্তৰ প্ৰদেশ, গুজৰাটৰ পাছতে ডিজেলৰ দাম কম হােৱা ৰাজ্য হ'ব অসম।