
Asaam agriculture minister Atul Bora and Central Minister Narendra singh Tomar
পশুপালন আৰু দুগ্ধ উৎপাদনৰ জৰিয়তে ৰাজ্যখনৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্য লৈ পশুপালন মন্ত্রী অতুল বৰাই কেইবাখনাে অভিলাষী আঁচনি যোৱা শুক্র বাৰে উদ্বোধন কৰে। মন্ত্রী বৰাই অসম পশুধন উন্নয়ন অভিকৰণৰ উদ্যেগত কৃত্রিম প্রজনন প্রশিক্ষণ প্রতিষ্ঠানৰ আধাৰশিলা স্থাপন, পশুপালন বিভাগৰ এখন মাষ্টাৰপ্লেন উন্মােচন, ৰাষ্ট্ৰীয় কেইবাখনাে অভিলাষী আঁচনি আৰু কৃষি বিকাশ যােজনাৰ অধীনত নৱ নির্মিত আঞ্চলিক পশু খাদ্য নিৰূপণ পৰীক্ষাগাৰৰ ভৱন মুকলিকে ধৰি দুগ্ধ উন্নয়ন সঞ্চালকালয়ৰ উদ্যোগত নগৰ গাখীৰ যােগান আঁচনিৰ শুভাৰম্ভ কৰে।
আঁচনিকেইখনৰ শুভাৰম্ভ কৰি মন্ত্রী বৰাই কয় যে ৰাজ্যখনত ক্রমাগতভাৱে স্বনিয়ােজনৰ পথ মুকলি কৰা হৈছে। বিগত বছৰকেইটাত চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহে আত্মসংস্থাপনৰ পথ প্রশস্ত কৰিছে বুলি মন্ত্রী বৰাই দাবী কৰে। ইফালে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্রেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত কৃষি যন্ত্রপাতি শনিবাৰে হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হয়।
কেন্দ্রীয় কৃষি মন্ত্রী নৰেন্দ্র সিং টোমৰ অনুষ্ঠানটোত উপস্থিত থাকি কৃষি যন্ত্রপাতি বিতৰণ কাৰ্যসূচী মুকলি কৰে। অসম চৰকাৰৰ কৃষি মন্ত্রী অতুল বৰা, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্রসাদ তাছাৰ লগতে কৃষি বিভাগৰ শীর্ষ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকে।