Krishi Jagran Tamil
Menu Close Menu

খামতি লাহি চাউল, টাৱাঙৰ গোমধান, আদি হালধিৰ জিআই

Saturday, 30 May 2020 06:31 PM

অসম কৃষি বিশ্ববিদ্যালয়ৰ সহায় বিচাৰিলে অৰুণাচলে

প্ৰকৃতিৰ ৰম্যভূমি উত্তৰ পূব ভাৰতৰ মোহনীয়া পৰিবেশে যিদৰে দেশ তথা বিশ্ববাসীক মোহিত কৰি আহিছে, সেইদৰে, বনজাত, খনিজাত সম্পদতো ইয়াৰ ভড়াল অতি চহকী। ইয়াৰ মাটিও কৃষি কাৰ্যৰ বাবে অতি উত্তম। বিনন্দীয়া প্ৰকৃতিৰ ৰূপ লাৱণ্যৰ ধাৰক আৰু বাহকৰ ৰূপত অৱতীৰ্ণ হোৱা পূৰ্বোত্তৰৰ সাতোখন ৰাজ্যৰে সাৰুৱা কৃষিভূমিত উৎপাদিত শস্যই বিশ্বৰ দৰবাৰত প্ৰত্যেককে স্বকীয় ৰূপেৰে চিনাকী কৰি দি আহিছে। সাতভনী হিচাপে খ্যাত এই ৰাজ্যকেইখনৰ অন্যতম অৰুণাচল প্ৰদেশো ইয়াৰ ব্যতিক্ৰম নহয়। বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-সংস্কৃতিৰ ৰামধেনুসদৃশ দলিচাসদৃশ পাহাৰীয়া এই ৰাজ্যখনত উৎপাদিত হোৱা শস্যটো বৈচিত্ৰতা বিদ্যমান। ৰাজ্যখনৰ খামতি লাহি চাউল, টাৱাঙৰ গোমধান আৰু আদি হালধিৰ সোৱাদ যিয়ে এবাৰ লাভ কৰিছে, দুনাই তাৰ সোৱাদ লবলৈ ব্যাকুল হৈ পৰা দেখা যায়। সেয়ে, এইকেইপদ খাদ্য সামগ্ৰীৰ ভৌগলিক সূচক (জিআই) প্ৰাপ্তিৰ অৰ্থে ব্যৱস্থা হাতত লৈছে অৰুণাচলৰ ৰাজ্য চৰকাৰখনে। সেই উদ্দেশ্যৰেই শেহতীয়াভাৱে অৰুণাচল প্ৰদেশ চৰকাৰৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ এখনি ভিডিঅ কনফাৰেঞ্চ অনুষ্ঠিত হৈ যায়। ইয়াত অৰুণাচল প্ৰদেশ ৰাজ্য চৰকাৰৰ হৈ উপ মুখ্যমন্ত্ৰী চাওনা মেইন আৰু যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক অশোক ভট্টাচাৰ্যই ভাগ লয়। ইয়াতে, এই খাদ্য সামগ্ৰীসমূহৰ জিআই প্ৰাপ্তিৰ অৰ্থে পঞ্জীয়ন আদি সকলোবোৰ দিশ সামৰি এখন বুজাবুজিৰ চুক্তি (এমঅইউ)ত স্বাক্ষৰৰ সিদ্ধান্ত লোৱা হয়। এইখিনিতে উল্লেখ কৰিব লাগিব যে আদি হালধিক ৰাজ্যখনৰ স্থানীয় ভাষাত কেকিৰ হিচাপে জনা যায়। ইফালে উক্ত বুজাবুজিৰ চুক্তিখনে সামৰি লোৱা আন বিষয়সমূহ হৈছে কৃষি-প্ৰযুক্তিৰ প্ৰয়োগ, কৃষিজাত সামগ্ৰীৰ সংসাধন, পেকেজিং আৰু বিপণন (মাৰ্কেটিং)।

এই তিনি খাদ্য সামগ্ৰীৰ স্বকীয়তা সন্দৰ্ভত অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইনে কয় যে খামতি লাহি চাউল সোৱাদ, সুবাসত যিদৰে অপূৰ্ব, ঠিক সেইদৰে ইয়াৰ আকাৰ, আকৃতি আৰু বৰণো অনন্য। একেদৰে ইয়াৰ ৰন্ধন প্ৰণালীও আন চাউলৰ ৰন্ধন প্ৰণালীতকৈ পৃথক। যাৰ পৰিপ্ৰেক্ষিততে, ইয়াৰ খেতি, সংসাধন, পেকেজিং, বিপণনৰ ওপৰিও ইয়াক জিআই পঞ্জীয়নৰ দৰেইন্টেলেক্সুৱেল প্ৰপাৰ্টি এক্টৰ অধীনত সুৰক্ষিত কৰি ৰাজ্যখনৰ জনসাধাৰণ আৰু কৃষকৰ বাবে আয়ৰ উৎস হিচাপে তথা ইয়াৰদ্বাৰা স্বনিয়োজনৰ পথ মুকলি কৰাৰ যথোপযুক্ত বিজ্ঞানসন্মত উপায় বিচাৰি অসম কৃষি বিশ্ববিদ্যালয়ৰপৰা কাৰিকৰী সহায় আৰু সহযোগিতা বিচৰা হৈছে।

এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে যোৱা কেইবাবছৰৰো পূৰ্বৰেপৰা অৰুণাচল প্ৰদেশ চৰকাৰে খামতি লাহি চাউল, টাৱাঙৰ গোমধান আৰু আদি হালধিৰ জিআই প্ৰাপ্তিৰ পোষকতা কৰি আহিছিল। ৰাজ্যখনৰ একাংশ ব্যক্তি আৰু দল-সংগঠনৰো ই হৈছে ইপ্সিত লক্ষ্য। সেয়েহে, এইক্ষেত্ৰত শেহতীয়াভাৱে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহায়-সহযোগিতা কামনা কৰা হৈছে।

ৰাজ্যখনত উৎপাদিত শস্যক লৈ কৃষক ৰাইজে সন্মুখীন হৈ অহা সমস্যাৰ কথা সদৰী কৰিবলৈ গৈ উপ মুখ্যমন্ত্ৰীজনে কয় যে কৃষকৰ উৎপাদিত ফচলৰ সংসাধন, পেকেজিং আৰু বিপণনৰ ক্ষেত্ৰত পূৰ্বৰেপৰা সমস্যাই দেখা দি আহিছে। সেয়ে, এই ক্ষেত্ৰটো অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপ কামনা কৰা হৈছে।প্ৰসংগক্ৰমে, কৃষি পদ্ধতিৰ নিত্য নতুন ধাৰণাৰ সমান্তৰালভাৱে বজাৰ সৃষ্টি আৰু উপলব্ধতা সম্পৰ্কীয় পৰামৰ্শ প্ৰদানৰে অসম কৃষি বিশ্ববিদ্যালয়ে পূৰ্বোত্তৰৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি সবল কৰি আহিছে। এই বিশ্বদ্যালয়খন অঞ্চলটোৰ ভিতৰতে এখন লেখত লবলগীয়া প্ৰতিষ্ঠানলৈ ৰূপান্তৰ হৈছে।

মুখ্যমন্ত্ৰীজনে তদুপৰি কয় যে উপ-ক্ৰান্তীয়, তাপমান আৰু আলপাইন মণ্ডলৰ সমাহাৰেৰে উত্তৰ পূৰ্বাঞ্চলখন উৰ্বৰ কৃষি-জলবায়ু অঞ্চল। যি বিভিন্নধৰণৰ কৃষি আৰু উদ্যানশস্যৰ কাৰণে অতি উপযোগী।তেওঁ লগতে কয় যে এই অঞ্চলৰ সম্ভাৱনীয়তা অপাৰ। সেয়েহে, উন্নত মানদণ্ডৰ বীজ, ৰোপণৰ পদ্ধতি, কৃষি কাৰ্যৰ বিজ্ঞানসন্মত পদ্ধতি, কৃষি-প্ৰযুক্তিৰ সুচল ব্যৱহাৰ আৰু শস্য চপোৱাৰ পৰৱৰ্তী প্ৰযুক্তিৰ প্ৰয়োগৰে ইয়াক দেশৰে শস্য উৎপাদনৰ প্ৰধান অঞ্চললৈ ৰূপান্তৰিত কৰিব পাৰি।অসম কৃষি বিশ্ববিদ্যালয়ৰ আগত তেওঁ এইদৰে ব্যক্ত কৰি বিশ্ববিদ্যালয়খনক ইয়াৰ নেতৃত্ব বহন কৰিবলৈ উপ মুখ্যমন্ত্ৰীজনে আহ্বান জনায়।

উপ মুখ্যমন্ত্ৰীজনৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই কৃষি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ভট্টাচাৰ্যয়ো উল্লেখিত খাদ্য সমাগ্ৰী তিনিবিধৰ জিআই পঞ্জীয়ন লাভৰ কাৰণেআৰু আন কাৰিকৰী সহায় আগবঢ়াই যোৱাৰ আশ্বাস প্ৰদান কৰে।

এই সন্দৰ্ভত শীঘ্ৰেই উভয়েই এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ সন্মত হয়। মহামাৰী কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ সমগ্ৰ দেশৰ লগতে অসম আৰু অৰুণাচল প্ৰদেশতো অব্যাহত থকা লক ডাউনৰ অন্ত পৰিলেই আনুষ্ঠানিকভাৱে এই চুক্তি স্বাক্ষৰিত হব বুলি জানিবপৰা গৈছে।

এই ভিডিঅ কনফাৰেঞ্চত অৰুণাচল প্ৰদেশৰ পৰিকল্পনা আৰু বিনিয়োগ ও কৃষি উৎপাদনৰ সচিব পিএছ লুখাণ্ডে, কৃষি বিভাগৰ সচিব বিদল টায়েং,উচ্চপদস্থ বিষয়া হিমাংশু গুপ্তা,নামচাইৰ উপায়ুক্ত আৰকে শৰ্মা, বিজ্ঞান আৰু উদ্যোগিক গৱেষণা পৰিষদ (চিএছআইআৰ)ৰ অধীনস্থ যোৰহাটৰ উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (এনইআইএছটি)ৰ অৱসৰপ্ৰাপ্ত মুখ্য বিজ্ঞানী আৰু মুৰব্বী ডঃ পিনাক সেনগুপ্ত, কৃষি সঞ্চালক আনং লেগু, কৃষি বিপণনৰ সঞ্চালক টাডু গামকে প্ৰমুখ্য কৰি অন্যান্যসকল উপস্থিত থাকে।

assam jorhat agriculture university farmer

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2020 Krishi Jagran Media Group. All Rights Reserved.