Krishi Jagran Tamil
Menu Close Menu

খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিত অনুমোদন

Tuesday, 02 June 2020 09:39 AM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত সোমবাৰে অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট সমিতি (CCEA)ৰ বৈঠকত ২০২০-২১ বিপণন বৰ্ষৰ কাৰণে সকলোবোৰ নিৰ্ধাৰিত খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্য (MSP) বৃদ্ধিত অনুমোদন জনোৱা হয়। আগন্তুক বৰ্ষটোৰ কাৰণে চৰকাৰে খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিৰ জৰিয়তে উৎপাদনকাৰীয়ে তেওঁলোকৰদ্বাৰা উৎপাদিত শস্যৰ উচিত মূল্য লাভ কৰাটো সুনিশ্চিত কৰিব বিচাৰিছে। সেই অনুসৰি, সৰ্বাধিক ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি হ’ব ৰাম তিল (nigerseed)ৰ।

প্ৰতি কুইন্টলত এই মূল্য ৭৫৫ টকা ধাৰ্য কৰা হৈছে। দ্বিতীয়তে আছে সাধাৰণ তিল (sesamum)। ইয়াৰ প্ৰতি কুইন্টলত নিৰ্ধাৰণ কৰা ন্যূনতম সমৰ্থন মূল্যৰ পৰিমাণ হৈছে ৩৭০ টকা। ইয়াৰ পাছতে আছে মাটিমাহ (urad)। প্ৰতি কুইন্টলত এনে মূল্য হ’ব ৩০০ টকা। ঠিক সেইদৰে, দীঘলীয়া আঁহৰ কপাহৰ ন্যূনতম সমৰ্থন মূল্য ২৭৫ টকা (প্ৰতি কুইন্টল) নিৰ্ধাৰণ কৰা হৈছে। এইদৰে বিভিন্ন শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিৰ জৰিয়তে ভিন্ন ধৰণৰ খেতি কৰিবলৈ কৃষক সমাজক আকৰ্ষণৰ চেষ্টা কৰা হয়।

প্ৰসংগক্ৰমে, ২০১৮-১৯ বৰ্ষৰ কাৰণে কেন্দ্ৰীয় বাজেট ঘোষণাতে ২০২০-২১ বিপণন বৰ্ষত খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি কৰাৰ কথা ঘোষণা কৰা হৈছিল। বাজেটত এইবুলিও উল্লেখ কৰা হৈছিল যে সৰ্ব-ভাৰতীয় ওজনৰ গড় উৎপাদন ব্যয়ৰ অতিকমেও ১.৫ গুণ অধিক ন্যূনতম মূল্য নিৰ্ধাৰণ কৰা হ’ব। যাৰ জৰিয়তে কৃষকক শস্যৰ উচিত মূল্য প্ৰদানৰ পোষকতা কৰা হৈছিল। সোমবাৰে নিৰ্ধাৰণ কৰা আন-আন শস্যসমূহৰ উৎপাদন মূল্যৰ বিপৰীতে ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিৰ হাৰ হৈছেঃ বজ্ৰাৰ ৮৩%, মাটিমাহৰ ৬৪%, ৰহৰ দাইলৰ ৫৮% আৰু গোমধানৰ ৫৩%।

অৰ্থাৎ ইয়াৰ জৰিয়তে সমুদায় শস্যৰ ক্ষেত্ৰত কৃষকে উৎপাদন ব্যয়তকৈ অতিকমেও ৫০ শতাংশ অধিক উপাৰ্জন কৰিবলৈ সক্ষম হ’ব। চৰকাৰে এই সিদ্ধান্ত গ্ৰহণৰ আন এটা গুৰুত্বপূৰ্ণ লক্ষ্য আছিল দেশৰ জৈব্য-বৈচিত্ৰ বিপদাপন্ন নকৰাকৈ কৃষি-জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ধৰণৰ শস্যৰ অধিক উৎপাদনৰে বহনক্ষম কৃষিৰ বাতাবৰণ সৃষ্টি কৰা।  যাৰ কাৰণে চৰকাৰে ন্যূনতম সমৰ্থন মূল্যৰ সমান্তৰালভাৱে অধিক উৎপাদনটো গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰোপৰি, কৃষকক উপাৰ্জনৰ সুৰক্ষা প্ৰদান কৰিবলৈ বহু প্ৰচেষ্টা হাতত লয়। ইয়াৰ পৰিণতিতে উৎপাদন-কেন্দ্ৰিক লক্ষ্যটো উপাৰ্জন (আয়)-কেন্দ্ৰিক লক্ষ্যলৈ পৰিগণিত হয়। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে যোৱা কেইবাবছৰো সৰিয়হ, দাইল আৰু মাহৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিৰ জৰিয়তে কৃষকক বৰ্ধিত পৰিমাণে ইয়াৰ খেতি কৰিবলৈ উৎসাহিত কৰি অহাৰ সমান্তৰালভাৱে চাহিদা আৰু যোগানৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰিব পৰাকৈ কৃষিকাৰ্যত আধুনিক প্ৰযুক্তিৰ প্ৰয়োগ তথা উন্নত কৃষি পদ্ধতিৰ প্ৰতিও উদগণি যোগোৱা হয়।

ইয়াৰোপৰি, ভূজলৰ নাটনিৰ কাৰণে ধান আৰু ঘেঁহুৰ খেতি কৰিব নোৱাৰা অঞ্চলসমূহৰ কৃষক ৰাইজক আন-আন মানসম্পন্ন শস্য উৎপাদনৰ ক্ষেত্ৰত বিশেষ সা-সুবিধা প্ৰদান কৰা হয়। অৱশ্যে, এই বিশেষ অঞ্চলসমূহত কিদৰে কৃত্ৰিম ব্যৱস্থাৰে যথোপযুক্ত পানীৰ যোগান ধৰি ধান আৰু ঘেঁহুৰ খেতি কৰিব পৰা যায়, তাৰ প্ৰচেষ্টাও চৰকাৰে অব্যাহত ৰাখিছে। উল্লেখিত এইসমূহ ব্যৱস্থা গ্ৰহণৰ জৰিয়তে মহামাৰী ক’ৰোনা ভাইৰাছক ৰোধ কৰিবলৈ দেশজুৰি অব্যাহত থকা লক ডাউনৰ সময়ছোৱাত কৃষি-কাৰ্য আৰু কৃষিসম্পৰ্কীয় কাম-কাজৰ গতি সন্তুলিত কৰি ৰখাৰ পথ সুগম হৈ পৰে। কৃষকৰদ্বাৰা উৎপাদিত শস্যৰ বিপণনৰ দিশটোত চৰকাৰখনে অধিক গুৰুত্ব আৰোপ কৰে। ৰাজ্যিক কৃষিজাত উৎপাদন বজাৰ সমিতি আইন (State APMC Act)ৰ অধীনত নীতি-নিয়মৰ মাজেৰে ডাঙৰ ক্ৰেতা/ডাঙৰ খুচুৰা বিক্ৰেতাৰদ্বাৰা প্ৰত্যক্ষ বিপণন, কৃষক, কৃষক উৎপাদক সংস্থা (FPO) আৰু সমবায়-সমিতিসমূহৰপৰা পোনপটীয়াভাৱে ক্ৰয়ৰ পথ প্ৰশস্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক নিৰ্দেশনা প্ৰদান কৰে।

তদুপৰি, ২০১৮ চনত আৰম্ভ কৰা “প্ৰধানমন্ত্ৰী অন্নদাতা আয় সংৰক্ষণ অভিযান” (PM-AASHA) শীৰ্ষক ছত্ৰ আঁচনিখনৰ জৰিয়তে অনাগত সময়ছোৱাত কৃষকৰ উৎপাদিত শস্যৰ বিপৰীতে উচিত উপাৰ্জনৰ পথ প্ৰশস্ত কৰাৰ দিহা কৰা হৈছে। এই ছত্ৰ আঁচনিখন তিনিটা প্ৰধান স্তম্ভৰে গঠন কৰা হৈছে। সেইকেইটা হৈছেঃ মূল্য সমৰ্থন আঁচনি (PSS), মূল্য তাৰতম্য পৰিশোধ আঁচনি (PDPS) আৰু ব্যক্তিগত আহৰণ আৰু মজুতকৰণ আঁচনি (PPSS)। ইয়াৰোপৰি, লক ডাউনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN) আঁচনিখনৰ অধীনত দেশৰ ৮.৮৯ কোটি কৃষকলৈ মুঠ ১৭,৭৯৩ কোটি টকা আগবঢ়োৱা হৈছে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ২০২২ চনৰ ভিতৰত দেশৰ কৃষক সমাজৰ আয় দুগুণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰ বাবে কৃষকক সহজসাধ্য কৃষি ঋণৰপৰা আৰম্ভ কৰি আধুনিক প্ৰযুক্তিৰে নিৰ্মিত কৃষি যন্ত্ৰাংশ আৰু সা-সঁজুলি আগবঢ়াই আহিছে। একেদৰা মাটিতে বছৰেকত তিনিটা খেতি কিদৰে কৰিবপৰা যাব, তাৰ অৰ্থেও কেন্দ্ৰীয় চৰকাৰে বিশেষজ্ঞসকলক পৰিকল্পনা যুগুতৰ দায়িত্ব প্ৰদান কৰিছে।

দেশৰ ভিন্ন ৰাজ্যভেদে মাটিৰ গুণাগুণ, কৃষকৰ সমস্যা ভিন-ভিন হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ কৃষি বিভাগ তথা কৃষি সম্পৰ্কীয় আন বিভাগসমূহ যেনে উদ্যানশস্য, পশুপালন আদি বিভাগসমূহৰে কেন্দ্ৰীয় চৰকাৰে সঘন যোগাযোগৰ জৰিয়তে সহজসাধ্য আৰু বহনক্ষম কৃষিৰ বুনিয়াদ গঠনৰ দিশে অগ্ৰসৰ হৈছে।

CoP Farmer Kharif MSP crops

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2020 Krishi Jagran Media Group. All Rights Reserved.