Krishi Jagran Tamil
Menu Close Menu

এই গৰাকী মহিলাই গাখীৰ বিক্রী কৰি বছৰত এক কোটিতকৈ অধিক উপার্জন কৰে (A woman from Gujarat state earning more than 1crore per year by diary Farming)

Thursday, 25 February 2021 10:25 AM
A woman from Gujarat state earning more than 1crore by diary Farming

A woman from Gujarat state earning more than 1crore by diary Farming

  এইটো কোৱা হয়, "য'ত এটা দৃঢ়মন থাকে, এটা উপায় থাকে।" লগতে, বয়সৰ কোনো প্রভাৱ নপৰে, যদি আপোনাৰ কিবা কৰাৰ প্রৱল ইচ্ছা শক্তি থাকে। ইয়াৰ এক উত্তম উদাহৰণ গুজৰাটৰ বনসকান্ত জিলাৰ নাগানা গাঁওৰ এগৰাকী উচ্চাভিলাষী ৬২ বছৰীয়া মহিলা৷

  মহিলাগৰাকী হৈছে নৱলাবেন ধনসুখভাই চৌধাৰী। আপুনি হয়তো জানি আচৰিত হব যে মহিলা গৰাকীয়ে প্ৰতি বছৰে গাখীৰ ব্যৱসায়ৰ জৰিয়তে ১ কোটি টকাতকৈ অধিক উপাৰ্জন কৰে। বর্তমান সময়ত এই মহিলা গৰাকীয়ে দুগ্ধজাত সামগ্রীৰ উৎপাদনেৰে গুজৰাটৰ সমগ্ৰ বনসকান্ত জিলাত এক বিপ্লৱৰ সূচনা কৰিছে।

  প্ৰতিবেদন অনুসৰি, নৱলাবেনে ২০২০ চনত ১.২০ কোটি টকা মূল্যৰ গাখীৰ বিক্ৰী কৰিছিল আৰু প্ৰতি মাহে ৩.৫০ লাখ টকা উপাৰ্জন কৰিছিল। ইমান বৃহৎ উপাৰ্জনৰ সৈতে, নৱলাবেনে যোৱা বছৰ এটা ৰেকৰ্ড বনাবলৈ সক্ষম হৈছিল।

নৱলাবেনে কেনেকৈ তাইৰ কোম্পানী আৰম্ভ কৰিছিল?

নৱলাবেনে ২০১৯ চনত তেওঁৰ ঘৰৰ পৰা দুগ্ধ ব্যৱসায় আৰম্ভ কৰিছিল। আজিৰ তাৰিখত, তাইৰ ৮০ টা ম'হ আৰু ৪৫ টা গৰু আছে। তাই তাইৰ গাওঁ আৰু ওচৰৰ গাওঁৰ লোকসকলক তাইৰ ঘৰৰ কোম্পানীৰ পৰা গাখীৰ যোগান ধৰে।

  জানিব পৰা মতে, নৱলাবেনে তাইৰ পুত্ৰতকৈ অধিক উপাৰ্জন কৰে! নৱলাবেনৰ ৪ টা পুত্ৰ আছে। তাই কোৱা অনুসৰি, তাই তাইৰ দুগ্ধজাত ব্যৱসায়ৰ জৰিয়তে উপাৰ্জন কৰা ধন তাইৰ গোটেই কেইজন পুত্ৰৰ মুঠ উপাৰ্জনতকৈ অধিক। তাই জনাইছে যে তাইৰ পুত্ৰসকল চহৰত থাকে। তেওঁলোকে তাত অধ্যয়ন কৰে আৰু কাম কৰে।

  তেওঁ এইটোও জনাইছে যে, ২০১৯ চনত তেওঁ ৮৭ লাখ টকা মূল্যৰ গাখীৰ বিক্ৰী কৰিছিল। তাই গোটেই বনসকান্তৰ একমাত্ৰ ব্যক্তি যিয়ে গাখীৰৰ ব্যৱসায়ৰ পৰা ইমান উপাৰ্জন কৰিছিল। ২০২০ চনত, তাই ১ কোটি টকাতকৈ অধিক মূল্যৰ গাখীৰ বিক্ৰী কৰিছিল আৰু ১নম্বৰ বিক্ৰেতা হৈছিল।

   নৱলাবেনে তাইৰ ঘৰত দুগ্ধজাত কামত বাবে প্ৰায় ১৫ জন শ্ৰমিকক কর্ম সং কৰে। তেওঁলোকে বিভিন্ন অঞ্চলত গাখীৰ যোগান ধৰাত ব্যস্ত হৈ আছে।

   নিজৰ ওপৰত বিশ্বাস কৰা আৰু বয়স বা লিংগক ব্যৱসায়ৰ প্রাচীৰ হ'বলৈ সুযোগ নিদিয়া মনোভাৱৰ বাবে নৱলাবেন প্ৰশংসাৰ পাত্র হৈ পৰিছে। বর্তমান তাই কেৱল সেই অঞ্চলটোৰে নহয়, সমগ্র দেশৰ বাবে আদর্শ হৈ পৰিছে।

আপোনাৰ নিজৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে কিন্তু হাতত টকা নাই? তেন্তে চিন্তাৰ কোনো কাৰণ নাই! দুখীয়াৰ বাবে নতুন আঁচনি আৰম্ভ কৰিছে বলিউডৰ চুপাৰ ষ্টাৰ চনো সুডে

Diary Farming Gujarat women earning more than 1crore per annum Woman empowerment Woman farmers

Share your comments

More on this section

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.