1. উদ্য়ানশস্য়

অমিতা খেতি

KJ Staff
KJ Staff
Papaya Cultivation
Papaya Cultivation

সঁচ

(ক) এক লিঙ্গঁ সচঁ : চিও ১ , চিও ২ , ৱাছিংটন , ৰাচী , হাফলং

(খ) উভয় লিঙ্গঁ সচঁ : টলো ,কুর্গ হনিদি'উ মাটি নির্ব্বাচন : ওখ ,পানীজমা নোহোৱা , বালি অঁহীয়া মাটিয়েই উপযুক্ত ।

পুলি প্রস্তুতি

১ হেক্টৰ মাটিৰ বাবে ৫০০ গ্রাম বীজৰ প্রয়োজন হয় । ফেব্রুৱাৰী - মার্চ মাহৰ ভিতৰত পুলিবাৰী খন প্রস্তুত কৰি লব লাগে । বালি চঁহীয়া মাটি আৰু পচন সাৰ মিহলাই তৈয়াৰ কৰা হয় । ওখ বীজ তলীত ২.৫ ছে:মিটাৰ অন্তৰত আৰু ১-২ ছে: মিটাৰ গভীৰতাত একোটাকৈ বীজ গুজি দিব লাগে । দিনে এবাৰকৈ পানী দিলে ১৫ -২০ দিনমানৰ ভিতৰতে পুলি গজি উঠে । পুলিবোৰ এমাহৰ পিছত মূল পথাৰত ৰোৱাৰ ব্যৱস্থা কৰিব লাগে ।

ৰোৱাৰ সময়

এপ্রিলৰ পৰা জুন মাহৰ ভিতৰত।

ৰোৱাৰ ব্যৱধান

পুলিৰোৱাৰ বাবে দীঘে আৰু পথালিয়ে ১.৮ মিটাৰ ব্যৱধানত ৪৫ ছে: মিটাৰ বহল আৰু ৪৫ ছে: মিটাৰ দ' একোটাকৈ গাঁত খান্দি তাত পচন সাৰ আদি প্রয়োগ কৰি লব লাগে আৰু তেনে গাঁতত একোটাকৈ পুলি ৰোৱাৰ ব্যৱস্থা কৰিব লাগে। প্রতিটো গাঁতত একলিঙ্গঁৰ সঁচ হলে ৩/৪ টাকৈ পুলি আৰু উভয় লিঙ্গঁৰ সঁচ হলে ১ টাকৈ পুলি ৰোপন কৰিব লাগে ।

সাৰ প্রয়োগ

নাইট্র'জেন ,ফচফৰাচ আৰু পটাচ সাৰ প্রতিটোত ৫০০ গ্রামকৈ প্রতিজোপা গছত দুটাভাগ কৰি প্রথমবাৰ পুলিৰোৱাৰ ২ মাহৰ পিচত আৰু দ্বিতীয়বাৰ ফল ধৰাৰ প্রথম অৱস্থাত প্রয়োগ কৰিব ।

শস্য চপোৱা

পুলিৰোৱাৰ সম্পূর্ণ এবছৰৰ পিচত অমিতা গছৰ পৰা চিঙিবৰ হয় । এজোপা গছ ৩ বছৰৰ পিচত অমিতা লগা কমি যায় আৰু সেই গতিকে নতুন পুলিৰোৱাৰ ব্যৱস্থা কৰিব লাগে ।

শস্য ৰক্ষা

(১) মোজেইক আৰু পাত মুজুৰা পৰা বেমাৰ : এনেবোৰ বেমাৰ দেখা পালে আক্রন্ত গছবোৰ ওভালি পেলোৱাই ভাল । এই বেমাৰ বহন কৰি পোক যেনে মোৱাপোকবোৰৰ নিয়ন্ত্রণ কৰিবলৈ মালাথিয়ন অথবা ৰগৰ ০.১ শতাংশৰ মিশ্রণ স্প্রে কৰিব ।

(২) গুৰি পচা আৰু শিপা পচা বেমাৰ:

(ক) পানী ওলায় যাব পৰা সু ব্যৱস্থা থাকিব লাগে।

(খ) ১ শতাংশ বৰ'দ মিশ্রণ স্প্রে কৰিব।

শস্য কৃমি

শস্য কৃমিৰ পৰা পৰিত্রাণ পাবলৈ ০.৫ গ্রাম ফুৰাডনৰ দানা প্রতি জোপা পুলিৰ বাবে আৰু ২০-২৫ গ্রাম প্রতিজোপা গছত প্রয়োগ কৰিব লাগে ।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।

English Summary: Important Information abPapaya Cultivationout

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.