1. উদ্য়ানশস্য়

অতি কম খৰচতে ঘৰতে মাস্কমেলনৰ খেতি কৰি উপাৰ্জন কৰক মাহে ৪০ হাজাৰকৈ টকা (A Complete Guide to Grow Muskmelon at Home)

KJ Staff
KJ Staff
Muskmelon Farming
Muskmelon Farming

    খৰমুজ (Muskmelon) হৈছে উচ্চ পৰিমানৰ পানীৰে সমৃদ্ধ গ্ৰীষ্মকালত উপলব্ধ এবিধ ফল৷ খৰমুজ (Muskmelon) বিশেষকৈ ইৰাণ, আৰ্মেনিয়া আৰু Anatoliaত অতি জনপ্রিয় আৰু দেশীয় ফল। এই ফলটো ভিটামিন A আৰু ভিটামিন C-ৰ উৎস হিচাপে জনা যায়, য'ত 90% পানী থাকে।

    আপোনাৰ ঘৰ/ ছাঁদৰ বাগিচাত খৰমুজ (Muskmelon) কেনেদৰে ৰোপন কৰিব পাৰে, এই বিষয়ে ইয়াত থুলমূলকৈ দাঙি ধৰা হল -

খৰমুজ (Muskmelon) কেনেদৰে ৰোপন কৰিব লাগে

ভূমি প্ৰস্তুতি -

যদি আপুনি বাগিচাত খৰমুজ(Muskmelon) খেতি কৰিব বিচাৰি আছে, তেন্তে মাটিখিনি চহোৱা আৰু গুড়ি কৰি লোৱা। পৰম্পৰাগত পদ্ধতিৰ পৰিৱৰ্তে, ওখ ওখ ঢাপ বনাই খৰমুজ(Muskmelon)ৰ খেতি কৰা ভাল৷ কিয়নো এই প্ৰণালীয়ে মাটি নিষ্কাশন উন্নত কৰে। মনত ৰাখিব শিপাবোৰ বৃদ্ধি পাবলৈ ঢাপবোৰ 16 ৰ পৰা 20 চে:মি পর্য্যন্ত গভীৰলৈ মাটী গুড়ি কৰিব লাগে।

ছাঁদত ওপৰত পাত্ৰত ৰোপন

 প্রথমতে মাটীৰ মিশ্ৰণেৰে পাত্রটো ভৰ্তি কৰক আৰু সাৰ যোগ দিয়ক আৰু ভালদৰে মিহলি কৰক। বীজবোৰ এক ইঞ্চি গভীৰ আৰু সমান ব্যৱধানেৰে ৰোপণ কৰক। নিয়মীয়াকৈ পানী দিব লাগিব, কিয়নো শস্যই শুকান মাটিত বৃদ্ধি হ'ব নোৱাৰে। 

আৰু পঢ়ক- গাঁও বা ক্ষুদ্র চহৰ অঞ্চলত কৰিব পৰা কেইটামান লাভজনক ব্যৱসায়িক ধাৰনা (Most profitable business ideas in rural areas)

জলবায়ুৰ প্ৰয়োজনীয়তা

   এই ফল গ্ৰীষ্মকালীন শস্য হোৱাৰ বাবে, খৰমুজ (Muskmelon) অলপ গৰম উষ্ণতাত খেতি কৰিব পাৰি। বীজটো 20 ৰ পৰা 30 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাত সঠিকভাৱে গজিব পাৰে, সেয়েহে নৱেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহত ৰোপণ কৰিব পাৰি। আৰু 25 ৰ পৰা 35 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ উষ্ণতাত ভালদৰে বৃদ্ধি হয়।

সাৰৰ প্ৰয়োজনীয়তা

ঢাপবোৰ প্ৰস্তুত কৰাৰ সময়ত মাটিত সাৰ যোগ দিয়ক। আৰু সন্তুলিত পুষ্টিৰ বাবে, মাটিত জৈৱিক সাৰ যোগ দিয়ক।

  ফল আৰু ফুল মিঠা কৰিবলৈ, 4-5 চামুচ Epsom নিমখ, আৰু 1-2 চামুচ ঘৰুৱা বৰেক্স 5 লিটাৰ পানীত মিহলি কৰক, আৰু এই দ্ৰৱণটো গছডালত স্প্ৰে কৰক।

ৰাসায়নিক পদাৰ্থ অবিহনে কীট নিয়ন্ত্রন

   চাবোনৰ দ্ৰৱণ হৈছে এফিড আৰু গোৱৰুৱা পোকৰ পৰা পৰিত্ৰাণ পাবলৈ এক সর্বোকৃষ্ট উপায়। ঘৰত বনোৱা Neemstra ক্ষতিকাৰক কীটৰ পৰা তৰমুজ সুৰক্ষিত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।  

এনেদৰে খেতি কৰিলে গড় হিচাপত উৎপাদন 100 ৰ পৰা 150 কুইন্টল/হেক্টৰত আশা কৰিব পাৰি।

শস্য চপোৱা

  মাস্কমেলনবোৰ সাধাৰণতে পকিলে কাণ্ডৰ পৰা প্ৰাকৃতিকভাৱে পৃথক হয়, সেয়েহে সেইবোৰ কেৱল লাহেকৈ টানিলে চিঙি আহে।চপোৱা তৰমুজবোৰ পৰিষ্কাৰ আৰু শীতল স্থানত ৰাখিব।

    এনেধৰণৰ অধিক কৃষি তথ্য পঢ়িবলৈ আমাৰ এই ৱেবছাইটটো দৰ্শন কৰি থাকিব।

আৰু পঢ়ক- ষ্টেভিয়াৰ গছৰ উপকাৰিতা আৰু কৃষিৰ বিষয়ে জানিবলগীয়া কথা
English Summary: a complete guide to grow muskmelon at home

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.