1. কৃষি সঁজুলি

ড্ৰাম ছীডাৰ

KJ Staff
KJ Staff
Drum Seeder
Drum Seeder

আমাৰ ৰাজ্যৰ খেতিৰ উপযোগী মাটিৰ পৰিমাণ দ্ৰুতগতিত হ্ৰাস পাবলৈ লৈছে। এনে অৱস্থাত সীমিত ভূমিত অধিক ফচলৰ বাবে হেক্টৰে প্ৰতি উৎপাদন বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। আনহাতে, অকৃষিক্ষেত্ৰত শ্ৰম বিনিয়োগৰ সুযোগ বৃদ্ধিৰ ফলত কৃষিকৰ্মৰ বাবে শ্ৰমিকৰ অভাৱ পৰিলক্ষিত হৈছে। তাৰ ফলত প্ৰচলিত পদ্ধতিত অসমৰ প্ৰ্ধান শস্য ধানখেতি ব্যয়বহুল আৰু অলাভজনক হৈ পৰিছে। এনে অৱস্থাত ধান খেতিত ড্ৰাম ছীডাৰ(Drum Seeder) প্ৰযুক্তিৰ ব্যৱহাৰ অতি প্ৰাসংগিক হৈ পৰিছে। ড্ৰাম ছীডাৰ হৈছে বোকা মাটিত প্ৰত্যক্ষভাৱে অংকুৰিত বীজ ৰোপণৰ এক শ্ৰম-সাশ্ৰয়ী প্ৰযুক্তি, যাৰ মাধ্যমত এই খেতিক লাভজনক কৰি তুলিব পৰা যায়। উল্লেখ্য যে এই পদ্ধতিত প্ৰচলিত ৰোপণ পদ্ধতিৰ তুলনাত ধানৰ জীৱনকাল প্ৰায় ১০-২০ দিন কমি যায় আৰু ফলন প্ৰায় ১০-২০ শতাংশ বেছি হয়। ড্ৰাম ছীডাৰৰ দ্বাৰা ৰোপণ পদ্ধতি কৃষকৰ বাবে স্বাস্থ্যসন্মত এক পদ্ধতি। কাৰণ ইয়াৰ ফলত কৃষকে বোকা পানীৰ মাজত কঁকাল বেঁকা কৰি অনেক সময় ধৰি কঠীয়া ৰোপণ কৰিব নালাগে। ড্ৰাম ছীডাৰ হৈছে প্লাষ্টিকেৰে তৈয়াৰী ছটা ড্ৰামবিশিষ্ট বীজ ৰোপণ যন্ত্ৰ। ড্ৰামবোৰ ২.৩ মিটাৰ প্ৰশস্ত লোৰ দণ্ডত একেলগে সজোৱা থাকে। লোৰ দণ্ডৰ দুই প্ৰান্তত প্লাষ্টিকৰ দুটা চকা আৰু যন্ত্ৰটো টনাৰ বাবে এডাল হেণ্ডেল যুক্ত থাকে। প্ৰতিটো ড্ৰামৰ দৈৰ্ঘ্য ২৫ ছেন্টিমিটাৰ আৰু ব্যাস ৫৫ ছেন্টিমিটাৰ আৰু তাৰে দুই প্ৰান্তত ২০ ছেন্টিমিটাৰ দূৰত্বত দুশাৰী ছিদ্ৰ থাকে। প্ৰয়োজনত ৰবৰ সংযুক্ত বেল্টৰ সাহায্যত এক শাৰী ছিদ্ৰ বন্ধ ৰখা যায়।

ড্ৰাম ছীডাৰৰ ব্যৱহাৰৰ পদ্ধতি -

মাটি ভালদৰে চহ কৰি অপতৃণ আৰু অন্যান্য আৱৰ্জনা মটিত পচাব লাগে। দ বিল এলেকাত নৱেম্বৰ মাহত পানী কমি যোৱাৰ পিছত আৱৰ্জনা আৰু ঘাঁহ খেৰবোৰ আঁতৰাই চহ অবিহনেও পোনপটীয়াকৈ বীজ ৰোপণ কৰিব পাৰি। তাতো ভাল ফল পোৱা যায়। মাটিখিনি ভালদৰে সমতল কৰি ল’ব লাগে। মাটিত অংকুৰিত বীজ ৰোপণৰ সময়ত পানী জমা হৈ থাকিব নালাগে।

বীজ প্ৰস্তুত কৰা আৰু ৰোপণৰ সময়ত ভাল বীজ ব্যৱহাৰ কৰিব লাগে আৰু ভাল অংকুৰ প্ৰসফুটিত হ’বৰ বাবে প্ৰথম ২৪ ঘন্টা পানীত তিয়াই ৰাখিব লাগে। বৰো ধানৰ সময়ত নৱেম্বৰৰ শেষৰপৰা ডিচেম্বৰ মাহৰ প্ৰথমাৰ্দ্ধলৈ বীজ ৰোপণ কৰিব পাৰি। আন সময়ত পানী নিষ্কাসনৰ সুবিধা থকা মজলীয়া ওখ ঠাইত জুনৰ শেষাৰ্দ্ধৰপৰা জুলাইৰ মাজভাগলৈ বীজ ৰোপণ কৰিব পাৰি। অৱশ্যে বীজ ৰোপণৰ অন্তত ২৪ ঘন্টাৰ ভিতৰত ডাঙৰ বৃষ্টিপাতৰ সম্ভাৱনা নোহোৱা সময় বাছি ল’ব লাগে।

ড্ৰামত বীজ ভৰ্তি আৰু ৰোপণ -

ড্ৰামৰ দুই-তৃতীয়াংশ অংকুৰিত বীজৰ দ্বাৰা পূৰ্ণ কৰিব লাগে। ড্ৰামত ভৰ্তি কৰাৰ পূৰ্বে অংকুৰিত বীজ ছাঁযুক্ত স্থানত প্ৰায় দুঘন্টা শুকুৱাই ল’ব লাগে। তাৰ ফলত ড্ৰামৰ ছিদ্ৰৰে বীজবোৰ সমহাৰত পৰিব। ছটা ড্ৰামত বীজ ভৰাই ড্ৰাম ছীডাৰ যন্ত্ৰটোৰ দ্বাৰা একেলগে ১২ লাইন বীজ ৰোপণ কৰিব পাৰি। অংকুৰ খুব সৰু হ’লে অতিৰিক্ত বীজ পৰি যাব আৰু অংকুৰ বেছি দীঘল হ’লে ড্ৰামৰ ছিদ্ৰৰে নপৰিব। সাধাৰণতে অংকুৰৰ দৈৰ্ঘ্য ৪-৫ মিলিলিটাৰ অৰ্থাৎ এটা ধানৰ সমান দীঘল হ’লে উপযুক্ত হয়। ৰোপণৰ সময়ত হেণ্ডেলৰ সৈতে ২-৩ ফুট দীঘল চিকুন এক খণ্ড কল গছ পাতল মৈ হিচাপে বান্ধি দিলে মাটিত ভৰিৰ দাগ বা গাঁতবোৰ মছ খাই পৰিব আৰু বীজৰ অপচয়ো কিছুদূৰ ৰোধ হ’ব।

অংকুৰিত বীজ ড্ৰামত ভৰোৱাৰ সময়ত লক্ষ্য ৰাখিব লাগিব যাতে ড্ৰামৰ এক তৃতীয়াংশ অৱশ্যেই খালী থাকে। ৰোপণৰ প্ৰাথমিক অৱস্থাত পানী নাথাকিলেও পুলি বৃদ্ধিৰ লগে লগে জলসিঞ্চনৰ পৰিমাণ বঢ়াব লাগিব। অনুমোদিত মাত্ৰাত সাৰ ব্যৱহাৰ কৰিব লাগে।

ড্ৰাম ছীডাৰেৰে ৰোপণ কৰা ধানত অপতৃন নিয়ন্ত্ৰণ -

অসমত ড্ৰাম ছীডাৰেৰে প্ৰত্যক্ষভাৱে ধান ৰোপণ পদ্ধতি দ্ৰুত জনপ্ৰিয় হৈছে। অপতৃন দমনেই ড্ৰাম ছীডাৰ পদ্ধতিৰ অন্যতম প্ৰধান সমস্যা। বৰো ধানৰ অপতৃন সমস্যা সাধাৰণতে এলেকাকেন্দ্ৰিক এক সমস্যা। সকলো অঞ্চলতে আৰু সকলো মাটিত অপতৃণৰ উপদ্ৰৱ একে মাত্ৰাত নহয়। ধানৰ উৎপাদন বঢ়াবলৈ আৰু ভৱিষ্যতে অপতৃণৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ অপতৃন দমন কৰিব লাগিব। সাধাৰণতে দ মাটি আৰু এক শস্য হোৱা মটিত অপতৃন কম হয়। যি মাটিত অপতৃণ কম হয়, তাতেই ড্ৰাম ছীডাৰ পদ্ধতি ব্যৱহাৰ কৰিব লাগে। উন্নতমানৰ মিশ্ৰণযুক্ত বীজ ব্যৱহাৰ, উত্তমভাৱে মাটি প্ৰস্তুতকৰণ আৰু সুস্থ জল ব্যৱস্থাপনা ধান খেতি অপতৃণমুক্ত কৰি ৰখাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। যান্ত্ৰিক পদ্ধতিত ব্ৰি উইদাৰ ব্যৱহাৰ কৰি ৰোৱা ধানত অপতৃণ দমন কৰাতো সহজ। প্ৰয়োজনত অপতৃণনাশক ব্যৱহাৰ কৰিব পাৰি। কিন্তু সেয়া সতৰ্কতাৰে সৈতে কৰিব লাগিব। সময়, মাত্ৰা আৰু পানী ব্যৱস্থাপনা এইক্ষেত্ৰত খুবেই গুৰুত্বপূৰ্ণ। ড্ৰাম ছীডাৰেৰে পোনপটীয়াভাৱে ৰোপণ কৰা পদ্ধতিত পৰীক্ষা কৰি দেখা গৈছে যে ফলন গড়ে প্ৰায় ১৫ শতাংশৰপৰা ২০ শতাংশ বেছি পোৱা যায় আৰু ধান ১০ ৰ পৰা ১২ দিন আগেয়ে কাটিব পাৰি। অৰ্থাৎ এই পদ্ধতিৰে অধিক লাভ অৰ্জন কৰাটো সম্ভৱ।

লেখক: ভাস্কৰ পাঠক(দৈনিক অসম)

English Summary: drum seeder (1)

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.