1. এগ্ৰিপেডিয়া

কীট নিয়ন্ত্রণ: আপুনি প্রাকৃতিকভাৱে এনেদৰে ঘৰতে নীমস্ত্র বনাই খেতিপথাৰৰ পোক নিয়ন্ত্রণ কৰিব পাৰে

KJ Staff
KJ Staff
How to prepare Neemastra
How to prepare Neemastra

আপুনি নিশ্চয় আপোনাৰ খেতিপথাৰত কীট-পতংগৰ সমস্যাৰ সন্মুখীন হৈ আছে। বর্তমান সময়ত বহুটো ক্ষতিকাৰক কীট পতংগৰ উপদ্রৱৰ বাবে খেতিপথাৰ সমূহ নষ্ট হৈছে৷ অৱশ্যে এইক্ষেত্রত বহু কৃষকে বজাৰত উপলব্ধ ৰাসায়নিক কীটনাশক প্রয়োগ কৰি এই কীটবোৰ নিয়ন্ত্রণ কৰাত সফলো হৈছে। কিন্তু ৰাসায়নিক কীটনাশকৰ প্রয়োগৰ ফলত উৎপাদিত ফচলৰ গুণাগুণ হ্রাস পায় লগতে ই আমাৰ দেহৰ বাবে যথেষ্ট ক্ষতিকাৰক। সেয়েহে আজি মই এনে এটা উপায় দিবলৈ গৈছো, য'ত আপুনি প্ৰাকৃতিক উপাদানৰে আপোনাৰ খেতিডৰা ডাঙৰ আৰু সৰু সকলো অপকাৰী কীট-পতংগৰ পৰা পৰিত্ৰান পাব পাৰে। তেন্তে পলম নকৰি জানো আহক কেনেকৈ -

    হয়! আপুনি আশ্চৰ্যকৰ প্ৰাকৃতিক কীটনাশক "Neemstra"ৰ সহায়ত আপোনাৰ খেতিডৰা অপকাৰী কীট-পতংগৰ পৰা বচাব পাৰে। আপোনাৰ বাবে ভাল কথাটো হ'ল ইয়াক আপুনি ঘৰতে সহজে প্ৰস্তুত কৰিব পাৰে।

প্ৰয়োজনীয় উপাদানবোৰ কি? (Preparation method of Neemastra)

1. এক একৰ ভূমিৰ বাবে ২০০ লিটাৰ পানী

2. গুৰি কৰা নিম পাত ৫০ গ্ৰাম প্রতি লিটাৰ পানীৰ বাবে

3. গৰুৰ গোৱৰ ১০ গ্ৰাম প্রতি লিটাৰ পানীৰ বাবে

4. ধতুৰা ১০ গ্ৰাম প্রতি লিটাৰ পানীৰ বাবে

5. গৰুৰ প্ৰস্ৰাৱ ৫০ মি:লি প্রতি লিটাৰ পানীৰ বাবে 

আৰু পঢ়ক- জৰুৰীভাৱে ধনৰ প্ৰয়োজন? ঘৰত বহি আপুনি কেনেদৰে লাখ লাখ উপাৰ্জন কৰিব পাৰে ইয়াত জানক

কেনেদৰে প্ৰস্তুত কৰিব? 

পদক্ষেপ 1- ওপৰোক্ত সকলোবোৰ উপাদান প্লাষ্টিক বা চিমেণ্টৰ জাৰত মিহলি কৰক, আৰু কাঠৰ লাঠিৰ সহায়ত সঠিকভাৱে লৰাই দিয়ক। মিশ্ৰণটো একক দিশত লৰাই দিয়ক। মনত ৰাখিব গৰুৰ গোৱৰত যাতে পোক নাথাকে।

পদক্ষেপ 2- সঠিকমিশ্ৰণৰ পিছত, মিশ্ৰণটো অলপ উতলাওক।  

পদক্ষেপ 3- তাৰ পিছত, জাৰটো পলি-নেট বা পাতল কাপোৰেৰে ঢাকি দিয়ক। আৰু ইয়াক ছাঁত ৰাখক আৰু ইয়াক পোনপটীয়া সূৰ্যৰ পোহৰ আৰু বৰষুণৰ পানী পৰা স্থানত নাৰাখিব।

পদক্ষেপ 4- কাঠৰ লাঠিৰে মিশ্ৰণটো দুদিন এক বা দুই মিনিটৰ বাবে আৰু দিনত দুবাৰকৈ লৰাই দিয়ক।

পদক্ষেপ 5- কেইদিনমানৰ পিছত, মিশ্ৰণটো ফিল্টাৰ কৰক আৰু মিশ্ৰণটো গ্লাছ বা প্লাষ্টিকৰ জাৰ বা বটলত ভৰাই লওক।

কেনেদৰে ব্যৱহাৰ কৰিব? (how to use)

   আপুনি 1 একৰ ভূমিৰ বাবে 200 লিটাৰ পানীৰ সৈতে 6 ৰ পৰা 8 লিটাৰ নীমস্ত্ৰ (Neemstra) ব্যৱহাৰ কৰিব পাৰে। মিশ্ৰণটো ফলিয়াৰ-স্প্ৰেৰ সহায়ত উদ্ভিদ আৰু শস্যৰ ওপৰত ভালদৰে ছটিয়াই দিয়ক।

ম্যাদ (Expiry)

ঘৰত বনোৱা এই "নীমস্ত্ৰ"(Neemstra) 6মাহৰ বাবে সংৰক্ষণ কৰিব পাৰি।  

   আপুনি এনেদৰে এবাৰ ব্যৱহাৰ কৰি চাওঁক, নিশ্চয় ভাল ফলাফল লাভ কৰি আপুনি আচৰিত হ'ব। গতিকে আজিয়ে ইয়াক চেষ্টা কৰক আৰু আপোনাৰ ফাৰ্মত থকা পোক-পতংগৰ পৰা মুক্ত হওঁক। 

    এনেধৰণৰ অধিক কৃষি তথ্য পঢ়িবলৈ আমাৰ এই ৱেবছাইটটো দৰ্শন কৰি থাকিব।

আৰু পঢ়ক- HAV S1: অত্যাধুনিক প্রযুক্তিৰ ভাৰতৰ প্ৰথম স্বয়ংক্ৰিয় হাইব্ৰিড ট্ৰেক্টৰ মুকলি, যিয়ে বর্তমানৰ তুলনাত 50% লৈকে ইন্ধন ৰাহি কৰিব পাৰে
English Summary: natural pest control how to prepare neemastra at home

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.