1. এগ্ৰিপেডিয়া

ক্ষুদ্র চাহ খেতিয়ক সকলে এইকেইটা কথা বিশেষ ভাৱে মন কৰিলে তেঁওলোকৰ কষ্ট অলপ হলেও লাঘৱ হ'ব

KJ Staff
KJ Staff
Tea plucking (photo Credit: Google)
Tea plucking (photo Credit: Google)

  মাটি আৰু মানুহৰ স্বাস্হ্য ৰক্ষাৰ বাবে তথা প্ৰাকৃতিক ভাৰসাম্যতা বজাই ৰাখিবলৈ বৰ্তমান সময়ত কীট-পতঙ্গ নিয়ন্ত্ৰণ এক গুৰুত্বপূৰ্ণ অধ্যায় ৷ ইয়াৰ সকলো উপযুক্ত পদ্ধতি প্ৰয়োগ কৰি কীট-পতঙ্গৰ সমস্যা গছৰ আৰ্থিক ক্ষতি কৰিব নোৱাৰাকৈ ৰখা হয়৷ সদ্যহতে ক্ষুদ্র চাহ খেতিয়ক সকলে চাহগছ সমূহ কীট-পতংগ তথা বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰাটো খেতিয়ক সকলে এক বৃহৎ প্রত্যাহ্বানৰ সন্মুখীন হব লাগে। সেয়েহে তলত কেইটামান গুৰত্বপূর্ণ দিশ চমু আলোচনা আগবঢ়াইছো, যিবোৰ মানি চলিলে ক্ষুদ্র চাহ খেতিয়ক সকলৰ কষ্ট অলপ হলেও লাঘৱ হ'ব।

আৰু পঢ়ক- Pearls Farming - কেনেদৰে কৰিব মুক্তা খেতি? মুক্তাৰ ব্যৱসায় কৰি কোটি পতি হওঁক

চাহ খেতিয়ক সকলে এইকেইটা কথা বিশেষ ভাৱে মন কৰিব লাগে -

  • কাচকেড (Cascade) আৰু ফম’ল্টট (Phomolt) নামৰ হ’ৰমোন প্ৰয়োগ কৰি বান্স আৰু লুপাৰ কেটাৰপিলাৰৰ বংশ বৃদ্ধি ৰোধ কৰিব পাৰি৷
  • কীট-পতঙ্গ নিয়ন্ত্ৰণৰ বাবে যথাসম্ভৱ নিম যুক্ত দ্ৰব্য প্ৰয়োগ কৰিব৷
  • কীট-পতঙ্গ নিয়ন্ত্ৰণৰ বাবে এক গুৰুত্বপূৰ্ণ উপায় হ’ল সঠিক ৰাসায়নিক দ্ৰব্য সঠিক হাৰত , সঠিক সময়ত আৰু সঠিকভাৱে প্ৰয়োগ৷
  • বাগিচাখন সঘনাই পৰিদৰ্শন কৰি চাহ গছত কীট-পতঙ্গ আৰু বেমাৰৰ উপস্হিতি নিৰীক্ষণ কৰি থকা উচিত৷
  • চেকচনৰ কাষত সতৰ্কতাৰে জুই ধৰিও জেচিডৰ সংখ্যা কিছু পৰিমানে হ্ৰাস কৰিব পাৰি৷
  • ব্লিষ্টাৰ ব্লাইট, হেল’পেলটিচ আদিৰ আক্ৰমণ বেছি হ’লে চাহ গছবোৰ ‘ব্লেক প্লাকিং’ কৰিব আৰু তাৰ পাচতেই প্ৰয়োজনীয় ভেকুঁৰনাশক বা কীটনাশক দ্ৰব্য প্ৰয়োগ কৰিব৷
  • চাহ গছবোৰত সুষমভাৱে আৰু সময়মতে সাৰ প্ৰয়োগ কৰিব লাগে৷ মাটিত সহজলব্ধ (available) পটাচ আৰু ফচফেটৰ পৰিমাণ কমি গলে গছবোৰ হেল’পেল্টিছৰ দ্বাৰা বেচিকৈ আক্ৰান্ত হয়৷
  • বাগিচাডৰা অপতৃণ বা ঘাঁহবনৰ পৰা মুক্ত ৰাখিব লাগে৷
  • কীট-পতঙ্গ আৰু ইহঁতৰ আক্ৰমণৰ তীব্ৰতা লক্ষ্য কৰি গছবোৰ প্ৰয়োজন হ’লে কলম কৰিব৷ চাহ গছবোৰ ২-৩ বছৰ কলম নকাৰাকৈ ৰাখিলে কিছুমান কীট যেনে ৰঙা চাঁহি আদিৰ আক্ৰমণ বেচি হব পাৰে ৷
  • মাটিৰ পি. এইচ. (pH) যাতে সঠিকভাৱে (৪.৫-৫.৫) থাকে তাক লক্ষ্য ৰাখিব আৰু প্ৰয়োজন অনুসৰি ব্যৱস্হা গ্ৰহণ কৰিব৷
আৰু পঢ়ক- Eggs of the Sun Mango: বাংলাদেশত কৰা হৈছে বিশ্বৰ আটাইতকৈ দামী আমৰ খেতি 'সূর্যডিম'
English Summary: Most important facts for small tea Farmers

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.