1. এগ্ৰিপেডিয়া

গছৰ কলম দিয়া পদ্ধতিৰ বিষয়ে জানো আহক

KJ Staff
KJ Staff
How to Grow Fruits Tree
How to Grow Fruits Tree

সাধাৰনতে গছৰ বংশ বিস্তাৰ কৰাৰ বাবে কলম দিয়া হয় ৷ এনে কৰিলে সোনকালে গছত ফল ধৰে বুলি কোৱা হয় ৷ তাৰোপৰি কিছুমান এনে বহু গছ আছে যাৰ পুলি পোৱা নাযায়। সেয়েহে তেনেবোৰ গছৰ বংশ বিস্তাৰ বা আন ঠাইত ৰুব লগা হলে কলম দি ৰোৱা হয় ৷ কলম দিয়া পদ্ধতিৰ বহুতো নাম আছে। যেনেঃ স্পট লেয়াৰেজ, চাইনিজ লেয়াৰেজ, এয়াৰ লেয়াৰেজ, মাৰকাটেজ আদি কলম দিয়া পদ্দতি নিৰক্ষীয় তথা নাতিশীতোষ্ণ অঞ্চলৰ গছৰ বংশবিস্তাৰৰ বিশেষকৈ ফল গছৰ বংশ বিস্তাৰত ব্যৱহৃত হয়। কলম কৰাৰ কৌশল সহজ আৰু সফলতাৰ হাৰ বেছি কাৰণে ফল বংশ বিস্তাৰৰ কৌশল হিচাপে আমাৰ দেশত এটি সৰ্বাধিক ফলৰ বংশবিস্তাৰৰ কৌশল।

কলম কৰাৰ বাবে শাখা নিৰ্বাচন

মাটিৰ সমান্তৰাল অৱস্থান কৰা সাধাৰণতে ডাঙৰ গছৰ পূৰ্বৱতী ডালত কলম কৰা হয়। এক বছৰৰ অধিক বয়স্ক ডালত কলম কৰিলে শিপা অহাত সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ উপৰিও এইধৰণৰ শাখাত গুটিকলম কৰিলে পিছৰ জীৱনকালত ভাল ফল দিব নোৱাৰে। 

গছৰ ডালত পাত অপসাৰণ কৰি ঘূৰণীয়া আকৃতিৰ বাকলি তুলি পেলোৱা হয়। নিৰ্বাচিত শাখাৰ ওপৰভাগৰ পৰা ১৫-২৫ ছে.মি. জোখত বাকলি এৰুৱাই পেলোৱা হয় আৰু জোঙা কটাৰীৰে সেইজীয়া অংশখিনি ৰুকি দিয়া হয়।

কটা অংশৰ চাৰিওফালে ৰুটিং মিদিয়া দি ঢাকি দিয়া হৈছে তথা পানীৰ ধাৰণ নিশ্চিত কৰা হৈছে। কটা ঠাইখিনি সম্পূৰ্ণভাৱে ঢাকি শিপা মাধ্যমৰ (৫০% মাটি আৰু ৫০% পঁচা গোবৰৰ মিশ্ৰণ) স্থাপন কৰা হয়। বিশেষকৈ কটা অশসহ ওপৰৰ আৰু তলৰ বাকলিৰ সামান্য অংশ যেন মাটিৰ তললৈ থাকে সেইটো নিশ্চিত কৰিব লাগে।

শিপা মাধ্যমৰ সহায়ত ডালক পাতল পলিথিনেৰে বান্ধি দিয়া হৈছে। শিপা মাধ্যমৰ স্থাপনৰ সময়ত ইয়াৰ চাৰিওফালে ক’লা বা বগা পলিথিনৰ ছিট, মৰাপাটৰ ৰচি অথবা কাপোৰৰ ৰচিৰ জৰিয়তে দুইমূৰত ভালদৰে বান্ধি দিয়া হয় যাতে কোনো প্ৰকাৰে পিছলি নামি নাযায়। এই ব্যৱস্থাত পানী ধাৰণ নিশ্চিত হয়। ক’লা পলিথিনে শিপা ওলোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলেও বগা পলিথিন দিয়া দেখা যায় তথা সময়মতে কলম কটা দেখা যায়। মৰাপাটৰ ৰচিৰ ক্ষেত্ৰত শিপা ফাকেৰে বাহিৰলৈ ওলাই আহে আৰু তাৰ আগভাগ শুকাই বাদামী ৰং ধাৰণ কৰে। বহুদিনলৈ যদি শিপা নগজে বা নোলাই তেতিয়া কটা অংশত ৰুটিং হৰমন (IBA, NAA, Kinetin ইত্যাদি) প্ৰয়োগ কৰা হয়। 

উপযুক্ত কলম আৰু ৰোপনৰ সময়ঃ 

গ্ৰীষ্মকালৰ পৰা বৰ্ষাকালৰ শেষ পৰ্যন্ত কলম কৰাৰ উপযুক্ত সময়।

উপযোগী ফলসমূহঃ 

আম, লিচু, নেমু, মধুৰিআম, ডালিম, গুলাপ জাম আদিয়েই প্রধান ৷

উৎস - Facebook

English Summary: How to grow fruits tree from branch

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.