1. এগ্ৰিপেডিয়া

কপাহ খেতিৰ এই অপকাৰী কীটবোৰ প্রতিৰোধ কৰিবলৈ ICARৰ এইকেইটা পৰামর্শ গ্রহণ কৰক

KJ Staff
KJ Staff
Cotton Bollworm insects
Cotton Bollworm insects

     গোটেই ভাৰতত কপাহৰ মুখ্য অপকাৰী কীট হিচাপে গুলপীয়া বোলৱাৰ্ম (Pink Bollworm)ক জনা যায়। এই কীটটোৱে কপাহৰ বলটোত প্ৰৱেশ কৰে আৰু কপাহৰ ফুল আৰু বীজ বোৰ খায়, শস্যৰ যথেষ্ট ধ্বংস সৃষ্টি কৰে। এই কৃমিটোৱে মধ্যম পৰ্যায় আৰু পলম পৰ্যায়ত শস্যত উপদ্রৱ কৰে। এই কীটৰ উপদ্ৰৱ ইমান গুৰুতৰ যে ই দেশৰ মুখ্য বৰ্ধিত ৰাজ্যবোৰত কপাহৰ শস্যৰ বাবে এক ডাঙৰ ভাবুকি হৈ পৰিছে।

    এই কীট কপাহৰ বলৰ ভিতৰত প্ৰৱেশ কৰে, সেয়েহে ইয়াক বাহিৰৰ পৰা দেখা নাযায়। সেইবাবে ইয়াৰ সংক্ৰমণ চিনাক্ত কৰাটো কঠিন হৈ পৰে।  

    সাধাৰণতে ৰোপন কৰাৰ 45-60 দিন পিছত BT কপাহত গোলাপী বলৱাৰ্মৰ উপদ্ৰৱ দেখা যায়। এইটো যোৱা ২-৩ বছৰ ধৰি ভাৰতৰ মধ্য আৰু দক্ষিণ অংশত হৈ আছে। অৱশ্যে এই কীটৰ উপদ্ৰৱৰ তীব্ৰতা ৰাজ্যভেদে পৃথক।  

মনত ৰাখিব গুলপীয়া বোলৱাৰ্মে(Pink Bollworm) কপাহৰ শস্যৰ 92% লৈকে ধ্বংস কৰিব পাৰে।

আৰু পঢ়ক- গাহৰিৰ প্ৰজনন (Pig breeding System in assamese)

চিআইচিআৰ (CICR) পৰামৰ্শসমূহ  

  • যিকোনো ক্ষেত্ৰত জানুৱাৰী মাহৰ ভিতৰত কপাহৰ শস্য শেষ কৰক।  
  • কপাহৰ বতৰৰ যত্ন লওক। এপ্ৰিল আৰু মে মাহত কপাহ ৰোপন পৰিহাৰ কৰিব, কিয়নো এই মাহত গুলপীয়া বলৱাৰ্মৰ ঘটনা অধিক হ'ব পাৰে।  
  • আগৰ শস্যৰ সকলো টুকুৰা আঁতৰাওক, বিশেষকৈ সংক্ৰমিত বোলবোৰ ফিল্ডৰ পৰা আঁতৰাওক। খেতিপথাৰত সীমাত শস্যৰ শুকান ডালৰ স্তূপ তৈয়াৰ কৰা পৰিহাৰ কৰিব।  
  • যদি আপোনাৰ বিটি (BT) কপাহ আৰু অ-বিটি (None BT) কপাহৰ দুয়োটা বীজ আছে, তেন্তে অ-বিটি বীজ বোৰ কপাহ শস্য হিচাপে বনাওক। গোলাপী বলৱাৰ্মৰ সৈতে যুঁজ দিয়াৰ এইটো এটা উত্তম কাৰ্যকৰী উপায়।  
  • গুদামত সংক্ৰমিত আৰু দৃষিত কপাহৰ বোল সংগ্ৰহ নকৰিব।
  • বিখ্যাত বোলগাৰ্ড 2 আৰু অন্যান্য উন্নত প্ৰকাৰৰ কপাহৰ বীজ আনক আৰু সেইবোৰ ৰোৱক৷  
  • F2 বীজ ব্যৱহাৰ কৰা পৰিহাৰ কৰিব।
  • গুলপীয়া বলৱাৰ্মৰ জীৱন চক্ৰ ভাঙিবলৈ শস্যঘূৰ্ণন প্রক্রিয়া কৌশল অৱলম্বন কৰক। 
  • গোলাপী বলৱাৰ্ম কীটৰ কাৰ্যকলাপ প্ৰতিহত কৰিবলৈ, কপাহৰ বীজ ৰোপন কৰাৰ 45 দিন পিছত প্ৰতি হেক্টৰ 5 টা হাৰত ফেৰোমন ব্যৱহাৰ কৰক।  
  • ৰোৱাৰ কৰাৰ 60 দিন পিছত, নিম বীজৰ মিশ্ৰণ 5% + নিম তেলৰ সৈতে স্প্ৰে কৰক।  
  • উপলব্ধতাৰ ওপৰত ভিত্তি কৰি, অক্টোবৰ আৰু ডিচেম্বৰ মাহৰ মাজত তিনি সপ্তাহৰ ব্যৱধানত জৈৱিক ট্ৰিকোগ্ৰামা বেক্টেৰি 60,000/একৰ হাৰত ব্যৱহাৰ কৰক। 
  • কেৱল স্বীকৃতি প্রাপ্ত প্রতিষ্ঠানৰ পৰা কীটনাশক ক্রয় কৰক

কপাহৰ গুলপীয়া বলৱাৰ্ম প্রতিৰোধ কৰিবলৈ অনুমোদিত কীটনাশক

1.ছেপ্টেম্বৰ মাহত কুইনালফছ 20% AF (Quinalphos 20% AF)নামৰ কীটনাশক প্ৰতি 10 লিটাৰ পানীৰ পৰিমাণত 20mg মিহলাই প্রয়োগ কৰিব পাৰে।

আৰুছেপ্টেম্বৰ মাহত থিওডিকাৰ্ব 75% WP (Thiodicarb 75% WP) নামৰ কীটনাশক প্ৰতি 10 লিটাৰ পানীৰ পৰিমাণত 20g মিহলাই প্রয়োগ কৰিব পাৰে।

2. অক্টোবৰ মাহত ক্লৰপাইৰিফছ 20% EC (Chlorpyriphos 20% EC) নামৰ কীটনাশক প্ৰতি 10 লিটাৰ পানীৰ পৰিমাণত 25mg মিহলাই প্রয়োগ কৰিব পাৰে।

আৰু অক্টোবৰ মাহত থিওডিকাৰ্ব 75% WP (Thiodicarb 75% WP) নামৰ কীটনাশক প্ৰতি 10 লিটাৰ পানীৰ পৰিমাণত 20g মিহলাই প্রয়োগ কৰিব পাৰে।

3. নৱেম্বৰ মাহত ফেনভেলেৰেট 20% EC (Fenvalerate 20% EC) নামৰ কীটনাশক প্ৰতি 10 লিটাৰ পানীৰ পৰিমাণত 10mg মিহলাই প্রয়োগ কৰিব পাৰে।

আৰু নৱেম্বৰ মাহত Cypermethrin 10% EC নামৰ কীটনাশক প্ৰতি 10 লিটাৰ পানীৰ পৰিমাণত 10mg মিহলাই প্রয়োগ কৰিব পাৰে।

টোকা: পাৱাৰ স্প্ৰেৰ বাবে, কীটনাশকৰ পৰিমাণৰ 3 গুণ লওক।  

   উল্লেখ যোগ্য যে CICR (কেন্দ্ৰীয় কপাহ গৱেষণা প্ৰতিষ্ঠান) হৈছে ICAR (ভাৰতীয় কৃষি গৱেষণা পৰিষদ) স্থাপন কৰা এটা গৱেষণা প্ৰতিষ্ঠান। ইয়াৰ চৌহদ চিৰচা (Sirsa) হাৰিয়ানা আৰু নাগপুৰ (মহাৰাষ্ট্রত) অৱস্থিত।

আৰু পঢ়ক- আপুনি জানেনে ধান খেৰত ইউৰিয়া প্ৰয়োগ কৰি উৎকৃষ্টমানৰ পশুখাদ্য প্ৰস্তুত কৰিব পাৰি?

English Summary: how to fight pink bollworm in cotton follow these 14 icar cicr recommendations

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.