1. এগ্ৰিপেডিয়া

ব্যৱসায়িক ভিত্তিত কৰা ফুলৰ অনিষ্টকাৰী কেইবিধমান কীটপতংগ আৰু নিয়ন্ত্রণৰ উপায়

KJ Staff
KJ Staff
Flowers pests
Flowers pests

(১) গ্লেডিঅ’লাছঃ

 অসমত ব্যৱসায়িক ভিত্তিত কৰিব পৰা ফুলৰ ভিতৰত গ্লেডিঅ'লাছ অন্যতম। এই ফুলৰ আন এটা নাম শর্ড লিলি (Sword lily)। অসমৰ মাটি আৰু পৰিৱেশ এই ফুলৰ খেতিৰ বাবে উপযােগী। এই ফুলৰ বিভিন্ন ৰং, যেনে- বগা, বেঙুনীয়া, ৰঙা আৰু কমলাই মানুহক আকর্ষিত কৰে। সাধাৰণতে এই ফুলক বিভিন্নধৰণৰ কটি-পতংগ, যেনে— মােৱা পােক, শাহনী পােক, ভুৰ পােক আৰু পাতৰ চাহীয়ে অনিষ্ট সাধন কৰে। কীট- -পতংগসমূহৰ আক্ৰমণৰ ফলত ফুলৰ ৰঙৰ উজ্জ্বলতা হ্রাস পায় বা ফুল নুফুলিবও পাৰে।

(ক) মােৱা পােকঃ মােৱা পােকে ফুল গছৰ কোমলীয়া পাতৰ ৰস শুহি খায় আৰু আক্ৰমণৰ মাত্রা বেছি হ'লে পাতবিলাক ওপৰৰ ফালৰ পৰা শুকাই আহে। এই পােকে সাধাৰণতে ভাইৰাছজনিত ৰােগসমূহৰ প্রধান বাহক হিচাপে কাম কৰে।

প্রতিকাৰঃ মিথাইল পেৰাথিয়ন ৫০ ই চি নতুবা মালাথিয়ন ৫০ ই চি ১ মিলিলিটাৰ ১ লিটাৰ পানীত (এক চাহ চামুচ ঔষধ ৫ লিটাৰ পানীত) ভালদৰে মিহলাই এসপ্তাহ অন্তৰে অন্তৰে তিনিবাৰ গছত প্ৰয়ােগ কৰিব লাগে।

(খ) শােহনী পােক- শােহনী পােকে ফুল, ফুলৰ ঠাৰি আৰু কোমলীয়া পাতৰ ৰস শুহি খায়। আক্ৰমণৰ মাত্রা বেছি হ'লে ফুলবিলাক কোঁচ খাই পৰে, ফুলৰ ঠাৰি ভাল শুকাই যায় আৰু বগা বৰণৰ হৈ পৰে। এই পােকক নিয়ন্ত্রণ কৰিবলৈ মােৱা পােকৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ দিয়া ঔষধকে ব্যৱহাৰ কৰিব পাৰি।

(গ) ভূৰ পােকঃ ভুৰ পােকে সাধাৰণতে ফুলগছজোপাৰ গুৰিটো কাটি দিয়ে। দিনৰ ভাগত এই পােকৰ পলুবিলাক মাটিৰ তলত লুকাই থাকে আৰু সন্ধ্যা সময়ত মাটিৰ তলৰ পৰা ওলাই আহি গছক আক্রমণ কৰে। কেতিয়াবা ভুৰ পােকৰ পলুৱে কোমলীয়া ফুলগছৰ পাতবিলাকো খায়।

আৰু পঢ়ক- গন্ধা ফুলৰ খেতি কৰি স্বাৱলম্বী হও আহক (know all about the Marigold Cultivation)

(ঘ) পাতৰ চাহী - এই পােকে পাতৰ ৰস শুহি খায় আৰু ফলস্বৰূপে পাতত সৰু সৰু বগা দাগ দেখা যায়। অনিষ্ট কৰা পাতসমুহ মেটুৰা-মেটুৰি হৈ সৰু হৈ পৰে। আক্রমণ বেছি হ'লে দুখন বা তিনিখন পাত লগ লগাই জালেৰে আবৃত কৰি পেলায়। চাহীৰ আক্ৰমণত গছৰ বাঢ়ন ক্ষমতা কমি আহে। সাধাৰণতে ছাঁ পৰি থকা মাটিত গ্রেডিঅ'লাছৰ খেতি কৰিলে চাহীৰ আক্রমণ বেছি হয়।

প্রতিকাৰঃ ডাইক'ফল ৫ ই চি নতুবা ইথিয়ন ৫০ ই চি ১ মিলিলিটাৰ ১ লিটাৰ পানীত (১ চাহ চামুচ ঔষধ ৫ লিটাৰ পানীত) ভালদৰে মিহলাই এসপ্তাহৰ অন্তৰে অন্তৰে গছত প্রয়ােগ কৰিব লাগে।

(ঙ) ফুল কুটা পখিলা - এই পখিলাৰ পলুৰবাৰে ফুলৰ পাহিবিলাক কুটি খায়। দিনৰ ভাগতকৈ ৰাতিৰ ফালেহে এই পােকে ফুলগছক আক্রমণ কৰে।

প্রতিকাৰঃ এণ্ড' ছালফান ৩৫ ই চি শক্তিযুক্ত ঔষধ ২

মিলিলিটাৰ ১ লিটাৰ পানীত (২ চাহ চামুচ ঔষধ ৫ লিটাৰ পানীত) মিহলাই গছত প্ৰয়ােগ কৰিব লাগে।

 

(২) ইন্দ্ৰমালতী 

 জনপ্রিয় ফুলৰ ভিতৰত গােলাপ আৰু ইন্দ্ৰমালতী ফুল অন্যতম। অসমৰ মাটি আৰু পৰিৱেশ ইন্দ্ৰমালতী ফুল খেতিৰ বাবে উপযােগী। ইন্দ্ৰমালতী ফুলকো বিভিন্ন ধৰণৰ কীট-পতংগই আক্ৰমণ কৰি ফুলৰ গুণাগুণ যথেষ্ট পৰিমাণে হ্রাস কৰে।

(ক) মােৱা পােক- এই পােকে গছৰ কোমলীয়া পাত, ফুলৰ কলি আৰু ঠাৰি আক্ৰমণ কৰে। ফুলৰ কলি আৰু ঠাৰিৰ পৰা ৰস শুহি খােৱাৰ বাবে এইবিলাক লেৰেলি শুকাই যায়। আনহাতে মােৱা পােকে মৌ জাতীয় ৰস ফুলৰ ঠাৰিবিলাকত নিঃসৰণ কৰে আৰু ইয়াৰ ওপৰত ক'লা ভেঁকুৰ জাতীয় পদার্থৰ সৃষ্টি হয়। ফলস্বৰূপে গছৰ সালােক সংশ্লেষণ প্রক্রিয়া বাধাপ্রাপ্ত হৈ গছৰ বাঢ়ন ক্ষমতা কমি যায়।

আৰু পঢ়ক- সূৰ্য্যমুখী ফুলৰ খেতিৰে স্বাৱলম্বী হও আহক

প্রতিকাৰঃ গ্লেডিঅ'লাছ ফুলৰ দৰে একে। ইয়াৰ উপৰি ধপাতৰ মিশ্রণে গছত স্প্রে কৰিব পাৰি। ধপাতৰ মিশ্ৰণ প্ৰস্তুত কৰা প্রণালী ৫০০ গ্রাম ধপাত ১ লিটাৰ পানীত ২৪ ঘণ্টাৰ বাবে ডুবাই থ'ব লাগে। ২৪ ঘণ্টাৰ পাছত ধপাত আৰু পানীৰ মিশ্রণ ভালদৰে চেকি লৈ তাৰ লগত ১০ গ্রাম কাপােৰ ধোৱা চাবােন ভালদৰে মিহলাব লাগে। এতিয়া প্রয়ােগ কৰাৰ আগতে উক্ত মিশ্রণ ৫-৬ লিটাৰ পানীৰ লগত মিহলাই ল'ব লাগে।

(খ) বিছা পােক- বিছা পােকৰ পলুৱে ইন্দ্ৰমালতীৰ পাতবিলাক এফালৰ পৰা খাই যায় আৰু আধাখােৱা পাতবিলাক ক্রমান্বয়ে শুকাই যায়।

(গ) শােহনী পােক- ওকণীৰ দৰে এই ক্ষুদ্র পােকে ফুলগছৰ কোমলীয়া আগবিলাকৰ পৰা ৰস শুহি খােৱাৰ ফলত গছৰ আগ শুকাই যায়। প্রতিকাৰ ওপৰত উল্লেখিত মােৱা পােকৰ সৈতে একে।

(ঘ) পাত সুৰংগী পােক- সাধাৰণতে গ্রীণ হাউছত কৰিবলৈ লােৱা ইন্দ্ৰমালতী ফুলত এই পােকৰ আক্রমণ বেছিকৈ দেখা যায়। এই পােকে পাতৰ দুয়াে পিঠিৰ মাজত সুৰংগ কৰি ভিতৰৰ অংশ খায়।

প্রতিকাৰঃ বিছা পােকৰ সৈতে একে।

 

(৪) নার্জীফুলঃ

অসমত লাভজনকভাৱে খেতি কৰিব পৰা এবিধ ফুল হৈছে নার্জীফল। এইবিধ ফুলৰ কৃষিকাল কমদিনীয়া হােৱাৰ বাবে অতি সহজতে এই ফুলৰ খেতি কৰিব পাৰি। নার্জী ফুলক অনিষ্ট কৰা বিভিন্ন ধৰণৰ কীট-পতংগসমূহ হ'ল ৰঙা চাহী, পাতখােৱা পখিলা, শােহী পােক আৰু ফুলবিন্ধা পােক।

প্রতিকাৰঃ ৰঙা চাহীৰ বাহিৰে কেওবিধ পােক নিয়ন্ত্রণ কৰিবলৈ ৰাসায়নিক ঔষধৰ ভিতৰত ক্ল’পাইৰিফছ ২০ ই চি বা এণ্ড' ছালফান ৩৫ ই চিৰ ২ মিলিলিটাৰ প্ৰতিলিটাৰ পানীত (২ চাহ চামুচ ৫ লিটাৰ পানীত) মিহলাই গছত প্ৰয়ােগ কৰিব লাগে।

প্রথমবাৰ ঔষধ প্রয়ােগ কৰাৰ ১০ দিনৰ পাছত পুনৰ দ্বিতীয়বাৰ প্রয়ােগ কৰিব লাগে। ৰঙা চাহীৰ ক্ষেত্ৰত ডাইকফল ৫ ই চি ঔষধ ২ মিলিলিটাৰ ১ লিটাৰ পানীত (২ চাহ চামুচ ৫ লিটাৰ পানীত) মিহলাই প্রয়ােগ কৰিব লাগে। এইক্ষেত্ৰত প্ৰথমবাৰ প্ৰয়ােগ কৰাৰ ১০ দিনৰ পাছত পুনৰ দ্বিতীয়বাৰ প্ৰয়ােগ কৰিব লাগে। 

ড০ দিলীপ শইকীয়া

আৰু পঢ়ক- আধুনিক পদ্ধতিত ৰজনীগন্ধা ফুলৰ খেতি (Rajani Gandha flower cultivation)

English Summary: Flower pests and it's control

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.