1. এগ্ৰিপেডিয়া

গুটিকালাম কেনেদৰে কৰিব লাগে? ইয়াৰ লাভালাভবোৰ কি কি (Effective Way to grafting fruits Trees)

KJ Staff
KJ Staff
Best method to grafting fruits trees
Best method to grafting fruits trees

    গুটিকালাম নাতিশীতোষ্ণ অঞ্চলত গছৰ বংশবিস্তাৰৰ বাবে ব্যৱহাৰ কৰা হয়৷ বিশেষকৈ ফলৰগছ যেনে- লিচু, মধুৰিআম, নেমু টেঙা, আম, ডালিম, কৰমচা, গোলাপজামু, জলফাই, কামিনী ফুল ইত্যাদি।

গুটিকলমৰ সুবিধাবোৰ হৈছে -

ক) ই এক সহজ পদ্ধতি আৰু ইয়াৰ বাবে বহুত বেছি জ্ঞানৰ প্ৰয়োজন নাই।

খ) কম সময়ৰ ভিতৰতে যথেষ্ট সংখ্যক গছপুলি উৎপাদন কৰিব পাৰি।

গ) এইকলমৰ জৰিয়তে বংশ বিস্তাৰ কৰা পুলিয়ে কম সময়তে ফল দিয়ে।

ঘ) যিবোৰ প্ৰজাতিৰ ফলৰ গছ সহজে শিপা বৃদ্ধি নকৰে, এই পদ্ধতিৰ যোগেদি সফল হ'ব পাৰে।

গুটিকলমৰ পদক্ষেপ (Steps to grafting fruits trees) -

পদক্ষেপ 1. শাখা বাছনি কৰক, য'ত গুটিকলম কৰা হ'ব।

পদক্ষেপ 2. পাতবোৰ আঁতৰ কৰক আৰু বৃত্তকাৰে অর্থাৎ ডালটোৰ চাৰিওকাষৰ বাকলিটো আঁতৰ কৰক।

পদক্ষেপ 3. কটা অংশৰ চাৰিওফালে ৰুটিং মেডিয়াম (rooting medium)ৰ প্রয়োজনীয় উপাদানবোৰ লেপি দিয়ক আৰু লগতে অলপ পানী দিব। 

পদক্ষেপ 4. ইয়াৰ পিছত ৰুটিং মেডিয়াম (rooting medium) সহ ডালটো পাতল স্বচ্ছ পলিথিনেৰে মেৰিয়াই দিব লাগে।

পদক্ষেপ 5. কিছুদিন পিছত লাহে লাহে শিপা ওলোৱা আৰম্ভ কৰিব। এনেদৰে সহজে গুটিকলম আমি দিব পাৰো।

আৰু পঢ়ক- HAV S1: অত্যাধুনিক প্রযুক্তিৰ ভাৰতৰ প্ৰথম স্বয়ংক্ৰিয় হাইব্ৰিড ট্ৰেক্টৰ মুকলি, যিয়ে বর্তমানৰ তুলনাত 50% লৈকে ইন্ধন ৰাহি কৰিব পাৰে

গুটি কলম সাধাৰণতে -

ক) এইটো মাটিৰ সমান্তৰাল ডালত কৰা হয়।

খ) বাছনি কৰা গছবোৰ 6-12 মাহ পুৰণি হ'ব লাগে।

গ) ডালটো পেঞ্চিলৰ দৰে ডাঠ হ'ব লাগে, গছৰ দক্ষিণ পূব ফালে থকা ডাল থাকিলে ভাল। বাছনি কৰা শাখাটোৰ মুৰৰ পৰা 30-40 চেমি তলৰ কেইটামান পাত আঁতৰাব লাগিব আৰু বাকলি দুটা পৰ্যায়ৰ মাজৰ পৰা 4-5 চেমি বৃত্তত চোকা চুৰিৰে আঁতৰাব লাগে। কটা ঠাইৰ সেউজীয়া আৱৰণটো চুৰিৰ বুকুৰ মাজেৰে আঁতৰাব লাগিব। তেনে কৰিলে ই কেম্বিয়াম যোগসূত্র সংযোগহীন কৰিব। 

    সহজে শিপা বৃদ্ধি নকৰা প্ৰজাতিৰ কলমৰ ক্ষেত্ৰত অংশ বোৰ কটাবলৈ প্ৰায়ে ৰুটিং হৰমন (IBA, NAA, Kinetin ইত্যাদি) প্ৰয়োগ কৰা হয়। বহাগ - আহাৰ মাহ হৈছে গুটি কলম কৰাৰ সঠিক সময়। গুটি কলমত শিপা বিকশিত হ'বলৈ এক সপ্তাহৰ পৰা কেইমাহমান সময় লাগে। শিপাৰ ৰং প্ৰথমতে বগা হয়, লাহে লাহে ৰং সলনি হয়। যদি শিপাৰ ৰং মুগা হয়, ইয়াক মাতৃ গছৰ পৰা 2ৰ পৰা 3 ৰাউণ্ডত কাটি ৰোপণ কৰিব লাগে। যেনে- লিচু, নেমু, মধুৰিআম, ডালিম, জলফাই, গোলাপ, আম ইত্যাদি।

আৰু পঢ়ক- ধান খেতিত কেনেকৈ অধিক লাভ অৰ্জন কৰিব পাৰি? (Increase production of Rice Farming )

লিচু গছৰ গুটি কলম কৰাৰ পদ্ধতি: effective way to grafting litchy tree)

1. গুটি কলম কৰাৰ সঠিক সময় হৈছে বৰষুণৰ বতৰ।গুটি কলমৰ বাবে, আপুনি 1-2 বছৰীয়া, সতেজ, সৰল, স্বাস্থ্যৱান, পেঞ্চিলৰ দৰে ডাঠ ডাল এটা বাছনি কৰিব লাগিব।

2. বাছনি কৰা ডাল আগটোৰ পৰা 40-50 চেমি দীঘল গাঁঠিৰ ঠিক তলত 3-4 চে:মি বৃত্তাকাৰত চোকা চুৰিৰে ছালখিনি আঁতৰাওক।

3. তাৰ পিছত মাটিৰ সৈতে মিহলি কৰা জৈৱিক সাৰ (আঠালেটিয়া মাটিৰ 3% আৰু কেঁচা গোবৰ বা পচা পাতৰ 1%) মিহলি কৰক আৰু এটা মিশ্রন বনাওক। এতিয়া কটা অংশটো এই মিশ্রনখিনিৰে সমানে ঢাকি ৰাখিব লাগে।

4. ঢাকি দিয়াৰ পিছত, মাটিৰ বলটো 20 চেমি দীঘল আৰু বহল পলিথিনেৰে মেৰাই দিয়ক আৰু ইয়াক কপাহেৰে বান্ধি দিয়ক।

5. শিপা আহিবলৈ 2-3 মাহ লাগে। যদি শিপাৰ ৰং মুগা হয়, কলম দিয়া ডালটো কাটি পলিথিন আঁতৰ কৰাই লওক আৰু কেই সপ্তাহৰ বাবে ছাঁ এলেকাত ৰাখি উপযুক্ত স্থানত বা টাবত ৰোপণ কৰক।

গুটি কলমৰ কিছুমান অসুবিধাও আছে যেনে -

ক) এই পদ্ধতিটো বাণিজ্যিক ভিত্তিত কৰিলে অধিক ব্যয়বহুল হয় আৰু অতিৰিক্ত শ্ৰমৰ প্ৰয়োজন।

খ) এনেদৰে বংশ বিস্তাৰ কৰিবলৈ, অধিকসংখ্যক মাতৃ গছৰ প্ৰয়োজন।

     গতিকে এই ক্ষেত্রত কৃষকে সুবিধা আৰু অসুবিধা পর্যালোলোচনা কৰি এনেদৰে বংশবিস্তাৰ কৰা লাভজনক বুলি বিবেচনা কৰিলেহে এই পদ্ধতিটো অৱলম্বন কৰক।

    এনেধৰনৰ লিখনি পাবৰ বাবে আগলৈ আমাৰ ৱেবছাইটটো visit কৰি থাকিব।

আৰু পঢ়ক- আপুনি আপোনাৰ অঞ্চলত কেনেদৰে জৈৱিক সাৰৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। ইয়াৰ চাহিদা আৰু প্রয়োজনীয় তথ্য পাতিৰ বিষয়ে জানক
English Summary: effective way to grafting fruits trees litchy

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.