1. এগ্ৰিপেডিয়া

বিলাহীৰ খেতি অধিক উৎপাদনৰ বাবে কেনেকৈ কৰিব

KJ Staff
KJ Staff
Organic Tomato Cultivation
Organic Tomato Cultivation

বিলাহী হ'ল এবিধ জনপ্রিয় পাচলি। সমগ্র ভাৰততে সফলতাপূর্ণভাৱে উৎপাদন হয় বিলাহী।

বিলাহীত কার্বহাইড্রেট, ভিটামিন, কেলচিয়াম, আইৰন তথা প্ৰচুৰ পৰিমাণে খনিজ লৱণ থাকে।

ইয়াত আকৌ লাইকপিন নামৰ এবিধ পিগমেন্ট পােৱা যায়। এই পিগমেন্টবিধক বিশ্বৰ

সবাতােকৈ মহত্ত্বপূর্ণ এন্টিঅক্সিডেন্ট হিচাপে কোৱা হয়। এইবােৰৰ উপৰি কেৰটিন আৰু

ভিটামিন ' চিও যথেষ্ট মাত্রাত পােৱা যায় বিলাহীত।

বিলাহী খেতিৰ বাবে প্রয়ােজনীয় জলবায়ুঃ

জলবায়ুৱে বিলাহী উৎপাদনত যথেষ্ট অৰিহণা যােগায়। এইবিধ ফচলৰ বাবে আদর্শ তাপমান হ'ল

২০-২৫০ চেণ্টিগ্রেড। যদি তাপমান ইয়াতকৈ বেছি হয়, তেনেহ'লে ইয়াৰ ফুল আৰু কেঁচা

ফলবােৰ সৰিবলৈ আৰম্ভ কৰে। যদি তাপমান ১৩০তকৈ কম আৰু ৩৫০তকৈ বেছি হয়, তেতিয়া

পৰাগ ৰেণুৰ অংকুৰণ যথেষ্ট কম হয়। যদি বজাৰত বিলাহীৰ চাহিদা হ্রাস পায়, তেনেহ'লে

কিছুদিনৰ বাবে ইয়াক শীতল ভাণ্ডাৰত ৰাখিব পাৰি। যদি সামান্য কেঁচা ফল হয়, তেনেহ'লে

১২.৫০ চেন্টিগ্রেড তাপমানত ইয়াক ৩০ দিনলৈ ৰাখিব পাৰি আৰু যদি পকা ফল হয়, তেনেহ'লে

ইয়াক ৪ৰ পৰা ৪০ ডিগ্রী চেন্টিগ্রেড তাপমানত ১০ দিনলৈ ভালে ৰাখিব পাৰি।

বিলাহীৰ বাবে ভূমি তৈয়াৰঃ

বিলাহী খেতিৰ বাবে মাটিৰ পি এইচৰ মান ৬.০ৰ পৰা ৭.০লৈ হােৱা উচিত। এনেধৰণৰ মাটিত

যথেষ্ট পৰিমাণে বিলাহী উৎপাদন হয়। বিলাহীৰ পুলিবােৰ ৰােপণ কৰাৰ পূর্বে কৃষিভূমি ভালদৰে চহাই ল'ব লাগে।

বিলাহীৰ কেইটামান প্রজাতিঃ

স্বর্ণ নবীন এইবিধ বিলাহীৰ খেতি জুলাইৰ পৰা ছেপ্টেম্বৰ আৰু এপ্রিলৰ পৰা মে' মাহৰ ভিতৰত কৰিব পাৰি।

এইবিধ বিলাহীৰ প্রতি হেক্টৰত উৎপাদন ক্ষমতা হ'ল ৬০০ৰ পৰা ৭০০ কুইণ্টল। এইবিধ জাতৰ

বিলাহী জীৱাণুজনিত ৰােগৰ প্রতি সহনশীল।

স্বর্ণ লালিমাঃ

এইবিধ জাতৰ বিলাহীৰ খেতি জুলাইৰ পৰা ছেপ্টেম্বৰ আৰু ফেব্রুৱাৰীৰ পৰা এপ্রিলৰ ভিতৰত

কৰিব পাৰি। এইবিধ জাতৰ বিলাহী প্রতি হেক্টৰত উৎপাদন হয় ৬০০ৰ পৰা ৭০০ কুইণ্টল।

কাশী অমনঃ

প্রতি হেক্টৰ কৃষিভূমিত এইবিধ বিলাহী উৎপাদন হয় ৪০০ৰ পৰা ৬০০ কুইণ্টল। এইবিধ জাতৰ

বিলাহী বীজাণুজনিত পর্ণপুচন ৰােগৰ প্রতি সহনশীল।

কাশী বিশেষ

এইবিধ জাতৰ বিলাহী প্রতি হেক্টৰ কৃষিভূমিত উৎপাদন হয় ৪৫০ৰ পৰা ৬০০ কুইণ্টল। এইবিধ

জাতৰ বিলাহী বীজাণুজনিত পর্ণপুচন ৰােগৰ প্রতি সহনশীল।

বর্ণশংকৰ বিলাহীঃ

স্বর্ণবৈভৱঃ

এইবিধ জাতৰ বিলাহীৰ খেতি ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰৰ ভিতৰত কৰিব পাৰি। প্রতি হেক্টৰ

কৃষিভূমিত এইবিধ বিলাহী উৎপাদন হয় ৪০০ৰ পৰা ১০০০ কুইন্টল পর্যন্ত।

স্বর্ণসম্পদাঃ

এইবিধ জাতৰ বিলাহীৰ খেতি আগষ্টৰ পৰা ছেপ্টেম্বৰ অথবা ফেব্রুৱাৰীৰ পৰা মে' মাহৰ ভিতৰত

কৰিব পাৰি। প্রতি হেক্টৰ কৃষিভূমিত এইবিধ জাতৰ বিলাহী উৎপাদন হয় ৫০০ৰ পৰা ১০০০

কুইণ্টল।

কাশী অভিমান

প্রতি হেক্টৰ কৃষিভূমিত এইবিধ জাতৰ বিলাহী উৎপাদন হয় ৭৫০ৰ পৰা ৮০০ কুইণ্টল।

সাৰ প্রয়ােগঃ

বিলাহীৰ কৃষিভূমিত সদায় মাটিৰ আধাৰতহে সাৰ প্ৰয়ােগ কৰিব লাগে। সাধাৰণতে ২০০ৰ পৰা

২৫০ কুইন্টল গােবৰ বা কম্প'ষ্ট সাৰৰ সৈতে ২০০ৰ পৰা ২৫০ কিলােগ্রাম নাইট্ৰ'জেন, ৭০ৰ পৰা

৮০ কিলােগ্রাম সফুৰ আৰু ৫০ৰ পৰা ৬০ কিলােগ্রাম পটাছ ব্যৱহাৰ কৰিব লাগে। নাইট্ৰ'জেনৰ

এক তৃতীয়াংশ বা সম্পূর্ণ সফুৰ বা পটাছ বিলাহী ৰােপণৰ আগতে ব্যৱহাৰ কৰিব লাগে।

নাইট্ৰ'জেনৰ বাকীখিনি দুভাগ কৰি ২৫-৩০ দিন আৰু ৪৫-৫০ দিনৰ ভিতৰত ব্যৱহাৰ কৰিব লাগে।

বীজৰ মাত্রাঃ

এক হেক্টৰ কৃষিভূমিৰ বাবে সাধাৰণ বা সংকৰণ দুই বিধৰে ক্ৰমে ৩৫০ৰ পৰা ৪০০ গ্রাম আৰু

২০০ৰ পৰা ২৫০ গ্রাম বীজৰ প্রয়ােজন হয়।

বীজ ৰােপণৰ সময়ঃ

সাধাৰণতে বিলাহীৰ খেতি গােটেই বছৰটোতে কৰিব পাৰি। শৰৎ কালত জুলাইৰ ৰা ছেপ্টেম্বৰ

আৰু গ্ৰীষ্মকালত নৱেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰত কৰিব পাৰি।

বিলাহীৰ পুলি কেনেকৈ সাজু কৰিবঃ

স্বাস্থ্যৱান বিলাহীৰ পুলি ৰােপণৰ বাবে সাজু কৰিবলৈ হ'লে ২০ গ্রাম ডায়মেনিয়াম ফছফেট আৰু

১.৪ৰ প্ৰা ২ কিলােগ্রাম গােবৰ প্রতি বর্গমিটাৰত ব্যৱহাৰ কৰিব লাগে। সেই পুলিবােৰত ৪-৬টা

পাত ওলালে আৰু ২০ৰ পৰা ২৫ চেণ্টিমিটাৰ ওখ হ'লে বুজিব লাগিব যে সেই পুলিবােৰ ৰােপণৰ

বাবে সাজু হৈ উঠিছে। পুলিবােৰ ৰােপণৰ পাছত ৩-৪ দিনলৈ পুলিবােৰত পানী দিয়া উচিত। এই

বিলাহীৰ পুলিবােৰৰ পৰা অধিক উৎপাদনৰ বাবে ওচৰে-পাঁজৰে থকা অপতৃণবােৰ মাজে মাজে

নিৰাই দিব লাগে। তেতিয়া সেই বিলাহী গছবােৰৰ পৰা অধিক উৎপাদন আশা কৰিব পাৰি।

বৈজ্ঞানিক কৃষি পদ্ধতিৰে কাঠফুলাৰ খেতি কৰি কেনেকৈ অধিক উৎপাদন কৰিব পাৰি -

English Summary: all the details to know about the organic tomato cultivation

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.